শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আপত্তি সত্ত্বেও অৰিজিতক ‘বৰ্ডাৰ ২’ত গান গাবলৈ বাধ্য কৰাইছিল নেকি?

বলীউডৰ ভিতৰত শুনা গৈছে এক চাঞ্চল্যকৰ অভিযোগ। দাবী কৰা হৈছে যে অৰিজিতে ‘বৰ্ডাৰ ২’ ছবিৰ গীত ‘ঘৰ কব আওগে’ৰ পুনৰ্নিৰ্মাণ সংস্কৰণত নিজৰ কণ্ঠ নিগৰাবলৈ একেবাৰেই ইচ্ছুক নাছিল। সৃষ্টিশীল ভিত্তিত গীতটোৰ প্ৰতি তেওঁৰ তীব্ৰ আপত্তি আছিল।

আপত্তি সত্ত্বেও অৰিজিতক ‘বৰ্ডাৰ ২’ত গান গাবলৈ বাধ্য কৰাইছিল নেকি?
Barasha Misra
Barasha Misra | Published: 30 Jan 2026 12:57 PM

অৰিজিতে অৱসৰৰ কথা ঘোষণা কৰাৰ পিছৰে পৰা অনুৰাগীৰ মনত হাজাৰ হাজাৰ প্ৰশ্নৰ উন্মেষ ঘটিছে। এতিয়া সেই বিতৰ্কৰ মাজতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে ছানী দেওলৰ ছবি ‘বৰ্ডাৰ ২’ আৰু ইয়াৰ প্ৰযোজক ভূষণ কুমাৰৰ নাম।

এই বিতৰ্কক লৈ মুকলিকৈ কৈছে টি ছিৰিজৰ বছ ভূষণ কুমাৰে। সকলো অভিযোগ খণ্ডন কৰি তেওঁ কয়, “এইবোৰ ভিত্তিহীন। যদি আপুনি মোক বিশ্বাস নকৰে তেন্তে অৰিজিতক ফোন কৰি জানি লওক।”

মন কৰিবলগীয়া যে ১৯৯৭ চনৰ ‘বৰ্ডাৰ’ ছবিৰ এই জনপ্ৰিয় গীতটো নতুনকৈ গাইছে সোণু নিগম, ৰূপকুমাৰ ৰাথোৰ, বিশাল মিশ্ৰ আৰু খোদ অৰিজিতে। প্ৰযোজকে দাবী কৰিছে যে অৰিজিতৰ লগত কোনো ধৰণৰ জোৰ-জবৰদস্তি কৰা হোৱা নাছিল।

ভূষণ কুমাৰে অস্বীকাৰ কৰিলেও উৰাবাতৰি বন্ধ হোৱা নাই। উদ্যোগটোৰ এটা বৃহৎ অংশৰ মতে অৰিজিতে আৰু ডাঙৰ ডাঙৰ মিউজিক আৰু প্ৰডাকচন হাউছৰ একচেটিয়া অধিকাৰ সহ্য কৰিব নোৱাৰিলে। শিল্পকলাতকৈ ব্যৱসায়িক লাভক অধিক গুৰুত্ব দিয়া এই সংস্কৃতিয়ে তেওঁৰ শ্বাসৰুদ্ধ অনুভৱ কৰাইছিল। যিয়ে তেওঁৰ সৃষ্টিশীল স্বাধীনতা হেৰুৱাই তেওঁক এই কঠিন সিদ্ধান্তলৈ ঠেলি দিছিল।

অৰিজিতে নিজেই কোনো বিতৰ্কত পোনপটীয়াকৈ জড়িত হোৱা নাই। অৱশ্যে তেওঁ স্পষ্টকৈ কৈছে যে, তেওঁ ইতিমধ্যে লোৱা প্ৰকল্পসমূহ সম্পূৰ্ণ কৰি চিনেমাৰ জগতখনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাব। তেওঁ স্বাধীন সংগীতৰ ওপৰত গুৰুত্ব দিব। সঁচাকৈয়ে বলীউডৰ এই ‘মেলোডি কিং’ ৰাজনীতিৰ বলি হ’ল নেকি, নে নিজৰ চৰ্তত জীয়াই থাকিবলৈ এয় ৰাজকীয় প্ৰস্থান – সময়েহে ক’ব।