শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Akash Missile: এজন গৌৰৱান্বিত পিতৃৰ দৰে অনুভৱ কৰিছোঁ...‘আকাশ’ৰ স্ৰষ্টাৰ কাহিনী

Akash Missile: এজন গৌৰৱান্বিত পিতৃৰ দৰে অনুভৱ কৰিছোঁ…‘আকাশ’ৰ স্ৰষ্টাৰ কাহিনী

Trishna Kalita
Trishna Kalita | Published: 14 May 2025 23:19 PM

ভাৰতৰ পশ্চিম সীমান্তত পাকিস্তানে অহৰহ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ ঢাল হিচাপে কাম কৰা আকাশ ক্ষেপণাস্ত্ৰৰ পিতৃ প্ৰহ্লাদ ৰামৰাৱৰ মুখত আজি প্ৰসন্নতাৰ হাঁহি। প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ তদানীন্তন প্ৰকল্প সঞ্চালক ৰামা ৰাও আজি এজন সফল সন্তানৰ পিতৃৰ দৰেই গৌৰৱান্বিত, যাৰ সন্তানক আজি সকলোৱে প্ৰশংসা কৰিছে।

৮ আৰু ৯ মে’ৰ নিশাৰ আন্ধাৰত পাকিস্তানৰ অবিৰত মিছাইল আৰু ড্ৰ’ন আক্ৰমণ বিফল কৰিবলৈ সক্ষম হৈছিল আকাশ মিছাইল ডিফেন্স চিষ্টেমে। আকাশক প্ৰশংসা কৰি পঞ্চমুখ বায়ুসেনাৰ ডিজিএমঅ’ এয়াৰ মাৰ্শ্বাল একে ভাৰতীয়ে কয় যে শত্ৰুৰ আক্ৰমণৰ সন্মুখত ‘আকাশ’ দেৱালৰ দৰে দৃঢ়তাৰে থিয় দিছিল। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে আত্মনিৰ্ভৰ ভাৰতৰ প্ৰতিৰক্ষা সঁজুলিৰ ই এক ডাঙৰ বিজ্ঞাপন। যাৰ বাবে নিজৰ স্মৃতিবোৰ মনত পেলাই হঠাতে কান্দি উঠিছিল ৭৮ বছৰীয়া ৰামা ৰাৱে।

পদ্ম বঁটা বিজয়ী প্ৰহ্লাদ ৰামাৰৱে কয়, “আজি মোৰ সন্তানৰ সফলতাৰ বাবে মই নিজকে এজন গৌৰৱান্বিত পিতৃৰ দৰে অনুভৱ কৰিছো। মোৰ সন্তানে ইমান ভাল কাম কৰিছে, এইটো মোৰ জীৱনৰ আটাইতকৈ সুখৰ দিন। বিশ্বাস কৰক, পদ্ম বঁটা পোৱাৰ দিনটোতো মই ইমান সুখী নাছিলোঁ।”