শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মুকলিকৈ ভাৰতৰ বিৰোধিতা চীনৰ! পাকিস্তানৰ সৈতে মিলি কৰা এই ১০ টা কাণ্ড ইয়াৰ প্ৰমাণ…

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজত পাকিস্তানক সমৰ্থন কৰিছে চীনে। কিন্তু এয়াই প্ৰথম নহয়, দশক দশক ধৰি চীনে পাকিস্তানক সমৰ্থন কৰি আহিছে।

মুকলিকৈ ভাৰতৰ বিৰোধিতা চীনৰ! পাকিস্তানৰ সৈতে মিলি কৰা এই ১০ টা কাণ্ড ইয়াৰ প্ৰমাণ…
মোদী-জিংপিংImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 16 May 2025 15:53 PM

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজত চুবুৰীয়া ৰাষ্ট্ৰ চীনে পাকিস্তানক সমৰ্থন কৰাৰ কথা বিশ্বই জানে। যাৰ পাছত কিছু উন্নত হ’বলৈ ধৰা ভাৰত-চীনৰ সম্পৰ্ক পুনৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। চীন আৰু পাকিস্তান ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ। চীনৰ সৈতে ভাৰতৰ সীমা ৩৪৮৮ কিলোমিটাৰ আৰু পাকিস্তানৰ সৈতে ৩৩২৩ কিলোমিটাৰ । বিৰোধিতা কৰিলেও চীনে সদায় এক কূটনৈতিক কৌশল অৱলম্বন কৰিব পাৰে। কিন্তু শেহতীয়াকৈ চীনে যেন মুকলিকৈ ভাৰতৰ বিৰুদ্ধে ওলাই আহিছে তাৰ এক প্ৰকাৰ প্ৰমাণ পোৱা গৈছে।

  1. চীনে পাকিস্তানক মিছাইল আৰু ড্ৰোন প্ৰযুক্তি যোগান কৰে। চীনে পাকিস্তানক উইং লুং ড্ৰ’ন, এইচ কিউ-১৬ মিছাইল চিষ্টেম আৰু বেলিষ্টিক মিছাইল প্ৰযুক্তি প্ৰদান কৰিছে। এইবোৰ অস্ত্ৰৰ ভাৰতৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছে।
  2. পাকিস্তান দখল কৰা কাশ্মীৰ (POK)ত চীনৰ সামৰিক উপস্থিতি। চিপিইচি প্ৰকল্পৰ আঁৰ লৈ চীনে POK ত পিএলএ ইউনিট আৰু ছিকিউৰিটি কোম্পানী নিয়োগ কৰিছে।
  3. সন্ত্ৰাসবাদী সংগঠনক পৰোক্ষ সমৰ্থন। চীনে বাৰে বাৰে জয়ছ-ই-মহম্মদ আৰু লস্কৰৰ দৰে সংগঠনৰ সন্ত্ৰাসবাদীক (মছুদ আজহাৰৰ দৰে) ৰাষ্ট্ৰসংঘত বিশ্বব্যাপী সন্ত্ৰাসবাদী ঘোষণা কৰাত বাধা প্ৰদান কৰি আহিছে। ৰাষ্ট্ৰসংঘত চীনে পাকিস্তানক সহায় কৰি আহিছে।
  4. চীন-পাকিস্তান কৌশলগত মিত্ৰতা। চীনে আনুষ্ঠানিকভাৱে কৈছে যে যিকোনো পৰিস্থিতিত তেওঁলোকে পাকিস্তানৰ সৈতে থাকিব।
  5. ভাৰত বিৰোধী যৌথ সামৰিক অনুশীলন। সীমান্তৰ ওচৰত চীন আৰু পাকিস্তানে কেইবাবাৰো যৌথ সামৰিক অনুশীলন চলাইছে। ভাৰতলৈ বিশেষ বাৰ্তা প্ৰেৰণ আছিল ইয়াৰ লক্ষ্য।
  6. গালৱান সংঘাতৰ পিছত গুলীচালনা কৰিছিল পাকিস্তানে। ২০২০ চনত ভাৰতে লাডাখত চীনৰ সৈতে যুঁজি থকাৰ সময়ত LOC ৰ সমীপত পাকিস্তানে যুদ্ধ বিৰতি উলংঘা কৰিছিল।
  7. ভাৰতীয় সীমান্তত চীনৰ ড্ৰোনৰ কাৰ্যকালাপ আৰু ইয়াৰ পাকিস্তানৰ সৈতে সংযোগ। পঞ্জাৱ, জম্মু-কাশ্মীৰত দেখা পোৱা ড্ৰোনসমূহ চীনত নিৰ্মিত আৰু পাকিস্তানৰ পৰা পৰিচালিত হয়।
  8. কাশ্মীৰ বিষয়ত চীনৰ হস্তক্ষেপ। ভাৰতে জম্মু-কাশ্মীৰৰ পৰা ৩৭০ নং অনুচ্ছেদ আঁতৰোৱাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল চীনে। এতিয়াও চীনে অৰুণাচল প্ৰদেশৰ বিষয়টোৰ ওপৰত ভাৰতক প্ৰত্যাহ্বান জনাই আহিছে।
  9. চাইবাৰ আক্ৰমণ আৰু ডাটা ৱাৰফেয়ৰ। চীন আৰু পাকিস্তানে গোপনে মিলি ভাৰতৰ ওপৰত চাইবাৰ আক্ৰমণ কৰিছিল। বিশেষকৈ প্ৰতিৰক্ষা, ৰে’লৱে, আৰু শক্তি গ্ৰীডত।
  10. বিশ্বৰ আগত পাকিস্তানক ৰক্ষা কৰিব বিচাৰে চীনে। যেতিয়াই ভাৰতে সন্ত্ৰাসবাদৰ ওপৰত পাকিস্তানক লক্ষ্য কৰি লয় তেতিয়াই চীনে ৰাষ্ট্ৰসংঘ SCO আৰু BRICS ত পাকিস্তানৰ ভাবমূৰ্তি ৰক্ষা কৰাৰ চেষ্টা কৰে।

 

অন্য খবৰ পঢ়কঃ পাকিস্তানৰ সংগই কৰি তোলে ভিক্ষাৰী! প্ৰমাণ এই ২ দেশ, লোকচান হাজাৰ হাজাৰ কোটি টকা…