Gold ETF: শ্বেয়াৰ বজাৰত উত্থান আৰম্ভ আৰু Gold ETF ত ১৪ শতাংশ হ্ৰাস
Gold ETF: এক পৰিসংখ্যা অনুসৰি শেহতীয়াকৈ গোল্ড ETF বা এক্সচেঞ্জ ট্ৰেডে ফাণ্ডৰ মূল্য ১৪ শতাংশ হ্ৰাস পাইছে। ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ পিছত শ্বেয়াৰ বজাৰত সুস্থিৰ হৈ পৰিছে সোণ।

সোণৰ মূল্য ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে আৰু এই হ্ৰাসৰ সময়ছোৱাত ইকুইটি মাৰ্কেটৰ বাবে ইতিবাচক পৰিৱৰ্তন ঘটিছে। কিছুদিন পূৰ্বে এই ধাতুৰ মূল্য বৃদ্ধি পাই ১ লাখৰ সীমাত উপনীত হৈছিল। বিশেষজ্ঞসকলে কয় যে, সোণৰ মূল্য আকাশলংঘী হৈ পুনৰ হ্ৰাস হ’ব। এতিয়া যেন সেইটোৱেই হৈছে। শ্বেয়াৰ বজাৰত উচ্চ স্তৰৰ পৰা নিম্ন স্তৰলৈ নামি আহিছে সোণ।
এক পৰিসংখ্যা অনুসৰি শেহতীয়াকৈ Gold ETF বা এক্সচেঞ্জ ট্ৰেডে ফাণ্ডৰ মূল্য ১৪ শতাংশ হ্ৰাস পাইছে। ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ পিছত শ্বেয়াৰ বজাৰত সুস্থিৰ হৈ পৰিছে সোণ। লাহে লাহে গতি কমি আহিছে সোণৰ। শেহতীয়াকৈ SBI Gold ETF ৰ মূল্য ১৪ শতাংশ সংশোধন কৰা হৈছে। One Gold ETF, Tata Gold ETF ও একে ধৰণে হ্ৰাস পাইছে। সেয়া প্ৰায় ১২ শতাংশ হ্ৰাস পাইছে।
Seven Gold ETF ৭ শতাংশ হ্ৰাস পাইছে। একে পৰিমাণ পতন দেখা গৈছে, LIC MF Gold ETF, Mirae Asset Gold ETF, HDFC Gold ETF, Edelweiss Gold ETF-ত। আনহাতে, Kotak Gold ETF আৰু DSP Gold ETF হ্ৰাস পাইছে ৬ শতাংশ। Zerodha Gold ETF হ্ৰাস পাইছে ৫ শতাংশ।
কিন্তু কিয় হঠাৎ এনেকৈ হ্ৰাস পাইছে
বিশেষজ্ঞসকলে অনুমান কৰিছে যে বিনিয়োগকাৰীসকলে সদায় সোণক নিৰাপদ বিনিয়োগ হিচাপে লৈ আহিছে। পৃথিৱীত যেতিয়াই অনিশ্চয়তাৰ পৰিস্থিতিৰ সৃষ্টি হয় তেতিয়াই সোণৰ দাম বাঢ়ি যায়। ইজৰাইল-হামাছ যুদ্ধই হওক বা ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতেই হওক। আনকি শেহতীয়াকৈ আমেৰিকাই সৃষ্টি কৰা বাণিজ্যিক যুদ্ধতো সোণৰ মূল্য তীব্ৰভাৱে বৃদ্ধি পাইছে। কিন্তু পৰিস্থিতি সঠিক হোৱাৰ লগে লগে বিনিয়োগকাৰীয়ে শ্বেয়াৰ বজাৰলৈ ৰাওনা হ’ল।