শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
Amar Preet Singh, Indian Air Force: ভাৰতীয় বায়ুসেনাৰ চীফ এয়াৰ মাৰ্শ্বাল অমৰপ্ৰীত সিং কোন?

Amar Preet Singh, Indian Air Force: ভাৰতীয় বায়ুসেনাৰ চীফ এয়াৰ মাৰ্শ্বাল অমৰপ্ৰীত সিং কোন?

barasha-misra
Barasha Misra | Updated On: 14 May 2025 23:18 PM

সূত্ৰ অনুসৰি ভাৰতীয় বায়ুসেনাৰ চীফ এয়াৰ মাৰ্শ্বাল অমৰপ্ৰীত সিং ৰাৱালপিণ্ডিৰ এই বিমান ঘাটি আক্ৰমণৰ আঁৰৰ ‘প্ৰকৃত নায়ক’। তেওঁ পাকিস্তানৰ এয়াৰ বেছত আক্ৰমণ কৰিবলৈ নিজৰ দলটোক সূক্ষ্মভাৱে বাচনি কৰিছিল । এই অভিযানৰ বাবে বায়ুসেনাৰ শ্ৰেষ্ঠ পাইলট বাছনি কৰিছিল তেওঁ ।

ধাৰাবাহিকভাৱে একাধিক ভাৰতীয় বায়ুসেনাৰ ঘাটিক লক্ষ্য কৰি আহিছে পাকিস্তানে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ বায়ুসেনাই চুবুৰীয়া দেশৰ আকাশমাৰ্গত প্ৰৱেশ কৰি ইটোৰ পিছত সিটো শিবিৰ ধ্বংস কৰে । ইয়াৰ ভিতৰত এটা হৈছে ৰাৱালপিণ্ডিৰ নূৰ খান বিমানঘাটি । এই ঘাটিত আক্ৰমণৰ পিছতেই পাকিস্তানে ভাৰতক যুদ্ধবিৰতিৰ বাবে অনুৰোধ জনায় । কিন্তু আপুনি জানেনে এই ‘অপাৰেচন’ৰ আঁৰত থকা বায়ুসেনাৰ বিষয়াজনৰ বিষয়ে ।

সূত্ৰ অনুসৰি ভাৰতীয় বায়ুসেনাৰ চীফ এয়াৰ মাৰ্শ্বাল অমৰপ্ৰীত সিং ৰাৱালপিণ্ডিৰ এই বিমান ঘাটি আক্ৰমণৰ আঁৰৰ ‘প্ৰকৃত নায়ক’। তেওঁ পাকিস্তানৰ এয়াৰ বেছত আক্ৰমণ কৰিবলৈ নিজৰ দলটোক সূক্ষ্মভাৱে বাচনি কৰিছিল । এই অভিযানৰ বাবে বায়ুসেনাৰ শ্ৰেষ্ঠ পাইলট বাছনি কৰিছিল তেওঁ । NSA অজিত ডোভালে সিঙক সম্পূৰ্ণ সমৰ্থন কৰিছিল । ডোভালে নিজেই ‘অপাৰেশ্যন সেন্দূৰ’ৰ বাবে সেউজ সংকেত দিছিল । বায়ুসেনা বিষয়াজনে ভাবিছিল যে নূৰ খান বিমানঘাটিত আক্ৰমণ কৰিলে সমগ্ৰ বিশ্বতে প্ৰমাণিত হ’ব যে ভাৰতীয় বায়ুসেনা পাকিস্তানী বায়ুসেনাতকৈ বহু বেছি শক্তিশালী । সূত্ৰ অনুসৰি এই অভিযানৰ সকলো পাইলট সুস্বাস্থ্যৰে ঘৰলৈ উভতি আহিছে ।