এইসমূহ অভ্যাস ত্যাগ কৰিলে ৰক্ষা পৰিব উচ্চ ৰক্তচাপৰ পৰা

30 DEC 2025

TV9 ASSAM

নিয়মীয়া বা অতিমাত্ৰা মদ্যপানে ৰক্তবাহী নলী সংকুচিত কৰি ৰক্তচাপৰ মাত্ৰা বিপদজনক কৰি তোলে।

মদ্যপান

চিগাৰেটত থকা ৰাসায়নিক পদাৰ্থই ধমনীৰ আৱৰণ ক্ষতিগ্ৰস্ত কৰে আৰু তেজৰ চলাচলত বাধাৰ সৃষ্টি কৰে।

ধূমপান

দীৰ্ঘদিনীয়া চিন্তা বা ষ্ট্ৰেছে শৰীৰত হৰমনৰ ভাৰসাম্য নষ্ট কৰি ৰক্তবাহী নলী সংকুচিত কৰে, যাৰ ফলত ৰক্তচাপ বৃদ্ধি পায়।

অত্যধিক মানসিক চাপ

ব্যায়াম নকৰা বা আলস্যপূৰ্ণ জীৱনশৈলীয়ে হৃদযন্ত্ৰক দুৰ্বল কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাটো কঠিন কৰি তোলে।

পৰিশ্ৰমৰ অভাৱ

প্ৰচেছড ফুড, অতিৰিক্ত চেনি আৰু চৰ্বিযুক্ত খাদ্যই ওজন বৃদ্ধি কৰাৰ লগতে হৃদযন্ত্ৰৰ ওপৰত অতিৰিক্ত চাপ সৃষ্টি কৰি ৰক্তচাপ বঢ়াব পাৰে।

অস্বাস্থ্যকৰ খাদ্য

অত্যাধিক কফি বা চাহ সেৱনে হৃদস্পন্দন বৃদ্ধি কৰি ৰক্তচাপ সাময়িকভাৱে বৃদ্ধি কৰিব পাৰে।

অতিৰিক্ত কেফেইন

খাদ্যত নিমখৰ মাত্ৰা বেছি হ’লে শৰীৰত পানীৰ পৰিমাণ বৃদ্ধি পায়, যিয়ে তেজৰ চাপ বঢ়াই তোলে।

অধিক নিমখ

পঢ়িবলৈ ক্লিক কৰক 

মূলাত আছে এনে উপকাৰী গুণ, হ'ব আচৰিত