আমেৰিকান ব্ৰেণ্ডৰ বিৰুদ্ধে ভাৰতীয়ৰ বিপ্লৱ! ট্ৰাম্পক প্ৰত্যুত্তৰ দিবলৈ ব্যৱহাৰ কৰিব এই অস্ত্ৰ…
আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% কৰ আৰোপ কৰাৰ পিছত দেশত আমেৰিকান ব্ৰেণ্ডৰ বিৰুদ্ধে প্ৰতিবাদ দ্ৰুতগতিত বৃদ্ধি পাইছে। মেড ইন ইণ্ডিয়াই সমৰ্থন লাভ কৰাৰ লগতে ব্যৱসায়ীসকলেও থলুৱা সামগ্ৰীৰ প্ৰচাৰৰ বাবে আবেদন জনাইছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০% কৰ আৰোপ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে দেশৰ আমেৰিকান ব্ৰেণ্ডৰ বিৰুদ্ধে ক্ষোভৰ বৰ্হি প্ৰকাশ কৰিছে। যিখন দেশে আগতে চীনক নিজৰ শক্তি দেখুৱাবলৈ সাহস কৰিছিল, এতিয়া সেই একেখন ভাৰতে আমেৰিকাক উত্তৰ দিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। যোৱা কেইটামান দশকত নিজৰ অৰ্থনৈতিক শক্তি বৃদ্ধি কৰি আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত ঘৰুৱা সামগ্ৰীৰ প্ৰচাৰৰ সংকল্প লৈছে ভাৰতে। প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতীয় বজাৰত ঘৰুৱা সামগ্ৰীৰ অংশীদাৰিত্ব বৃদ্ধিৰ প্ৰচেষ্টা অব্যাহত আছে।
আমেৰিকাৰ শুল্ক বৃদ্ধি সিদ্ধান্তৰ পিছত ভাৰতত মেড ইন ইণ্ডিয়াক সমৰ্থন কৰাৰ জোৱাৰ তীব্ৰতৰ হৈ পৰিছে। ব্যৱসায়ী আৰু সাধাৰণ জনতা উভয়ে বিদেশী ব্ৰেণ্ড বৰ্জন কৰি দেশৰ সামগ্ৰীক অগ্ৰাধিকাৰ দিয়াৰ দাবী উত্থাপন কৰিছি। ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ বৃদ্ধি পাইছে মেড ইন ইণ্ডিয়াৰ সমৰ্থন।
আমেৰিকাৰ কোম্পানীসমূহৰ বাবে ভাৰত এখন ডাঙৰ আৰু গুৰুত্বপূৰ্ণ বজাৰ। ইয়াত ক্ৰমবৰ্ধমান মধ্যবিত্ত শ্ৰেণী আৰু ধনী গ্ৰাহকসকলে দীৰ্ঘদিন ধৰি আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ প্ৰতি উন্মাদ হৈ আহিছে। মেকড’নাল্ডছ, কোকাকোলা, আমাজন, এপ’ল আদি নাম ভাৰতৰ দৈনন্দিন জীৱনৰ এক অংশ। ভাৰতৰ ভিতৰতে হোৱাটছএপতো সৰ্বাধিক ইউজাৰ বেছ আছে, আনহাতে ডমিনোছৰ সৰ্বাধিক ৰেষ্টুৰেণ্ট আছে। এনে পৰিস্থিতিত যদি ভাৰতত আমেৰিকান ব্ৰেণ্ডৰ বৰ্জন তীব্ৰতৰ হয়, তেন্তে ইয়াৰ ফলত এই কোম্পানীসমূহৰ বৃহৎ লোকচান হ’ব পাৰে।
