শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Nicolas Maduro: ট্ৰাম্পৰ ‘মেজিক’, মাদুৰোক গ্ৰেপ্তাৰৰ পাছতে বিক্ৰী বৃদ্ধি Nike ৰ !

Nike ৰ বিক্ৰী বৃদ্ধিৰ কাৰণ কি? কিছুমানৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰা মাদুৰোৰ ‘বন্দি অৱস্থাৰ’ প্ৰথমখন ফটোৰ বাবে বৃদ্ধি পাইছে বিক্ৰী।

Nicolas Maduro: ট্ৰাম্পৰ ‘মেজিক’, মাদুৰোক গ্ৰেপ্তাৰৰ পাছতে বিক্ৰী বৃদ্ধি Nike ৰ !
Manas Borah
Manas Borah | Updated On: 06 Jan 2026 20:35 PM

মাদুৰোক গ্ৰেপ্তাৰ কৰাৰ পিছত হঠাতে বৃদ্ধি পাইছে লাইফষ্টাইল ব্ৰেণ্ড Nike ৰ বিক্ৰী। কিন্তু এই বিশ্ববিখ্যাত স্প’ৰ্টছৱেৰ ব্ৰেণ্ড আৰু ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতিৰ মাজত কি সম্পৰ্ক? Nike ৰ বিক্ৰী বৃদ্ধিৰ কাৰণ কি? কিছুমানৰ মতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰকাশ কৰা মাদুৰোৰ ‘বন্দী অৱস্থাৰ’ প্ৰথমখন ফটোৰ বাবে বৃদ্ধি পাইছে বিক্ৰী। আপোনাৰো হয়তো শুনি আচৰিত লাগিছে!

চকুৰ ওপৰত ক’লা আৱৰণ, কাণত হেডফোন, হাতত পানীৰ বটল আৰু পাতল ধূসৰ ৰঙৰ এটা জেকেট পিন্ধি আছিল মাদুৰোৱে। ক’লৈ গৈ আছে, কেনেকৈ গৈ আছে, সেই মুহূৰ্তত অনুমান কৰাটো মাদুৰোৰ বাবে অসম্ভৱ আছিল। এই ফটোখন সেই সময়ত তোলা। তেওঁ আমেৰিকাৰ এখন জাহাজত আছিল। তাৰ পিছত ট্ৰাম্পে ছ’চিয়েল মিডিয়াত ফটোখন পোষ্ট কৰাৰ লগে লগে মিনিটৰ ভিতৰতে ভাইৰেল হৈ পৰে। যেন গোটেই পৃথিৱীখনে সেই ফটোখনৰ বাবে অপেক্ষা কৰি আছিল।

মাদুৰোৱে পিন্ধা পাতল ধূসৰ ৰঙৰ জেকেটটোৱে Nike ৰ খেলখন ওলোটা কৰি পেলাইছে। নেটিজেনে ট্ৰাম্পে পোষ্ট কৰা ছবিখন বিচাৰিবলৈ আৰম্ভ কৰে। দেখা যায় যে, পাতল ধূসৰ ৰঙৰ জেকেটটো Nike ব্ৰেণ্ডৰ। ইতিমধ্যে গুগল ট্ৰেণ্ডছতো এই জেকেটৰ প্ৰভাৱ দেখা গৈছে। দেওবাৰে নিশা ১০ বজাৰ পৰা সোমবাৰে পুৱা ৮ বজালৈ একাধিকবাৰ এই জেকেটটো চাৰ্চ কৰা হৈছিল।

ট্ৰাম্পৰ কৃপাত মাদুৰোৱে পিন্ধা পাতল ধূসৰ ৰঙৰ জেকেটৰ ছবিখনে বিনামূলীয়াকৈ খ্যাতি অৰ্জন কৰিছে। কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছে যে, এই জেকেটৰ সকলো লট ইতিমধ্যে বিভিন্ন বাণিজ্যিক সামগ্ৰীৰ ছাইটত সম্পূৰ্ণৰূপে বিক্ৰী হৈ গৈছে। সকলোতে ‘sold out’ দেখুওৱা হৈছে। অৱশ্যে Nike ৰ ৱেবছাইটত এতিয়াও এই জেকেটটো উপলব্ধ। মুঠ ৭,৮৮০ টকাত বিক্ৰী হৈছে ‘মাদুৰো’ৰ এই জেকেট।