শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰত-পাকিস্তানৰ যুদ্ধৰ মাজতে বৃদ্ধি পাব নেকি খাদ্য সামগ্ৰীৰ মূল্য? চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত!

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ মাজতে কেন্দ্ৰীয় খাদ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে, দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ নাই। ইয়াৰোপৰি তেোঁ কি কি ক 'লে জানো আহক।

ভাৰত-পাকিস্তানৰ যুদ্ধৰ মাজতে বৃদ্ধি পাব নেকি খাদ্য সামগ্ৰীৰ মূল্য? চৰকাৰে লৈছে ডাঙৰ সিদ্ধান্ত!
ভাৰত-পাকৰ যুদ্ধৰ মাজতে বৃদ্ধি পাব নেকি খাদ্য-সামগ্ৰীৰ মূল্য?
barasha-misra
Barasha Misra | Published: 09 May 2025 15:59 PM

পাহলগাম আক্ৰমণৰ ঠিক ১৫ দিনৰ পাছতেই পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ পৰা প্ৰতিশোধ ল’লে ভাৰতে। ক্ৰমাৎ বৃদ্ধি পোৱা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত একাংশ লোকে খাদ্য সামগ্ৰী জমা কৰি ৰাখিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় খাদ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাইজক খাদ্য সামগ্ৰী জমা নকৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে দেশত সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ সম্পূৰ্ণ মজুত আছে।

খাদ্যৰ পৰিমাণ প্ৰয়োজনতকৈ বহুগুণ বেছি

কেন্দ্ৰীয় খাদ্য মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ছ’চিয়েল মিডিয়া ‘X’ত এক পোষ্টযোগে কয় যে, দেশৰ একাংশ অঞ্চলত উৰাবাতৰি বিয়পি পৰিছে, যাৰ প্ৰভাৱত মানুহে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু দৈনন্দিন প্ৰয়োজনীয় বহু বস্তু সংগ্ৰহত নিয়োজিত হৈছে। খাদ্য মন্ত্ৰীগৰাকীয়ে জমা কৰাৰ প্ৰয়োজনীয়তা স্পষ্টভাৱে অস্বীকাৰ কৰি কয় যে, ‘সমগ্ৰ দেশতে আমাৰ হাতত প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰ্যাপ্ত মজুত আছে। আমাৰ ষ্টক প্ৰয়োজনতকৈ বহুগুণ বেছি আৰু দেশৰ কোনো প্ৰান্তত মানুহে বজাৰলৈ লৰালৰিকৈ যোৱাৰ প্ৰয়োজন নাই।

অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ নাই

দেশত অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱ হোৱা নাই আৰু এনে উৰাবাতৰিৰ প্ৰতি কোনেও গুৰুত্ব দিয়া উচিত নহয়। ভাৰত আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে কেইবাখনো ৰাজ্যই বিদ্যালয় বন্ধ, সীমান্ত জিলাত ব্লেকআউট আৰু আৰক্ষী আৰু প্ৰশাসনৰ বিষয়াৰ ছুটী বাতিল কৰাৰ কথা ঘোষণা কৰিছে।

ভাৰতে আকাশৰ মাৰ্গত ড্ৰোন আৰু মিছাইল নিক্ষেপ পাকিস্তানৰ

বৃহস্পতিবাৰে নিশা প্ৰায় ৮ বজাত পাকিস্তানে জম্মুৰ সীমান্তৱৰ্তী অঞ্চলত মিছাইল আৰু ড্ৰোন আক্ৰমণ আৰম্ভ কৰে। জম্মুৰ পিছত পাকিস্তানে পঞ্জাৱ আৰু ৰাজস্থানৰ সীমান্তৱৰ্তী অঞ্চলতো ব্যাপক আক্ৰমণ চলায়। ১০০ৰো অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰে পাকিস্তানে। কেৱল ৰাজস্থানৰ জয়ছালমেৰত পাকিস্তানে ৭০টাতকৈও অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল। কিন্তু ভাৰতৰ এয়াৰ ডিফেন্স চিষ্টেমে পাকিস্তানে পঠোৱা সকলো ড্ৰ’ন আৰু মিছাইল আকাশৰ মাজতে ধ্বংস কৰে।