পুলৱামাত নিৰাপত্তাৰক্ষীৰ গুলীত নিহত সন্ত্ৰাসবাদী, চাওক Video…
বৃহস্পতিবাৰে পুৱা কাশ্মীৰ মণ্ডল আৰক্ষীয়ে জনোৱা মতে, জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এনকাউন্টাৰৰ ঘটনা সংঘটিত হয়।
জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰতীয় সেনাই অভিযান অব্যাহত ৰাখিছে। বিগত কেইটামান দিনত ভাৰতৰ নিৰাপত্তাৰক্ষী আৰু আৰক্ষীয়ে অভিযান চলাই কেইবাটাও সন্ত্ৰাসবাদীক নিহত কৰিছে। ইয়াৰ মাজতে বৃহস্পতিবাৰে পুৱা কাশ্মীৰ মণ্ডল আৰক্ষীয়ে জনোৱা মতে, জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এনকাউন্টাৰৰ ঘটনা সংঘটিত হয়। য’ত তিনিজনকৈ সন্ত্ৰাসবাদী নিহত হয়। এই আটাইকেইজন সন্ত্ৰাসবাদী জৈইছ-ই-মহম্মদ নামৰ সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে জড়িত আছিল।
উল্লেখ্য যে, কিছুদিন পূৰ্বে অপাৰেচন কেলাৰৰ অধীনত আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে লস্কৰ-ই -তৈবাৰ ৩ জন সন্ত্ৰাসবাদীৰ এনকাউন্টাৰ কৰিছিল। নিহত সন্ত্ৰাসবাদী কেইজন বিভিন্ন সন্ত্ৰাসবাদী কাৰ্যকালাপৰ সৈতে জড়িত আছিল। বৰ্তমান সময়তো কাশ্মীৰৰ বিভিন্ন অঞ্চলত নিৰাপত্তাৰক্ষীৰ অভিযান চলি আছে।

প্ৰশাসনৰ উচ্ছেদ অভিযানৰ পৰা মহিলা ক্ৰিকেট বিশ্বকাপলৈকে শীৰ্ষ খবৰ

ইৰাণ-ইজৰাইলৰ যুদ্ধৰ বাবে ভাৰতত পেট্ৰ’লৰ দাম কিমান বৃদ্ধি পাব?

ইৰাণৰ আক্ৰমণত লোকচানৰ সন্মুখীন হ'ল নেকি আদানী? চাওক ভিডিঅ'...

নগদ লেনদেনৰ বাবে আপুনিও পৰিব পাৰে আয়কৰ বিভাগৰ চকুত!
