EPFO- ত ঘটিব বৃহৎ পৰিৱৰ্তন, সুবিধাজনক হ’বনে আপোনাৰ বাবে!
এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচনে (EPFO) শীঘ্ৰেই মুকলি কৰিব ইপিএফঅ’ ৩.০। এই নতুন ডিজিটেল উন্নীতকৰণে অৱসৰকালীন পুঁজি ব্যৱস্থাটোত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব।
দেশৰ কোটি কোটি শ্ৰমিকৰ সামাজিক সুৰক্ষা অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে এম্প্লয়িজ প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেচনে (EPFO) শীঘ্ৰেই মুকলি কৰিব ইপিএফঅ’ ৩.০। এই নতুন ডিজিটেল উন্নীতকৰণে অৱসৰকালীন পুঁজি ব্যৱস্থাটোত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব। আধুনিক ‘ক’ৰ বেংকিং’ ছফ্টৱেৰৰ দৰে কেন্দ্ৰীভূত গাঁথনিৰ বাবে এতিয়াৰে পৰা যিকোনো কাৰ্যালয়ৰ জৰিয়তে সদস্যসকলে দ্ৰুত সেৱা লাভ কৰিব। প্ৰায় ৮ কোটি সক্ৰিয় সদস্যৰ ২৮ লাখ কোটি টকাৰ পুঁজি পৰিচালনা কৰা এই সংস্থাই ভৱিষ্যতে অসংগঠিত খণ্ডৰ শ্ৰমিকসকলকো সামৰি লোৱাৰ পৰিকল্পনা কৰিছে।
বিশেষকৈ আঞ্চলিক ভাষাৰ সমৰ্থন থকা AI-ভিত্তিক সেৱা আৰু ভীম (BHIM) এপৰ জৰিয়তে UPI ভিত্তিক ধন উলিওৱাৰ ব্যৱস্থাই ইয়াক অধিক ব্যৱহাৰকাৰী-অনুকূল কৰি তুলিব। চমুতে, ইপিএফঅ’ ৩.০-এ আধুনিক প্ৰযুক্তিৰ সহায়ত গ্ৰাহকৰ দাবী নিষ্পত্তি আৰু পেঞ্চন লাভৰ প্ৰক্ৰিয়াটো আগতকৈ বহুগুণে সৰল তথা স্বচ্ছ কৰি তুলিব।
ক্ৰেডিট স্ক’ৰৰ ক্ষেত্ৰত RBIৰ নতুন নীতি, ঋণ গ্ৰহণত আহিব নেকি বাধা!
জোনবিল মেলাৰ পৰা কাশ্মীৰত সেনা জোৱানৰ মৃত্যুলৈ, দিনটোৰ শীৰ্ষ খবৰ
EPFO- ত ঘটিব বৃহৎ পৰিৱৰ্তন, সুবিধাজনক হ’বনে আপোনাৰ বাবে!
ভাৰতৰ অৰ্থনীতি ধ্বংস কৰিবলৈ কিমান তললৈ নামিছিল পাকিস্তান?
