শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সেও মানিব পাকিস্তানে! মাত্ৰ ৪ দিনৰ বাকী আছে গোলা-বাৰুদ, প্ৰতিবেদনত প্ৰকাশ

পাকিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিয়ে ইয়াৰ সামৰিক প্ৰস্তুতিৰ ওপৰত ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিছে। গোলা-বাৰুদৰ নাটনি আৰু অৰ্থনৈতিক সংকটৰ বাবে ভাৰতৰ সৈতে সংঘাত হ’লে পাকিস্তান সেনাক অতি সোনকালে সেও মনাব পৰা যাব। কাৰণ তেওঁলোকৰ হাতত চাৰিদিন যুঁজিবলৈহে মাত্ৰ গোলা-বাৰুদ আছে।

সেও মানিব পাকিস্তানে! মাত্ৰ ৪ দিনৰ বাকী আছে গোলা-বাৰুদ, প্ৰতিবেদনত প্ৰকাশ
সেও মানিব পাকিস্তানে!
barasha-misra
Barasha Misra | Published: 09 May 2025 12:48 PM

পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানক উপযুক্ত উত্তৰ দিয়াৰ সংকল্প লয়। ইফালে এটা চোৰাংচোৱা প্ৰতিবেদনত পোহৰলৈ আহিছে এক আচৰিত ধৰণৰ তথ্য।যিয়ে পাকিস্তানৰ ছবি উদঙাই দিছে। প্রতিবেদন অনুসৰি পাকিস্তানৰ যুদ্ধত যুঁজিবলৈ বাকী আছে মাত্র চাৰিদিনৰ গোলা-বাৰুদ। এনে পৰিস্থিতিত ক্ষেপণাস্ত্ৰ আক্ৰমণ চলাই থকা পাকিস্তানে হয়তো অতি সোনকালে সেও মানি ল’ব পাৰে।

ইয়াৰ অৰ্থ স্পষ্ট যে ভাৰতে যদি পাকিস্তানৰ বিৰুদ্ধে পূৰ্ণাংগ যুদ্ধ আৰম্ভ কৰে তেন্তে চুবুৰীয়া দেশখনৰ আত্মসমৰ্পণৰ বাহিৰে আন কোনো বিকল্প নাথাকিব। এনে পৰিস্থিতিত ভাৰতীয় সেনাৰ নীৰৱ কৌশল এই সময়ত পাকিস্তানৰ বাবে আগন্তুক ধুমুহাৰ দৰে।

মাত্ৰ ৪ দিনৰ গোলা-বাৰুদ

বৰ্তমান পাকিস্তান সেনাবাহিনীয়ে ভয়াৱহ গোলাবাৰুদৰ সংকটৰ সন্মুখীন হৈছে, যাৰ ফলত যুদ্ধৰ ক্ষমতা মাত্ৰ চাৰিদিনতে সীমাবদ্ধ হৈ পৰিছে। এ এন আই আৰু অন্যান্য সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পাকিস্তানৰ গোলা-বাৰুদৰ মজুত ইমানেই ক্ষীণ হৈছে যে ই কেৱল ৯৬ ঘণ্টা ধৰিহে ডাঙৰ যুদ্ধ চলাই ৰাখিব পাৰিব।

এই সংকটৰ মূল কাৰণ হৈছে পাকিস্তানে শেহতীয়াকৈ ইউক্ৰেইন আৰু ইজৰাইললৈ ১৫৫ মিলিমিটাৰ আৰ্টিলাৰী শ্বেল আৰু ১২২ মিলিমিটাৰ ৰকেট বৃহৎ পৰিমাণৰ ৰপ্তানি কৰা। খবৰ অনুসৰি ২০২৩ চনৰ ফেব্ৰুৱাৰীৰ পৰা মাৰ্চ মাহৰ ভিতৰত পাকিস্তানে ইউক্ৰেইনলৈ ৪২,০০০ ১২২ মিমি বিএম-২১ ৰকেট আৰু ৬০,০০০ ১৫৫ মিমি হাউইটজাৰ শ্বেল প্ৰেৰণ কৰিছিল, যাৰ ফলত ইয়াৰ ঘৰুৱা মজুত গুৰুতৰভাৱে হ্ৰাস পাইছিল।

সংকটত পাকিস্তান

পাকিস্তান অৰ্ডানেন্স ফেক্টৰীজৰ (POF) আওপুৰণি উৎপাদন সুবিধা আৰু বৰ্ধিত বিশ্বব্যাপী চাহিদাই গোলা-বাৰুদৰ যোগানত বাধাৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰিও দেশৰ অৰ্থনৈতিক অৱস্থাও ভয়াৱহ, য’ত উচ্চ মুদ্ৰাস্ফীতি, ঋণ বৃদ্ধি, বৈদেশিক মুদ্ৰাৰ মজুত হ্ৰাস আদি অন্তৰ্ভুক্ত। এই পৰিস্থিতিয়ে সামৰিক অনুশীলন স্থগিত ৰখা আৰু ৰেচন কৰ্তনৰ দৰে পদক্ষেপ ল’বলৈ বাধ্য কৰাইছে।

এই পৰিস্থিতিক লৈ পাকিস্তানৰ সামৰিক নেতৃত্বই গভীৰভাৱে উদ্বিগ্ন হৈ পৰিছে। এই বিষয়টো ২০২৫ চনৰ ২ মে’ত অনুষ্ঠিত হোৱা বিশেষ কৰ্পছ কমাণ্ডাৰ সন্মিলনত আলোচনা কৰা হৈছিল।প্ৰাক্তন সেনা প্ৰধান জেনেৰেল কামাৰ জাভেদ বাজৱাই ইতিমধ্যে সকীয়াই দিছিল যে ভাৰতৰ সৈতে দীৰ্ঘদিনীয়া যুদ্ধ কৰিবলৈ পাকিস্তানৰ হাতত গোলা-বাৰুদৰ ক্ষমতাও নাই, অৰ্থনৈতিক সম্পদো নাই।