শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দিনাজপুৰৰ ‘পুতুল’ কিদৰে হৈ পৰিল খালেদা জিয়া! এইদৰে আৰম্ভ হৈছিল ৰাজনৈতিক যাত্ৰা…

আজি পুৱাৰ ভাগত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াই। নানা অভিযোগৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিলেও বাংলাদেশৰ ইতিহাসত বেগম খালেদা জিয়াৰ নাম সদায় জিলিকি থাকিব।

দিনাজপুৰৰ ‘পুতুল’ কিদৰে হৈ পৰিল খালেদা জিয়া! এইদৰে আৰম্ভ হৈছিল ৰাজনৈতিক যাত্ৰা…
বেগম খালেদা জিয়াImage Credit source: PTI/X
monjit-dutta
Monjit Dutta | Updated On: 30 Dec 2025 10:25 AM

বাংলাদেশৰ ৰাজনৈতিক ইতিহাসৰ এক সুদীৰ্ঘ অধ্যায়ৰ সমাপ্তি ঘটিল। আজি পুৱাৰ ভাগত ঢাকাৰ এভাৰকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে দেশখনৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী বেগম খালেদা জিয়াই। নানা অভিযোগৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিলেও বাংলাদেশৰ ইতিহাসত বেগম খালেদা জিয়াৰ নাম সদায় জিলিকি থাকিব। শেহতীয়াকৈ তেওঁৰ পুত্ৰ তাৰিক ৰহমানে ১৭ বছৰৰ নিৰ্বাসনৰ অন্ত পেলাই উভতি আহিছিল নিজ দেশলৈ; আৰু তাৰ মাত্ৰ পাঁচ দিনৰ পিছতে বিয়োগ ঘটে মাতৃ খালেদা জিয়াৰ।

জন্ম আৰু শিক্ষা

১৯৪৫ চনৰ ১৫ আগষ্টত বংগৰ জলপাইগুৰিত খালেদা খানম পুতুলৰ জন্ম হৈছিল। সেইগৰাকী খালেদা খানম পুতুলেই পৰৱৰ্তী সময়ত হৈ পৰে বাংলাদেশৰ ৰাজনীতিৰ এক অনন্য স্তম্ভ। তেওঁৰ পিতৃ ইস্কন্দৰ পেছাত আছিল এজন ব্যৱসায়ী। পিছলৈ তেওঁলোকৰ পৰিয়াল বাংলাদেশৰ দিনাজপুৰলৈ গুচি যায়।

১৯৬০ চনত মেট্ৰিক পাছ কৰাৰ পিছতে খালেদা জিয়া জিয়াউৰ ৰহমানৰ সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয়। বিয়াৰ পিছত তেওঁ কলকাতাৰ সুৰেন্দ্ৰনাথ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। সেই সূত্ৰই কলকাতা চহৰৰ সৈতে খালেদা জিয়াৰ এক গভীৰ আৱেগিক সম্পৰ্ক গঢ়ি উঠে।

অৰাজনৈতিক খালেদাৰ ৰাজনৈতিক যাত্ৰা

প্ৰথম অৱস্থাত খালেদা জিয়া আছিল সম্পূৰ্ণ এগৰাকী সম্পূৰ্ণ অৰাজনৈতিক মহিলা আছিল। কিন্তু ১৯৮১ চনত স্বামী জিয়াউৰ ৰহমানৰ হত্যাকাণ্ডই তেওঁৰ জীৱন সলনি কৰি দিয়ে। বিধ্বস্ত বিএনপিক ৰক্ষা কৰিবলৈ তেওঁ ৰাজপথলৈ ওলাই আহে। জেনেৰেল এৰছাদৰ সামৰিক শাসনৰ বিৰুদ্ধে তেওঁ আপোচহীন সংগ্ৰাম চলাইছিল। তেওঁৰ প্ৰথম ডাঙৰ সফলতা আছিল ১৯৯১ চনৰ নিৰ্বাচন, এই নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতাৰে জয়ী হৈ তেওঁ প্ৰধানমন্ত্ৰীৰ আসনত বহিছিল।

বাংলাদেশৰ ৰাজনীতিত শ্বেখ হাছিনা আৰু খালেদা জিয়াৰ প্ৰতিদ্বন্দিতা হৈ পৰে এক অনন্য অধ্যায়। ২০০৮ চনত ক্ষমতা হেৰুওৱাৰ পিছৰে পৰা খালেদা জিয়া ইটোৰ পিছত সিটো আইনী মেৰপেচত আৱদ্ধ হৈ পৰে। অনাথ আশ্ৰম ট্ৰাষ্টৰ দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হৈ খালেদা জিয়াই ১৭ বছৰৰ কাৰাদণ্ড ভোগ কৰিবলগীয়া হয়। পৰৱৰ্তী সময়ত ড° ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰৰ দিনত তেওঁ সকলো গোচৰৰ পৰা অব্যাহতি পাইছিল যদিও শাৰীৰিক অসুস্থতাই তেওঁক লগ নেৰিলে।

অসুস্থতা আৰু শেষ বিদায়

২০২১ চনত ক’ভিডত আক্ৰান্ত হোৱাৰ পিছৰ পৰাই তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটিছিল। যকৃতৰ ৰোগ, ডায়েবেটিছ আৰু হৃদৰোগত আক্ৰান্ত হৈ তেওঁ দীৰ্ঘদিন চিকিৎসাধীন হৈ আছিল। উন্নত চিকিৎসাৰ বাবে তেওঁক লণ্ডনলৈ নিয়াৰ যো-জা কৰা হৈছিল যদিও তাৰ পূৰ্বেই ৮০ বছৰ বয়সত তেওঁ ইহলীলা সম্বৰণ কৰে। চাৰি দশকৰ উত্থান-পতন, ৰাজনৈতিক সংগ্ৰাম আৰু কাৰাবাসৰ এক সংগ্ৰামী ইতিহাস এৰি থৈ গ’ল বেগম খালেদা জিয়াই।