শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কেনে আছে পুটিন? চৰকাৰী বাসগৃহত ৯১ টা ড্ৰ’নেৰে ইউক্ৰেইনৰ আক্ৰমণ…

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰী বাসগৃহত প্ৰায় ৯১ টা ড্ৰ'নেৰে আক্ৰমণ চলাই ইউক্ৰেইনে। এই দাবী ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰাভৰ। লগতে তেওঁ কয় যে, এই আক্ৰমণ প্ৰতিশোধ লোৱা হ'ব।

কেনে আছে পুটিন? চৰকাৰী বাসগৃহত ৯১ টা ড্ৰ’নেৰে ইউক্ৰেইনৰ আক্ৰমণ…
পুটিন
barasha-sarma
Barasha Sarma | Updated On: 30 Dec 2025 10:35 AM

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰী বাসগৃহত প্ৰায় ৯১ টা ড্ৰ’নেৰে আক্ৰমণ, এই দাবী ৰাছিয়াৰ বৈদেশিক মন্ত্ৰী ছাৰ্গেই লাভৰাভৰ। তেওঁ কয় যে, ইউক্ৰেইনে ৰাছিয়াৰ নভগ’ৰড প্ৰদেশত ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰী বাসগৃহত আক্ৰমণৰ চেষ্টা চলাইছিল। ২৮ৰ পৰা ২৯ ডিচেম্বৰৰ ভিতৰত পুটিনৰ বাসগৃহত ৯১টা দীৰ্ঘ দূৰত্বৰ ড্ৰ’ন নিক্ষেপ কৰিছে ইউক্ৰেইনে। এই কাৰ্যত তেওঁ ৰাষ্ট্ৰীয় সন্ত্ৰাসবাদী কাৰ্য বুলি অভিহিত কৰে। অৱশ্যে এই সময়ত তেওঁ কোনো প্ৰমাণ দাখিল কৰা নাই।

তেওঁ আৰু কয় যে, সাম্ভাব্য শান্তি চুক্তি সন্দৰ্ভত আলোচনা চলি থকাৰ মাজতে এই আক্ৰমণ সংঘটিত হৈছে। ৰাছিয়াই আলোচনা কৰিব যদিও নিজৰ স্থিতি পুনৰ মূল্যায়ন কৰিব। অৱশ্যে এই আক্ৰমণত কোনো হতাহতি হোৱা নাই। বৈদেশিক মন্ত্ৰীগৰাকীৰ মতে, এই ড্ৰ’নসমূহ ৰাছিয়াই ধ্বংস কৰি পেলাইছে।

অৱশ্যে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিয়ে ৰাছিয়াৰ এই অভিযোগ মিছা বুলি খাৰিজ কৰে। তেওঁ কয় যে, এনে অভিযোগ উত্থাপন কৰি ৰাছিয়াই আমাৰ চৰকাৰী বাসগৃহসমূহত আক্ৰমণ কৰিবলৈ সাজু হৈছে। গতিকে সকলো সজাগ হোৱা প্ৰয়োজন।

ৰাছিয়াৰ প্ৰতিশোধ

এতিয়ালৈকে স্পষ্ট হোৱা নাই যে এই সময়ত পুটিনে বাসগৃহত উপস্থিত আছিল নে নাই। তেওঁ কয় যে, ৰাছিয়াই এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিব আৰু ব্যৱস্থা গ্ৰহণ কৰিব। লগতে কয় যে, ৰাছিয়াই ইতিমধ্যে প্ৰতিশোধমূলক আক্ৰমণৰ লক্ষ্য চিনাক্ত কৰিছে। ৰাছিয়াৰ ভাবুকিৰ প্ৰতি সঁহাৰি জনাই শান্তি আলোচনাক ভেঙুচালি কৰাৰ পৰা ৰক্ষা কৰিবলৈ জেলেনস্কিয়ে আমেৰিকাক আহ্বান জনায়। জেলেনস্কিয়ে কয় যে ৰাজধানী কিয়ভ আক্ৰমণ কৰিব পাৰে।

পুটিনৰ বৈঠক

ইয়াৰ মাজতে সোমবাৰে পুটিনে ৰাছিয়াৰ জ্যেষ্ঠ সামৰিক বিষয়াৰ সৈতে বৈঠকত মিলিত হয়। তেওঁ কয় যে তেওঁৰ সেনাই ২০২২ চনত দখল কৰা ইউক্ৰেইনৰ ভূখণ্ডৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ বৃদ্ধি কৰি আছে।তেওঁ কয় যে ডনবাছ, খেৰচন আৰু জাপ’ৰিজিয়াত সৈন্য আগবাঢ়িছে। এতিয়া ৰাছিয়াই জাপ’ৰিজিয়াৰ প্ৰায় তিনি চতুৰ্থাংশ নিয়ন্ত্ৰণ কৰিছে।

 

অন্য খবৰ পঢ়কঃ দীপুৰ সৈতে ভয়ংকৰ কাণ্ড, ২০০ টা আক্ৰমণ! বাংলাদেশৰ এই অঞ্চলটো কিয় হিন্দুৰ শ্মশান লৈ পৰিণত হ’ল…