বিহাৰ নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ সাজু, কি কি প্ৰতিশ্ৰুতি দিব গেৰুৱা বাহিনীয়ে?
Bihar Election 2025: আজি পাটনাত বিজেপিৰ ইস্তাহাৰ সমিতিৰ বৈঠকত এই সন্দৰ্ভত আলোচনা হ’ব। এই বৈঠকত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ বিষয় আৰু প্ৰতিশ্ৰুতি চূড়ান্ত কৰা হ’ব।
বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে ৰাজনৈতিক দলসমূহে। ইয়াৰ মাজতে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ চূড়ান্ত কৰা হৈছে। আজি পাটনাত বিজেপিৰ ইস্তাহাৰ সমিতিৰ বৈঠকত এই সন্দৰ্ভত আলোচনা হ’ব। এই বৈঠকত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ বিষয় আৰু প্ৰতিশ্ৰুতি চূড়ান্ত কৰা হ’ব।
এই বৈঠকত ইস্তাহাৰ প্ৰকাশৰ তাৰিখো নিৰ্ধাৰণ কৰা হ’ব। সূত্ৰৰ পৰা জানিব পৰা মতে, ৩০ অক্টোবৰত বিজেপিৰ ইস্তাহাৰ প্ৰকাশ পাব পাৰে। এই ইস্তাহাৰ মুকলি কৰিব পাৰে গৃহমন্ত্ৰী অমিত শ্বাহে। ইয়াৰ উপৰিও এন ডি এৰ শাসনৰ বাবে উমৈহতীয়া এজেণ্ডাও প্ৰস্তুত কৰা হৈছে।
কি বিষয়ত গুৰুত্ব দিয়া হ’ব?
ইয়াত এন ডি এৰ সকলো মিত্ৰ দলৰ ইস্তাহাৰৰ মূল বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হ’ব। বিহাৰক শৈক্ষিক আৰু উদ্যোগিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত গুৰুত্ব দিয়া হ’ব। যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন প্ৰদানৰ বাবে কেইবাখনো ডাঙৰ আঁচনিৰ ঘোষণা হ’ব পাৰে। ২৪৩ জনীয়া বিহাৰ বিধানসভাৰ নিৰ্বাচন অহা ৬ আৰু ১১ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। ১৪ নৱেম্বৰত ভোটগণনা হ’ব। বিজেপিয়ে ১০১খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে।
কেতিয়া প্ৰকাশ পাব ইণ্ডিয়া মিত্ৰজোঁটৰ ইস্তাহাৰ?
আজি অৰ্থাৎ মঙলবাৰে প্ৰকাশ কৰিব বিৰোধী ইণ্ডিয়া এলায়েন্সৰ ইস্তাহাৰ। বুধবাৰৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে প্ৰচাৰ আৰম্ভ কৰিব, তাৰ এদিন পূৰ্বে মহাজোটবন্ধনৰ ইস্তাহাৰ প্ৰকাশ পাব। ইস্তাহাৰ প্ৰকাশৰ সময়ত সংখ্যালঘু সম্প্ৰদায়ৰ এজন নেতাক উপ-মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়াকে ধৰি আন গুৰুত্বপূৰ্ণ ৰাজনৈতিক ঘোষণাও হ’ব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।
তেজস্বী যাদৱক যেতিয়া মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছিল, তেতিয়া বিকাশশীল ইনছান পাৰ্টিৰ মুৰব্বী মুকেশ সাহনীক উপ-মুখ্যমন্ত্ৰীৰ পদ দিব পৰা যাব বুলি খবৰ ওলাইছিল। শেহতীয়াকৈ তেজস্বী যাদৱে প্ৰতিটো পৰিয়ালৰ এজন সদস্যৰ বাবে চৰকাৰী চাকৰি নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও শাসকীয় দল আৰু জন সুৰজ পাৰ্টিৰ মুৰব্বী প্ৰশান্ত কিশোৰে ইয়াক নিৰ্বাচনী টোপ বুলি উলাই কৰে। অৱশ্যে এই প্ৰতিশ্ৰুতি কাৰ্যকৰী কৰিবলৈ বৈজ্ঞানিক অধ্যয়ন কৰা হৈছে বুলি দাবী কৰে তেজস্বী যাদৱে।