শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জোনবিল মেলাৰ পৰা কাশ্মীৰত সেনা জোৱানৰ মৃত্যুলৈ, দিনটোৰ শীৰ্ষ খবৰ

জোনবিল মেলাৰ পৰা কাশ্মীৰত সেনা জোৱানৰ মৃত্যুলৈ, দিনটোৰ শীৰ্ষ খবৰ

Monjit Dutta
Monjit Dutta | Published: 22 Jan 2026 23:36 PM

জোনবিলৰ পাৰত আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। পাহাৰ আৰু ভৈয়ামৰ জনজাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা কঢ়িওৱা এই মেলালৈ অগণন লোকৰ সোঁত বৈছে।

এফালে জম্মু-কাশ্মীৰৰ ডোডাত এক শোকাৱহ পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে। সেনা কঢ়িয়াই নিয়া এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় ২০০ ফুট দ খাৱৈত বাগৰি পৰাৰ ফলত ১০ জনকৈ জোৱানে প্ৰাণ হেৰুৱায়। এই ঘটনাত আন ১০ জন জোৱান গুৰুতৰভাৱে আহত হৈছে। উদ্ধাৰকাৰী দলে ইতিমধ্যে জোৱানসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। মৰিগাঁও জিলাৰ জোনবিলৰ পাৰত আজিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক জোনবিল মেলা। পাহাৰ আৰু ভৈয়ামৰ জনজাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা কঢ়িওৱা এই মেলালৈ অগণন লোকৰ সোঁত বৈছে।

মেলাস্থলীত বিভিন্ন থলুৱা সামগ্ৰীৰ প্ৰদৰ্শনীৰ লগতে কাইলৈ অনুষ্ঠিত হ’ব মেলাৰ মূল আকৰ্ষণ পৰম্পৰাগত ‘বিনিময় প্ৰথা’ (Barter System)। য’ত টকা-পইচাৰ অবিহনে সামগ্ৰীৰ সাল-সলনিৰে কেইবা শতিকা পুৰণি ঐতিহ্য ৰক্ষা কৰা হ’ব। থোৰতে চাওক দিনটোৰ আন কিছু গুৰুত্বপূৰ্ণ খবৰ…