ভাৰতত নিষিদ্ধ পাকিস্তানত নিৰ্মিত ৱেব ছিৰিজ, গীত,প’ডকাষ্ট আদি সকলো…
Pakistani film, web series Ban: ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত থকাৰ মাজতে আন এক ডাঙৰ সিদ্ধান্ত ভাৰতৰ। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে এক নিৰ্দেশনা জাৰি কৰি পাকিস্তানৰ গীত, প'ডকাষ্ট, চিৰিয়েল আদিত নিষেধাজ্ঞা আৰোপ কৰে।

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজৰ উত্তেজনা অব্যাহত আছে। পহলগাম কাণ্ডৰ প্ৰতিশোধ স্বৰূপে ভাৰতে অপাৰেশ্যন সেন্দূৰ চলাই পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰে। তাৰ পাছতে পাকিস্তানে ভাৰতৰ প্ৰতি কেইবাটা মিছাইল নিক্ষেপ কৰে যদিও এইসমূহ বিফল কৰি তোলে ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই। আক্ৰমণ-প্ৰত্যাক্ৰমৰ সমান্তৰালকৈ ভাৰতে পাকিস্তানৰ বিৰুদ্ধে আন এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।
কিছুদিন পূৰ্বে ভাৰতে পাকিস্তানৰ বহু সংবাদ মাধ্যম, ইউটিউব চেনেল আজি নিষিদ্ধ কৰাৰ ঘোষণা কৰিছিল। ইয়াৰ পাছতে বৃহস্পতিবাৰে মনোৰঞ্জন জগত বা আন বহু দিশৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে অ’টিটি প্লেটফৰ্ম আৰু মিডিয়া ষ্ট্ৰীমিং প্লেটফৰ্মৰ ওপৰত পৰামৰ্শ জাৰি কৰিছে, য’ত কোৱা হৈছে যে এতিয়াৰ পৰা পাকিস্তানৰ কোনো কন্টেন্ট ভাৰতত প্ৰচাৰ কৰি নোৱাৰে। অৰ্থাৎ অ’টিটি প্লেটফৰ্ম, ইউটিউব আৰু সকলো ধৰণৰ অডিঅ’ ষ্ট্ৰীমিং প্লেটফৰ্মত উপলব্ধ পাকিস্তানৰ সকলো ধৰণৰ বিষয়বস্তুৰ ওপৰত নিষিদ্ধ আৰোপ কৰা হৈছে।
পাকিস্তানৰ গীত, ৱেব ছিৰিজ আদিত নিষেধাজ্ঞা
মন্ত্ৰালয়ে জাননীত কয় যে, ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি অ’টিটি প্লেটফৰ্ম, মিডিয়া ষ্ট্ৰীমিং প্লেটফৰ্ম আৰু মধ্যস্থতাকাৰীক পৰামৰ্শ দিয়া হৈছে যে পাকিস্তানত নিৰ্মিত ৱেব ছিৰিজ, চিনেমা, গীত, প’ডকাষ্ট আৰু অন্যান্য ষ্ট্ৰীমিং মিডিয়া কন্টেন্ট, যিসমূহ চাব স্ক্ৰিপচন বা আন যিকোনো উপায়েৰে উপলব্ধ, সেইবোৰ তৎক্ষণাত বন্ধ কৰক।
নিৰ্দেশনাত মন্ত্ৰালয়ে পহলগামত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কথাও উল্লেখ কৰে। য’ত কয় যে,ভাৰতত সংঘটিত বহু সন্ত্ৰাসবাদী আক্ৰমণত পাকিস্তান চৰকাৰ আৰু বেচৰকাৰী উপাদানৰ সংযোগ পোৱা গৈছে। গতিকে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দিশলৈ লক্ষ্য কৰি ভাৰতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।
উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগমাত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। য’ত ২৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছিল বহুতো। এই ঘটনাৰ প্ৰতিশোধ স্বৰূপে স্বৰূপে ভাৰতে অপাৰেশ্যন সেন্দূৰ ৰূপায়ন কৰাৰ পাছতে পাকিস্তানে আক্ৰমণ আৰম্ভ কৰে। যুদ্ধ বিৰতি চুক্তি উলংঘা কৰি পাকিস্তানে কৰা আক্ৰমণ ফলত ১৬ গৰাকী ভাৰতীয়ৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে প্ৰায় ৫৭ জন।
অন্য খবৰ পঢ়কঃ Nuclear power:কোনখন দেশৰ হাতত সবাতোকৈ দামী পাৰমাণৱিক অস্ত্ৰ আছে?