ছেইফ আলী খানৰ সম্পত্তিৰ আছে পাকিস্তানী সংযোগ! শত্ৰুৰ সম্পত্তিৰ সৈতে কি সম্পৰ্ক…
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শেহতীয়াকৈ আন এক খবৰ পোহৰলৈ আহিছে। বলীউড অভিনেতা ছেইফ আলী খানৰ সম্পত্তিৰ সংযোগ ওলাইছে পাকিস্তানৰ সৈতে।

ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজতে বলীউড অভিনেতা ছেইফ আলী খানৰ ওলাইছে পাকিস্তানৰ সৈতে সম্পৰ্ক। শেহতীয়াকৈ ছেইফ আলী খানৰ তিনি কোটিৰ সম্পত্তি সন্দৰ্ভত নতুন তথ্য পোহৰলৈ আহিছে। তেওঁৰ তিনিটা স্থানত থকা সম্পত্তি শত্ৰু সম্পত্তিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ভিতৰত তেওঁৰ সম্পত্তি আছে ভোপাল, সীহোৰ আৰু ৰায়ছেনত। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত থকা কাষ্টোডিয়ান অৱ এনিমি প্ৰপাৰ্টি (CEPI)য়ে ২০২৫ চনৰ ৮ মে’ত এখন পত্ৰযোগে প্ৰকাশ কৰিছে যে নবাব হামিদুল্লাহ খানৰ কন্যা আবিদা আৰু আফতাব বেগম পাকিস্তানৰ নাগৰিক আছিল । সেয়ে তেওঁলোকৰ ভাগৰ সম্পত্তিবোৰক শত্ৰুৰ সম্পত্তি বুলি ঘোষণা কৰা হৈছে।
এনে পৰিস্থিতিত ভোপালত নবাব পৰিয়ালৰ যি সম্পত্তি আছে সেয়া শত্ৰুৰ সম্পত্তিৰ অধীনলৈ আহিছে। উল্লেখ কৰা প্ৰয়োজন যে, অভিনেতা ছেইফ আলী খান, নবাব হামিদুল্লাহ খানৰ বংশধৰ আৰু এই সম্পত্তিৰ সৈতে জড়িত।
এই তথ্য প্ৰদান কৰি সমাজকৰ্মী অমিতাভ অগ্নিহোত্ৰীয়ে CEPI ৰ ওচৰত অভিযোগ দিছে । এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত চি ই পি আইৰ দলটোৱে এক সমীক্ষা চলাই আছে। অগ্নিহোত্ৰীয়ে দাবী জনাইছে যে ১৯৪৯ চনৰ একত্ৰীকৰণ চুক্তিৰ মূল প্ৰতিলিপি নবাব পৰিয়ালৰ পৰা বিচাৰিব লাগে আৰু যদি দাখিল নকৰে তেওঁলোকৰ সম্পত্তি জব্দ কৰিব লাগে। উচ্চ ন্যায়ালয়ত দাখিল কৰা এক প্ৰতিবেদন অনুসৰি, ভোপাল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ প্ৰায় ৫৫০ একৰ মাটি নবাব পৰিয়ালৰ নামত পঞ্জীয়ন কৰা হৈছিল । যি তেওঁলোকৰ ব্যক্তিগত সম্পত্তি নাছিল।
গৃহ মন্ত্ৰালয়ৰ এক প্ৰতিবেদন অনুসৰি ভাৰতত পাকিস্তানীৰ মুঠ ১২,৯৮৩ টা সম্পত্তি আছে। এই সকলোবোৰ শত্ৰুৰ সম্পত্তিৰ অধীনলৈ আহে। এই সম্পত্তিসমূহ শত্ৰুৰ সম্পত্তিৰ কাষ্টডিয়ান, চিইপিআইৰ ওচৰত। ইয়াৰে অধিকাংশ সম্পত্তি উত্তৰ প্ৰদেশ (৫৬৮৮) আৰু পশ্চিম বংগ (৪৩৫৪)ত আছে।
শত্ৰু সম্পত্তি কি?
ভাৰতৰ পৰা পাকিস্তান বা চীনলৈ প্ৰব্ৰজন কৰা আৰু ভাৰতত সম্পত্তি এৰি যোৱা লোকসকলৰ সম্পত্তিক শত্ৰু সম্পত্তি বুলি কোৱা হয়। ভাৰত চৰকাৰে এই সম্পত্তিক শত্ৰুৰ সম্পত্তি বুলি গণ্য কৰে। এই সম্পত্তিসমূহ চিইপিআইৰ তত্বাৱধানত ৰখা হৈছে। ১৯৬৮ চনৰ শত্ৰুৰ সম্পত্তি আইন অনুসৰি শত্ৰুৰ সম্পত্তি মূল মালিক বা তেওঁৰ উত্তৰাধিকাৰীয়ে নাগৰিকত্ব সলনি কৰিলেও এই সম্পত্তিৰ হস্তান্তৰ বা পুনৰ দাবী কৰিব নোৱাৰে।
CEPI য়ে শত্ৰুৰ সম্পত্তি বিক্ৰী কৰাৰ বাবে বা লীজত দিয়াৰ সংৰক্ষণ কৰি ৰাখে। ২০১৭ চনত শত্ৰুৰ সম্পত্তি আইন সংশোধনী পাছত উল্লেখ কৰা হৈছিল যে ভাৰতীয় নাগৰিকে শত্ৰুৰ সম্পত্তিৰ ওপৰত দাবী কৰিব নোৱাৰে। ইয়াৰোপৰি তেওঁলোকৰ সম্পত্তিৰ ক্ষতিপূৰণৰো অধিকাৰী নহয়।
এই আইনী প্ৰক্ৰিয়াৰ অধীনত এতিয়া ছেইফ আলী খানৰ সম্পত্তি বিপদত পৰিব পাৰে। আনহাতে নবাব পৰিয়ালে যদি CEPI ৰ দাবী পূৰণ কৰে তেতিয়া এই সম্পত্তি চৰকাৰী নিয়ন্ত্ৰণৰ অধীনলৈ যাব আৰু ইয়াৰ ওপৰত ছেইফ আলী খানৰ কোনো অধিকাৰ নাথাকিব। গতিকে এই ক্ষেত্ৰত কি হয় সেয়া পৰৱৰ্তী সময়ত হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ পাকিস্তানত এটা দিন কটাবলৈ ঐশ্বৰ্য ৰায়ে কিমান টকা লৈছিল জানেনে? শুনি হ’ব আচৰতি…