শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সৰা পাতে পাতে ফাগুন নামে… উভতি নহাৰ বাটেৰে অজান মুলুকলৈ গ’লগৈ কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা

গায়ত্ৰী হাজৰিকাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷ দীর্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ আছিল গায়িকাগৰাকী। আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

সৰা পাতে পাতে ফাগুন নামে… উভতি নহাৰ বাটেৰে অজান মুলুকলৈ গ’লগৈ কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা
উভতি নহাৰ বাটেৰে অজান মুলুকলৈ গ'লগৈ কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা
barasha-misra
Barasha Misra | Updated On: 16 May 2025 15:40 PM

সৰা পাতে পাতে ফাগুন নামে.. এই গীতটোৰ জৰিয়তে জনপ্ৰিয় হৈ পৰা কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকাৰ দেহাৱসান। আজি দিনৰ প্ৰায় ২ঃ৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে কণ্ঠশিল্পীগৰাকীয়ে। গায়ত্ৰী হাজৰিকাৰ গায়নশৈলী তথা পৰিৱেশনশৈলীয়ে সকলোকে মুগ্ধ কৰিছিল ।

গায়ত্ৰী হাজৰিকাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি ৷ দীর্ঘদিনে জটিল ৰোগত আক্ৰান্ত হৈ আছিল গায়িকাগৰাকী। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৪৫ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ ‘সৰা পাতে পাতে ফাগুন নামে’, ‘আবেলিৰ হেঙুলী আকাশে’, ‘তুমি অহাৰ বাতৰি পালে’, ‘মন মোৰ উৰি ফুৰে’ , ৰত্নাকৰ ছবিৰ ‘ৰাতি ৰাতি’ শীৰ্ষক আদি জনপ্ৰিয় গীতেৰে অসমীয়া সংগীতৰ ভঁৰাল চহকী কৰি থৈ গৈছে।

অসমীয়া সংগীতক ৰুচিশীলতাৰে আগুৱাই নিছিল কণ্ঠশিল্পীগৰাকীয়ে। জনপ্ৰিয় সংগীত শিল্পী গায়ত্ৰী হাজৰিকাৰ অকাল বিয়োগত শোকপ্ৰকাশ কৰিছে প্ৰতিজন সাংস্কৃতিক কৰ্মীৰ লগতে দল-সংগঠনে।

কণ্ঠশিল্পাগৰাকীৰ মৃত্যুত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘গায়ত্ৰী হাজৰিকাৰ বিয়োগ অসমবাসীৰ বাবে অত্যন্ত বেদনাদায়ক খবৰ। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনক নিজৰ অনন্য প্ৰতিভা আৰু স্বকীয় শৈলীৰে কম সময়তে সমৃদ্ধ কৰি গ’ল শিল্পীগৰাকীয়ে৷ শিল্পীগৰাকীৰ পৰা অসমীয়া ৰাইজে আৰু বহু পাবলৈ থাকি গ’ল! তেখেতৰ অকাল বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি৷ আমি শিল্পীগৰাকীৰ বিয়োগত গভীৰভাৱে ব্যথিত হৈছোঁ৷’

শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘অসমীয়া সংগীতৰ যুগমীয়া ঐতিহ্যক ৰুচিশীলতাৰ নতুন দিশেৰে আগুৱাই নিছিল গায়ত্ৰী হাজৰিকাই৷ অত্যন্ত পৰিশীলিত ব্যক্তিত্বৰ অধিকাৰী আছিল শিল্পীগৰাকী৷ আমি তেখেতৰ শোকাকুল পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ সমবেদনা জ্ঞাপন কৰিছোঁ৷’