Nuclear power:কোনখন দেশৰ হাতত সবাতোকৈ দামী পাৰমাণৱিক অস্ত্ৰ আছে?
Nuclear power: ভাৰত-পাকিস্তানৰ মাজত অব্যাহত আছে উত্তেজনা। এই সময়চোৱাত দুয়োখন দেশে পৰস্পৰে পৰস্পৰক আক্ৰমণ কৰি গৈছে। গতিকে প্ৰশ্ন হয়, কোনখন দেশৰ হাতত সবাতোকৈ বেছি দামী পাৰমাণৱিক শক্তি আছে।
 
                                পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ভাৰতে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ কৰে। অপাৰেশ্যন সেন্দূৰৰ অধীনত ভাৰতে পাকিস্তানৰ ৯টাকৈ সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰি পেলায়। তাৰ পাছতে ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা অব্যাহত আছে। উল্লেখ কৰা প্ৰয়োজন যে, ভাৰতীয় বায়ুসেনাই অপাৰেশ্যন সেন্দূৰৰ অধীনত আক্ৰমণৰ সময়ত স্কেলপ আৰু হামাৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি বাহাৱালপুৰৰ জয়ছ-ই-মহম্মদকে ধৰি সন্ত্ৰাসবাদী সংগঠনৰ গুৰুত্বপূৰ্ণ আত্মগোপন স্থানসমূহক লক্ষ্য কৰি লৈছিল।
ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা তুংগত থকাৰ সময়তে পাকিস্তানে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰাৰ ভাবুকি দিছে।অৱশ্যে ভাৰতৰ হাততো পাৰমাণৱিক অস্ত্ৰ আছে। গতিকে প্ৰয়োজন হ’লে, ভাৰতেও পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব পাৰে। কিন্তু কোনখন দেশত আটাইতকৈ দামী পাৰমাণৱিক বোমা আছে জানেনে?
সবাতোকৈ দামী পৰমাণু
পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অধিক খৰচ হয়। ১৯৯৯ চনৰ ফেডাৰেচন অৱ আমেৰিকান চাইন্টিষ্টৰ এক প্ৰতিবেদন অনুসৰি আমেৰিকাৰ বি ৬১-১২ পাৰমাণৱিক বোমা আটাইতকৈ ব্যয়বহুল। এই বোমাটো আটাইতকৈ বিপজ্জনক বুলি গণ্য কৰা হয়। ইয়াৰ মূল্য ২৮ মিলিয়ন ডলাৰ। অৱশ্যে ইয়াৰ ব্যৱহাৰৰ বাবে মিছাইল, লঞ্চ এয়াৰক্ৰাফ্ট, লঞ্চ পেডৰ প্ৰয়োজন। ইয়াৰ পাছত ইয়াৰ বাবে মুঠ খৰচ হয়-২২৭৮ কোটি টকা।
ভাৰতৰ হাতত কিমান আছে
ভাৰত আৰু পাকিস্তানৰ হাতত যথেষ্ঠ সংখ্যক পাৰমাণৱিক অস্ত্ৰ আছে। ভাৰতৰ ওচৰত ১৮০ টা আৰু পাকিস্তানৰ ওচৰত ১৭০ টা পাৰমাণৱিক অস্ত্ৰ আছে। আচৰিত কৰা এয়াই যে, পাকিস্তানত থকা পৰমাণু অস্ত্ৰৰ দাম ইমান বেছি যে সেয়া বিক্ৰী কৰি তেওঁলোকে সমগ্ৰ ঋণ পৰিশোধ কৰিব পাৰে।
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত বাণিজ্য সম্পূর্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এনে ক্ষেত্ৰত বৰ্তমান ভাৰতে পাকিস্তানলৈ একো আমদানি কৰা নাই বা ৰপ্তানিও আছে।ইয়াৰ সমান্তৰালকৈ ভাৰতে পাকিস্তানৰ সৈতে হোৱা সিন্ধু জল সন্ধিও বাতিল কৰিছে। ইয়াৰ বাবে পাকিস্তানত পানীৰ নাটনি হ’ব।
ইয়াৰোপৰি বৰ্তমান পাকিস্তান বৃহৎ ঋণৰ সন্মুখীন হৈ আছে। পাকিস্তানে বিশ্ব বেংকৰ পৰা ৭ বিলিয়ন ডলাৰৰ ঋণ লৈছে। ইয়াৰ পিছত পাকিস্তানৰ ঋণ আৰু বৃদ্ধি পায়। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰৰ মুঠ ব্যয় হৈছে ৪৪.৫৫ বিলিয়ন ডলাৰ। ইয়াই নহয়, দেশখনৰ বিদেশী ঋণো প্ৰায় ২৭৪০ কোটি ডলাৰ।
কোন কোন দেশৰ হাতত পাৰমাণৱিক শক্তি আছে?
আমেৰিকা, ৰাছিয়া, ফ্ৰান্স, চীন, ইউ কে, পাকিস্তান, ভাৰত, ইজৰাইল, উত্তৰ কোৰিয়া। উল্লেখ্য যে, সমগ্ৰ দেশৰ ভিতৰত সবাতোকৈ বেছি পাৰমাণৱিক অস্ত্ৰ ৰাছিয়া আৰু আমেৰিকাৰ হাতত আছে।
অন্য খবৰ পঢ়কঃ বিস্ফোৰণত কঁপি উঠিল পাকিস্তান! ২৫ টাকৈ স্থানত ভাৰতৰ ড্ৰ’ন আক্ৰমণ, অথ’লে গ’ল বায়ু প্ৰতিৰক্ষা ব্যৱস্থা…
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      