অসাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ভাবুকি! ৰাছিয়াৰ পৰা ৰিলায়েঞ্চে ক্ৰয় কৰিব এই বৃহৎ পৰিমাণৰ তেল
ট্ৰাম্পৰ ৰুছ তেল ক্ৰয় সন্দৰ্ভত কঠোৰ স্থিতিৰ মাজতো ভাৰতে নিজৰ শক্তি সুৰক্ষাৰ স্বাৰ্থত আপোচ কৰা নাই। ইয়াৰ এক স্পষ্ট প্ৰমাণ দাঙি ধৰি ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ ৰিফাইনাৰী কোম্পানী ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেড (RIL)-এ পুনৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে।
ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ক লৈ শেহতীয়া সময়ছোৱাত বাৰে বাৰে ভাবুকি দি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। পিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ এনে সকীয়নি বা ভাবুকিৰ কোনো প্ৰভাৱ বৰ্তমান ভাৰতীয় বজাৰত পৰা দেখা পোৱা নাই। ট্ৰাম্পৰ ৰুছ তেল ক্ৰয় সন্দৰ্ভত কঠোৰ স্থিতিৰ মাজতো ভাৰতে নিজৰ শক্তি সুৰক্ষাৰ স্বাৰ্থত আপোচ কৰা নাই। ইয়াৰ এক স্পষ্ট প্ৰমাণ দাঙি ধৰি ভাৰতৰ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ ৰিফাইনাৰী কোম্পানী ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰীজ লিমিটেড (RIL)-এ পুনৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে।
দৈনিক ১.৫ লাখ বেৰেল তেল আমদানি
বিশ্বৰ বৃহত্তম ৰিফাইনিং কমপ্লেক্স পৰিচালনা কৰা ৰিলায়েঞ্চে অহা ফেব্ৰুৱাৰী মাহৰ পৰা দৈনিক ১.৫ লাখ বেৰেল পৰ্যন্ত ৰুছ খাৰুৱা তেল ক্ৰয় কৰিব। কোম্পানীটোৰ এগৰাকী জ্যেষ্ঠ বিষয়াই আজি এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰে। আমেৰিকাৰ প্ৰতিবন্ধকতাৰ বাবে ৰিলায়েঞ্চে যোৱা ডিচেম্বৰ মাহত শেষবাৰৰ বাবে ৰুছ তেল ক্ৰয় কৰিছিল।
অৱশ্যে, যিবোৰ ৰুছ কোম্পানী বা মধ্যভোগী ব্যৱসায়ীৰ ওপৰত বৰ্তমান কোনো আমেৰিকান প্ৰতিবন্ধকতা নাই, তেওঁলোকৰ জৰিয়তে ৰিলায়েঞ্চে এই তেল ক্ৰয় কৰিব। ৰিলায়েঞ্চৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে, ফেব্ৰুৱাৰীৰ পৰা ক্ৰয় কৰিবলগীয়া এই ১.৫ লাখ বেৰেল তেল ঘৰুৱা বজাৰৰ প্ৰয়োজন পূৰণৰ বাবে ব্যৱহাৰ কৰা হ’ব।
ইয়াৰ পূৰ্বে কোম্পানীটোৱে ৰাছিয়াৰ ৰোছনেফ্ট (Rosneft) কোম্পানীৰ সৈতে হোৱা চুক্তিৰ অধীনত দৈনিক ৫ লাখ বেৰেল পৰ্যন্ত তেল আমদানি কৰিছিল। গুজৰাটৰ জামনগৰ ৰিফাইনাৰী কমপ্লেক্সৰ প্ৰয়োজন পূৰণৰ বাবে ৰিলায়েঞ্চে কেৱল ৰাছিয়াৰ ওপৰতে নিৰ্ভৰ নকৰি চৌদি আৰৱ, ইৰাক আৰু কানাডাৰ পৰাও তেল আমদানি কৰি আহিছে।
ভেনিজুৱেলাৰ সৈতে যোগাযোগ
ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি, ৰিলায়েঞ্চে বৰ্তমান ভেনিজুৱেলাৰ পৰাও খাৰুৱা তেল ক্ৰয় কৰিবলৈ আমেৰিকাৰ অনুমতি বিচাৰিছে। ইয়াৰ মূল উদ্দেশ্য হৈছে বৃহৎ ৰুছ তেল কোম্পানীসমূহৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা আৰু নিজৰ যোগান ব্যৱস্থা সুৰক্ষিত কৰা। আমেৰিকাৰ ৰাজনৈতিক হেঁচা থকা সত্ত্বেও ৰিলায়েঞ্চৰ এই পদক্ষেপে ভাৰতৰ শক্তি সুৰক্ষা আৰু অৰ্থনৈতিক স্বতন্ত্ৰতাৰ ইংগিত দিছে।