এতিয়া মেড ইন ইণ্ডিয়াৰ সমৰ্থনত ব্যৱসায়ীসকলৰ কণ্ঠও সংযোজন কৰা হৈছে। Wow Skin Science ৰ সহ-প্ৰতিষ্ঠাপক মনীষ চৌধাৰীয়ে ভিডিঅ’ বাৰ্তাযোগে কৃষক আৰু ষ্টাৰ্টআপক উৎসাহিত কৰি কয় যে এতিয়া মেড ইন ইণ্ডিয়াক সমগ্ৰ বিশ্বতে জনপ্ৰিয় কৰাৰ সময় আহি পৰিছে। এটা উদাহৰণ দি তেওঁ কয় যে দক্ষিণ কোৰিয়াৰ খাদ্য আৰু সৌন্দৰ্য্য সামগ্ৰীয়ে যিদৰে বিশ্বত নিজৰ নাম উজলাইছিল, ভাৰতীয় ব্ৰেণ্ডসমূহেও নিজৰ বিশেষ পৰিচয় গঢ়ি তুলিব লাগে।
ড্ৰাইভইউৰ চিইঅ’ ৰহম শাস্ত্ৰীয়ে ছ’চিয়েল মিডিয়াত লিখিছে যে ভাৰতেও চীনৰ দৰে নিজাকৈ ছ’চিয়েল মিডিয়া আৰু টেক প্লেটফৰ্ম তৈয়াৰ কৰিব লাগে, যাতে টুইটাৰ, গুগল, ইউটিউব আৰু হোৱাটছএপৰ দৰে বিদেশী সেৱাৰ ওপৰত আমাৰ নিৰ্ভৰশীলতা হ্ৰাস পাব পাৰে।
আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ
দেওবাৰে বেংগালুৰুত এক কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো কোম্পানীৰ নাম নোলোৱাকৈয়ে কয় যে ভাৰতীয় টেক কোম্পানীয়ে বিশ্বৰ বাবে সামগ্ৰী তৈয়াৰ কৰে, কিন্তু এতিয়া দেশৰ প্ৰয়োজনীয়তাক প্ৰথম স্থান দিয়াৰ সময় আহি পৰিছে। তেওঁৰ এই বক্তব্যই সাম্প্ৰতিক পৰিবেশত আত্মনিৰ্ভৰশীল ভাৰতৰ বাৰ্তাক আৰু অধিক শক্তিশালী কৰি তুলিছে।
ইফালে বিজেপিৰ সৈতে জড়িত সংগঠন স্বদেশী জাগৰণ মঞ্চই দেওবাৰে দেশজুৰি সৰু সৰু বিক্ষোভ প্ৰদৰ্শন কৰি জনসাধৰণক আমেৰিকান ব্ৰেণ্ড বৰ্জন কৰিবলৈ আহ্বান জনায়। সংগঠনটোৰ সহযোগী আহ্বায়ক অশ্বিনী মহাজনে কয়, “মানুহে এতিয়া ভাৰতীয় সামগ্ৰীৰ দিশে ধাৱমান হৈছে। নিশ্চয় সময় লাগিব, কিন্তু দেশপ্ৰেম আৰু দেশৰ প্ৰতি প্ৰেমৰ আহ্বান।”
দেশী বিকল্পৰ পৰামৰ্শ দিয়া হৈছে
ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত বিদেশী খাদ্য শৃংখল বৰ্জন কৰক শীৰ্ষক এটা গ্রাফিক ব্যাপকভাৱে শ্বেয়াৰ কৰিছে স্বদেশী জাগৰণ মঞ্চে। য’ত মেকড’নাল্ডছকে ধৰি বহু ৰেষ্টুৰেণ্ট ব্ৰেণ্ডৰ ল’গ’ দেখুওৱা হৈছে৷ একে সময়তে হোৱাটছএপতো এখন তালিকা প্ৰচাৰিত হৈছে, য’ত ভাৰতীয় চাবোন, টুথপেষ্ট আৰু শীতল পানীয়ৰ দেশী বিকল্পৰ পৰামৰ্শ দিয়া হৈছে।
লগতে পঢ়ক: উজ্জ্বলা হিতাধিকাৰীৰ বাবে সুখবৰ! ঘৰুৱা চিলিণ্ডাৰৰ ৰাজসাহায্যক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত…