শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Jobs: দৰমহা প্ৰতিমাহত ৭০ৰ পৰা ৮০ হাজাৰ, বয়সৰ সীমা ৩০ বছৰ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

চৰকাৰী চাকৰি বিচাৰি থকাসকলৰ বাবে আছে এক ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চাকৰি। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে পদসমূহৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে

Jobs: দৰমহা প্ৰতিমাহত ৭০ৰ পৰা ৮০ হাজাৰ, বয়সৰ সীমা ৩০ বছৰ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 05 Jan 2026 16:17 PM

ভাল দৰমহাৰ এটা চাকৰি কাকনো নালাগে! যদি আপুনিও এনে চাকৰি বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো পুনৰ ওলাইছে চৰকাৰী চাকৰি। ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (NHIDCL)য়ে কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি ৬৯ টা সহযোগী (Associate)ৰ পদ পূৰ কৰা হ’ব। এই পদৰ বাবে আবেদন প্ৰক্ৰিয়া ১৮ ডিচেম্বৰ, ২০২৫ৰ পৰা চলি আছে আৰু শেষ সীমা ১২ জানুৱাৰী, ২০২৬।

গতিকে এই পদৰ বাবে যদি আপুনি যোগ্য আৰু ইচ্ছুক তেন্তে আবেদন কৰিব পাৰে। আপুনি NHIDCLৰ অফিচিয়েল ৱেবচাইটত গৈ অনলাইন আবেদন কৰিব পাৰে। এই পদৰ বাবে আবেদন কৰিবলৈ আপোনাক বিশেষ যোগ্যতাৰ প্ৰয়োজন হব’। সকলো তলত উল্লেখ কৰা হ’ল।

পদৰ বিৱৰণ

  • পদৰ নামঃ সহযোগী (Associate)
  • পদৰ সংখ্যাঃ ৬৯টা।
  • অসমত পদঃ ১৫ টা।
  • দৰমহাঃ ৭০,০০০ৰ পৰা ৮০,০০০ টকা প্ৰতিমাহ।
  • বয়সঃ ৩০ বছৰৰ ভিতৰত প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব।
  • শিক্ষাগত অৰ্হতাঃ প্ৰাৰ্থী IITs, NITs বা শীৰ্ষ ১০০ NIRFৰেংকিং ইনষ্টিটিউটৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী বা সমতুল্য।
  • অভিজ্ঞতাঃ ০ৰ পৰা ২বছৰ।

অনলাইন লিংক

কেনেকৈ আবেদন কৰিব?

  • প্ৰথমে আপুনি NHIDCLৰ অফিচিয়েল ৱেবচাইটলৈ যাওক।
  • Important Web-Links ত ক্লিক কৰক।
  • Online Application Formত ক্লিক কৰি ৰেজিষ্টাৰ কৰক।
  • ব্যক্তিগত, শিক্ষাগত অৰ্হতাৰ তথ্য দিয়ক।
  • চাবমিট কৰক।

উল্লেখ কৰা প্ৰয়োজন যে, সংৰক্ষিত শ্ৰেণীৰ লোকে ৰেহাই লাভ কৰিব। ইয়াৰ বাবে আপোনাক সংৰক্ষিত শ্ৰেণীৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ’ব। অধিক জানিবলৈ অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়ক: বেংকত চাকৰি লাভৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…