শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোনে পাব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ ধন, কেনেকৈ কৰিব আবেদন? সকলো জানক…

আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ল’ৰাক উচ্চ শিক্ষাত সহায় কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি বাবে যোগ্য স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰৰ পৰা আবেদনৰ আহ্বান জনাই অসম চৰকাৰে। ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ বাবে সমৰ্থ প’ৰ্টেলযোগে আবেদন কৰিব লাগিব এই ছাত্ৰসকলে।

কোনে পাব ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ ধন, কেনেকৈ কৰিব আবেদন? সকলো জানক…
বাবু আঁচনিৰ বাবে যোগ্য কোন?Image Credit source: X
Trishna Kalita
Trishna Kalita | Updated On: 06 Jan 2026 18:16 PM

ফেব্ৰুৱাৰী মাহৰ পৰা ছাত্ৰসকলৰ বাবে ৰাজ্য আৰম্ভ হ’ব বাবু আঁচনি। ‘বাবু আঁচনি’ৰ অধীনত স্নাতক আৰু স্নাতকোত্তৰ পঢ়ি থকা ল’ৰা শিক্ষাৰ্থীয়ে পাব ধন। ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ জৰিয়তে স্নাতকৰ ছাত্ৰই বছৰি লাভ কৰিব ১০হাজাৰকৈ টকা লাভ কৰিব। লগতে স্নাতকোত্তৰ ছাত্ৰই পাব বছৰি ২০হাজাৰকৈ টকা। উল্লেখ্য যে, ১ জানুৱাৰীত দিনা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰিছিল ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ কথা।

তাৰ পিছতে মঙলবাৰে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ ল’ৰাক উচ্চ শিক্ষাত সহায় কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি বাবে যোগ্য স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰৰ পৰা আবেদনৰ আহ্বান জনাই অসম চৰকাৰে। ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ বাবে সমৰ্থ প’ৰ্টেলযোগে আবেদন কৰিব লাগিব এই ছাত্ৰসকলে। সামাজিক মাধ্যমত এই কথা জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।

কোনসকল ছাত্ৰই পাব এই সুবিধা?

  • আবেদনকৰী স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰসকলৰ পৰিয়ালৰ অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • তেওঁলোকৰ পৰিয়ালৰ বাৰ্ষিক আয় ৪ লাখতকৈ অধিক হ’ব নোৱাৰিব।
  • আবেদনকাৰী স্নাতক আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ নিয়মীয়া ছাত্ৰ হ’ব লাগিব।
  • স্নাতক শ্ৰেণীৰ ছাত্ৰ বিবাহিত হ’লে এই আঁচনিৰ সুবিধা লাভ নকৰিব।
  • ‘বাণীকান্ত কাকতি মেধা বঁটা’ৰ অধীনত স্কুটাৰ লাভ কৰা স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে লাভ নকৰিব এই আঁচনিৰ সুবিধা।
  • লগতে স্নাতকোত্তৰ পৰ্যায়ত মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ সুবিধা লাভ কৰা শিক্ষাৰ্থীয়ে এই আঁচনিৰ সুবিধা লাভ নকৰিব।

উল্লেখ্য যে, আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ ছাত্ৰক উচ্চশিক্ষা প্ৰদান কৰা বাবে ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’প্ৰৱৰ্তন কৰিছে অসম চৰকাৰে। এই আঁচনিৰ অন্য এক লক্ষ্য হ’ল ছাত্ৰসকলৰ মাজত উচ্চ শিক্ষাৰ হাৰ বৃদ্ধি কৰা। লগতে ছাত্ৰসকলৰ মাজত বৃদ্ধি পোৱা ড্ৰ’প আউটৰ হাৰ হ্ৰাস কৰা।

ইয়াৰ লগতে ‘মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি’ৰ বাবে চৰকাৰে বান্ধি দিছে কেইবাটাও চৰ্ত। এই আঁচনিৰ সুবিধা লাভ কৰা ছাত্ৰই নিয়মীয়াকৈ উপস্থিতি, শৈক্ষিক আচৰণ, আৰু অধ্যাপক, কৰ্মচাৰী আৰু সহপাঠী ছাত্ৰ-ছাত্ৰীৰ প্ৰতি সন্মানজনক আচৰণ বজাই ৰাখিব লাগিব। লগতে নিজৰ নিজৰ প্ৰতিষ্ঠানৰ সকলো নিয়ম-নীতিসমূহ পালন লাগিব। ইয়াৰ উপৰিও অসৎ আচৰণ, অনুশাসনহীনতা, প্ৰতাৰণা, ৰেগিং বা আন কোনো অগ্ৰাহ্যযোগ্য আচৰণকে ধৰি প্ৰতিষ্ঠানিক নিয়ম উলংঘা কৰিলে এই আঁচনিৰ অধীনত সুবিধাসমূহ বাতিল কৰা হ’ব বুলিও উল্লেখ কৰিছে শিক্ষা বিভাগে।