উজ্জ্বলা হিতাধিকাৰীৰ বাবে সুখবৰ! ঘৰুৱা চিলিণ্ডাৰৰ ৰাজসাহায্যক লৈ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত…
কেন্দ্ৰীয় চৰকাৰে পি এম উজ্জ্বলা যোজনাৰ অধীনত ঘৰুৱা গেছ চিলিণ্ডাৰত ৩০০ টকীয়া ৰাজসাহায্য ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে অব্যাহত ৰখাত অনুমোদন জনাইছে। এই সুবিধা এবছৰত সৰ্বাধিক ৯টা ৰিফিলত উপলব্ধ হ’ব, যিয়ে সকাহ দিব কোটি কোটি দৰিদ্ৰ পৰিয়ালক। এই সিদ্ধান্তত ১২ হাজাৰ কোটি টকা ব্যয় কৰা হ’ব আৰু এল পি জিৰ অৰ্থনৈতিক ব্যৱহাৰ বৃদ্ধি পাব।

প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ অধীনত এল পি জি গেছৰ ৰাজসাহায্য সন্দৰ্ভত ডাঙৰ সিদ্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত ১৪.২ কেজি ঘৰুৱা গেছ চিলিণ্ডাৰত ৩০০ টকাৰ ৰাজসাহায্য অব্যাহত ৰাখিবলৈ অনুমোদন দিয়া হৈছে। এই সুবিধা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে উপলব্ধ হ’ব যদিও ইয়াৰ সুবিধা বছৰত সৰ্বাধিক ৯ বাৰ চিলিণ্ডাৰ ভৰোৱাৰ পিছতহে উপলব্ধ হ’ব। এই সিদ্ধান্তত প্ৰায় ১২ হাজাৰ কোটি টকা খৰচ হ’ব বুলি চৰকাৰে অনুমান কৰিছে। মুদ্ৰাস্ফীতিৰ মাজতে ইয়াৰ প্ৰত্যক্ষ লাভ পাব কোটি কোটি উজ্জ্বলা হিতাধিকাৰীসকলে।
কিয় এই সিদ্ধান্ত লোৱা হ’ল?
ভাৰতৰ এল পি জিৰ প্ৰয়োজনীয়তাৰ প্ৰায় ৬০% আমদানিৰ ওপৰত নিৰ্ভৰশীল। দৰিদ্ৰ পৰিয়ালসমূহ যাতে বিশ্বৰ মূল্যৰ উঠা-নমাৰ দ্বাৰা প্ৰভাৱিত নহয়, তাৰ বাবে ২০২২ চনৰ মে’ মাহত চৰকাৰে প্ৰতিটো চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্য প্ৰৱৰ্তন কৰে। এবছৰত সৰ্বাধিক ১২টা ৰিফিলৰ বাবে এইটো প্ৰযোজ্য আছিল আৰু ৫ কিলোগ্ৰাম চিলিণ্ডাৰৰ বাবেও সমানুপাতিকভাৱে দিয়া হৈছিল। এতিয়া ২০০ টকাৰ সলনি ৩০০ টকাৰ ৰাজসাহায্যৰে উজ্জ্বলা যোজনাৰ হিতাধিকাৰীৰ বাবে সস্তা হ’ব এলপিজি। এই পদক্ষেপে ৰন্ধন গেছৰ নিৰন্তৰ আৰু অৰ্থনৈতিক ব্যৱহাৰ বৃদ্ধি কৰিব বুলি চৰকাৰৰ বিশ্বাস।
এলপিজিৰ ব্যৱহাৰৰ উন্নতি
যোৱা কেইবছৰমানৰ পৰা উজ্জ্বলা যোজনাৰ সৈতে জড়িত পৰিয়ালসমূহৰ মাজত এল পি জিৰ ব্যৱহাৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ২০১৯-২০ চনত প্ৰতিজন হিতাধিকাৰীৰ বাবে গড়ে ৩টা ৰিফিল প্ৰদান কৰা হৈছিল, যিটো ২০২২-২৩ চনত ৩.৬৮ আৰু ২০২৪-২৫ চনত প্ৰায় ৪.৪৭লৈ বৃদ্ধি পাইছিল। পৰিসংখ্যা অনুসৰি এতিয়া অধিক লোকে নিয়মিতভাৱে এল পি জি ব্যৱহাৰ কৰিছে, যাৰ ফলত ধোঁৱাৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যাও হ্ৰাস পাইছে।
২০১৬ চনত আৰম্ভ হৈছিল উজ্জ্বলা যোজনা
২০১৬ চনৰ মে’ মাহৰ পৰা আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ উদ্দেশ্য আছিল দৰিদ্ৰ পৰিয়াল, বিশেষকৈ মহিলাসকলক কোনো ধৰণৰ আগতীয়া জমা ধন নোহোৱাকৈ এল পি জি সংযোগ প্ৰদান কৰা। ২০২৫ চনৰ ১ জুলাইলৈকে সমগ্ৰ দেশতে প্ৰায় ১০.৩৩ কোটি সংযোগ প্ৰদান কৰা হৈছে। এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলে চিলিণ্ডাৰ, ৰেগুলেটৰ, পাইপ, ডিজিচিচি পুস্তিকা আৰু ইনষ্টলেচন চাৰ্জৰ বাবে একো খৰচ কৰিব নালাগে। উজ্জ্বলা ২.০ৰ অধীনত প্ৰথম ৰিফিল আৰু এটা ষ্ট’ভও বিনামূলীয়াকৈ দিয়া হয়। এই সকলোবোৰ খৰচ চৰকাৰ আৰু তেল কোম্পানীয়ে একেলগে বহন কৰে, যাতে দৰিদ্ৰ পৰিয়ালসমূহে কোনো ধৰণৰ আৰ্থিক বোজা নোহোৱাকৈ এল পি জি ব্যৱহাৰ আৰম্ভ কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক: এতিয়াৰে পৰা জংঘল আৰু গাঁৱতো উপলব্ধ হ’ব OYO ৰুম, বৃহৎ চুক্তিত স্বাক্ষৰ