শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানৰ পিছত এইবাৰ ভাৰতীয়ৰ ৰোষত তুৰ্কী! বলীউডে ল’লে কঠোৰ সিদ্ধান্ত

ভাৰত আৰু পাকিস্তানৰ যুদ্ধত পাকিস্তানক অহৰহ সমৰ্থন কৰি আছে তুৰ্কীয়ে। ইয়াৰ বাবে ভাৰতে বৰ্জন তুৰ্কী অভিযান আৰম্ভ কৰিছে। খাদ্য সামগ্ৰীৰ পৰা পৰ্যটনলৈ প্ৰতিটো ফালৰ পৰা আৰম্ভ হৈছে তুৰ্কী বৰ্জন প্ৰক্ৰিয়া। এতিয়া ইয়াক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ। তুৰ্কীত ভাৰতীয় ছবি আৰু শ্ব’ৰ শ্বুটিং নিষিদ্ধ কৰিছে AICWA-এ।

পাকিস্তানৰ পিছত এইবাৰ ভাৰতীয়ৰ ৰোষত তুৰ্কী! বলীউডে ল’লে কঠোৰ সিদ্ধান্ত
তুৰ্কীৰ ওপৰত বলীউডৰ একশ্যন
trishna-kalita
Trishna Kalita | Published: 15 May 2025 17:30 PM

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনাৰ সময়ত যেতিয়া তুৰস্কই আমাৰ চুবুৰীয়া আৰু শত্ৰু দেশ পাকিস্তানক সমৰ্থন কৰিছিল। তেতিয়াৰ পৰা পাকিস্তানৰ লগতে তুৰস্কৰ বিৰুদ্ধেও ক্ষোভিত হৈ পৰিছে ভাৰতীয় লোক। ভাৰত আৰু পাকিস্তানৰ যুদ্ধত তুৰ্কীয়ে পাকিস্তানক অহৰহ সমৰ্থন কৰি আহিছে। কোৱা হৈছে যে তুৰস্কই পাকিস্তানক সামৰিক সহায় প্ৰদান কৰিছিল। কিন্তু ভাৰতে এতিয়া তুৰ্কীক পাঠ শিকাবলৈ আৰম্ভ কৰিছে।

তুৰ্কীৰ বিৰুদ্ধে বহু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতে । একে সময়তে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগেও ডাঙৰ আঘাত দিছে তুৰস্কক । তুৰ্কীত যিকোনো ভাৰতীয় ছবি, টেলিভিছন শ্ব’ৰ শ্বুটিং নিষিদ্ধ কৰিছে অল ইণ্ডিয়ান চিনে ৱৰ্কাৰছ এছ’চিয়েশ্যনে। তুৰ্কীয়ে আমাৰ শত্ৰু দেশখনক সহায় কৰি আহিছে, গতিকে ইয়াক উপযুক্ত উত্তৰ দিয়াটো অতি প্ৰয়োজনীয়। খাদ্য সামগ্ৰীৰ পৰা পৰ্যটনলৈ প্ৰতিটো ফালৰ পৰা আৰম্ভ হৈছে তুৰ্কী বৰ্জন প্ৰক্ৰিয়া। এতিয়া ইয়াক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ। তুৰ্কীত ভাৰতীয় ছবি আৰু শ্ব’ৰ শ্বুটিং নিষিদ্ধ কৰিছে AICWA-এ। তুৰ্কীত ভাৰতীয় ছবি আৰু শ্ব’ৰ শ্বুটিঙৰ সমান্তৰালভাৱে তুৰ্কী শিল্পী আৰু প্ৰডাকচন হাউছৰ সৈতে কাম কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে AICWA-এ। একে সময়তে যিকোনো ধৰণৰ ডিজিটেল কন্টেন্টৰ শ্বুটিঙো এতিয়া তুৰ্কী কৰা নহ’ব।

AICWA-এ নিজৰ বিবৃতিত কয় যে, “আমি সদায় দেশৰ সৈতে থিয় হৈ আছো। বিশেষকৈ সন্ত্ৰাস আৰু অস্থিৰতাৰ সময়ত পাকিস্তানৰ সৈতে তুৰস্কৰ মুকলি মিত্ৰতাক আওকাণ কৰিব নোৱাৰি। ভাৰতৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে থিয় দিয়া যিকোনো দেশক ভাৰতীয় চলচ্চিত্ৰ উদ্যোগে সমৰ্থন বা সহযোগিতা নকৰে।”

এই ভাৰতীয় ছবিসমূহৰ দৃশ্যগ্ৰহণ কৰা হৈছে তুৰ্কীত

বৰ্তমান ভাৰতত তুৰস্কৰ বিৰুদ্ধে বৰ্জন তুৰ্কিয়ে অভিযান চলি আছে। অৱশ্যে ভাৰতীয় তাৰকাসকলে ইতিমধ্যে এই দেশত শ্বুটিং কৰিছে। ছৈফ আলী খানৰ ৰেচ ২ আৰু ছলমান খানৰ টাইগাৰ ৩ৰ বাহিৰেও ইয়াত বেবী, দিল ধডাকনে ডো, গেম, গুৰুকে ধৰি বহু ভাৰতীয় ছবিৰ দৃশ্যগ্ৰহণ দেশখনত কৰা হৈছে। অৱশ্যে এতিয়া ইয়াত নিষেধাজ্ঞা আৰোপ কৰিছে AICWA-এ।

লগতে পঢ়ক: কিয় ভাৰতৰ বিৰুদ্ধে পাকিস্তানক সহায় কৰিছে তুৰ্কীয়ে? আঁৰত আছে এক ডাঙৰ লক্ষ্য…