শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ৰাজনীতিৰ বলি অৰিজিৎ! নেপথ্য কণ্ঠশিল্পী হিচাপে আৰু নতুন গান নাগায় বলীউডত

ৰাজনীতিৰ বলি অৰিজিৎ! নেপথ্য কণ্ঠশিল্পী হিচাপে আৰু নতুন গান নাগায় বলীউডত

Barasha Misra
Barasha Misra | Edited By: Trishna Kalita | Updated On: 28 Jan 2026 20:37 PM

বলীউড মানেই নেপটিজিম আৰু লবী। বহুবাৰ দেখা গৈছে যে গীত ৰেকৰ্ডিং কৰা হৈছে যদিও শেষ মুহূৰ্তত আন এজন প্ৰভাৱশালী গায়ক বা লবীৰ প্ৰিয় কোনোবা এজনক গীত গোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। সংগীত পৰিচালকৰ সৈতে অৰিজিতৰ সম্পৰ্ক মধুৰ হ’লেও লবীৰ বাবে অৰিজিতৰ বহু গীত হেৰাই যোৱা বুলি চৰ্চা চলিছে।

নেপথ্য কণ্ঠশিল্পী হিচাপে আৰু নতুন গান নাগায় বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী অৰিজিৎ সিঙে। তেওঁ বিদায় ল’ব বুলি ঘোষণা কৰাৰ লগে লগে অনুৰাগীৰ মনত হাজাৰটা প্ৰশ্নৰ উদয় হৈছে। অৰিজিতে সমাজিক মাধ্যমযোগে জনাই যে, তেওঁ স্বতন্ত্ৰভাৱে সংগীতৰ অনুশীলন কৰিব বিচাৰে। কিন্তু হঠাত কিয় এই সিদ্ধান্ত! অৰিজিতৰ এই সিদ্ধান্তই বলীউডৰ ভিতৰৰ অন্য কথাৰ ইংগিত দিছে নেকি? নেটিজেনে দাবী কৰে যে বছৰ বছৰ ধৰি বলীউডৰ দুই ফৈদৰ ৰাজনীতিৰ বলি হৈ ভাগৰি পৰিছে অৰিজিৎ!

অৰিজিতৰ কেৰিয়াৰৰ মাজভাগত আটাইতকৈ ডাঙৰ বিতৰ্ক হৈছিল চলমান খানৰ সৈতে। ২০১৪ চনত বঁটা প্ৰদান অনুষ্ঠানত অৰিজিতে কৰা ধেমালিক ‘ভাইজানে’ সহজে ল’ব পৰা নাছিল। পৰৱৰ্তী সময়ত ইয়াৰ পৰিণতি আছিল ভয়ংকৰ। ইটোৰ পিছত সিটো ডাঙৰ প্ৰজেক্টৰ পৰা অৰিজিতৰ গীতবোৰ আঁতৰাই দিয়া হ’ল। বিশেষকৈ ‘চুলতান’ ছবিত তেওঁ গোৱা ‘জগ ঘুমেয়া’ গীতটোৰ কণ্ঠ সলনি কৰি ৰাহত ফাতেহ আলী খানক গাব দিয়ে। কোৱা হয় যে এই ঘটনাত অৰিজিত অত্যন্ত দুখ পাইছিল।

অৰিজিতে চলমানলৈ এখন দীঘলীয়া মুকলি চিঠি লিখি ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল আৰু তেওঁৰ গীতটো ৰখাৰ বাবে অনুৰোধ জনাইছিল। কিন্তু চলমানে নিজৰ সিদ্ধান্তৰ লৰচৰ কৰা নাছিল। যদিও যোৱা বছৰ ‘টাইগাৰ ৩’ ছবিখনত চলমান আৰু অৰিজিতে দীঘলীয়া ৯ বছৰৰ পাছত একেলগে কাম কৰিছিল, তথাপিও সমালোচকৰ মতে এতিয়াও দুয়োৰে মাজত শীতল যুদ্ধ চলি আছে।

বলীউড মানেই নেপটিজিম আৰু লবী। বহুবাৰ দেখা গৈছে যে গীত ৰেকৰ্ডিং কৰা হৈছে যদিও শেষ মুহূৰ্তত আন এজন প্ৰভাৱশালী গায়ক বা লবীৰ প্ৰিয় কোনোবা এজনক গীত গোৱাৰ বাবে ব্যৱহাৰ কৰা হয়। সংগীত পৰিচালকৰ সৈতে অৰিজিতৰ সম্পৰ্ক মধুৰ হ’লেও লবীৰ বাবে অৰিজিতৰ বহু গীত হেৰাই যোৱা বুলি চৰ্চা চলিছে।

চলমান খানৰ সৈতে দীৰ্ঘদিনীয়া কাজিয়া সমাধান হ’লেও বলীউডৰ ৰাজনীতিত আৰু কিমান প্ৰতিভা হেৰাই যাব সেয়া সেয়া এক নুবুজা সাঁথৰ। অৰিজিতৰ এই ঘোষণাই পুনৰ বলীউডক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন কৰিছে।