শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Top9 News: ২৬’ক লৈ বিজেপিৰ প্ৰস্তুতিৰ পৰা পহলগাম কাণ্ডৰ NIA ৰ চাৰ্জশ্বীটলৈ, দিনটোৰ খবৰ…

Top9 News: ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী। ইয়াৰ বাবে ইতিমধ্যে বিজেপিয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। আজি দলটোৱে অসমৰ নিৰ্বাচন তত্বাৱধায়কক নিযুক্তি প্ৰদান কৰে। জে পি নাড্ডাই দিয়ে নিযুক্তি।

Top9 News: ২৬’ক লৈ বিজেপিৰ প্ৰস্তুতিৰ পৰা পহলগাম কাণ্ডৰ NIA ৰ চাৰ্জশ্বীটলৈ, দিনটোৰ খবৰ…
বিজেপি
barasha-sarma
Barasha Sarma | Published: 15 Dec 2025 19:11 PM

আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

১. অসম বিধানসভা নিৰ্বাচনৰ বাবে সাজু হৈছে বিজেপি। বৈজয়ন্ত জয় পাণ্ডাক অসমৰ নিৰ্বাচন তত্বাৱধায়ক হিচাপে নিয়োগ কৰিছে গেৰুৱা দলটোৱে। ইয়াৰ লগতে সুনীল কুমাৰ শৰ্মা আৰু দৰ্শনা বেন যাৰ্দোশক সহকাৰী নিৰ্বাচন তত্বাৱধায়ক হিচাপে নিযুক্তি। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই নিযুক্তি দিছে তেওঁলোকক।

২. বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হিচাপে আজি দায়িত্ব গ্ৰহণ কৰে নীতিন নবীনে। বিহাৰৰ বাংকীপুৰ সমষ্টিৰ বিধায়ক তথা নীতিশ কুমাৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী নীতিন নবীন। আজি তেওঁ আনুষ্ঠানিকভাৱে দায়িত্ব গ্ৰহণ কৰে।

৩. ৰাজ্যৰ প্ৰসিদ্ধ সম্পাদক-সাংবাদিক তথা পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসান। বৰ্ষীয়ান সম্পাদকগৰাকীৰ দেহাৱসানত শোকস্তব্ধ ৰাজ্যৰ সংবাদ জগত। আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় প্ৰফুল্ল গোবিন্দ বৰুৱাৰ। অসম চৰকাৰৰ হৈ দুগৰাকী মন্ত্ৰী উপস্থিত থাকে শেষকৃত্যত।

৪. মেৰাপানীত পুনৰ উত্তপ্ত পৰিস্থিতি। অসম-নাগালেণ্ড সীমান্তত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি অসমৰ গঞা। চৰাই চিকাৰ কৰিবলৈ আহি অসমৰ লোকক ভয়-ভাবুকি দিয়াৰ লগতে মাৰপিট কৰাৰ অভিযোগ। ১১ জনীয়া দলটোৰ আক্ৰমণত আহত হয় চাৰিজনকৈ লোক। গাঁওবাসীয়ে দুজনক আটক কৰাৰ বিপৰীতে পলায়ন কৰে ৯ জন দুৰ্বৃত্তই।

৫. সলনি হ’ল অসম ৰাজ্যিক পৰিবহন নিগমৰ মুখ্য কাৰ্যালয়ৰ ঠিকনা। পল্টনবজাৰৰ পৰিৱৰ্তে ৰূপনগৰত মুকলি কৰা হ’ল ASTCৰ মুখ্য কাৰ্যালয়। পৰিবহন মন্ত্ৰী চৰন বড়োৱে উদ্বোধন কৰে মুখ্য কাৰ্যালয়টো। মন্ত্ৰীগৰকাৰীৰ লগতে উপস্থিত থাকে নিগমৰ অধ্যক্ষ পল্লৱলোচন দাস, উপাধ্যক্ষ প্ৰণৱজ্যোতি লহকৰ। নতুন বছৰত ASTCত সংযোজন হব নতুন ১০০খন বাছ।

৬. আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ উন্নয়ন আৰু জনগণৰ কল্যাণ সম্পৰ্কীয় একাধিক গুৰুত্বপূৰ্ণ বিষয়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ সৈতে আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্যৰ বিকাশ যাত্ৰাত নিৰন্তৰ সমৰ্থন আগবঢ়াই অহাৰ বাবে নিৰ্মলা সীতাৰমণক ৰাজ্যবাসীৰ হৈ কৃতজ্ঞতা জনায় ডঃ শৰ্মাই।

৭. জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তদন্তৰ চাৰ্জশ্বীট দাখিল। NIA-ৰ বিশেষ দলে সোমবাৰে আদালতত দাখিল কৰে চাৰ্জশ্বীট। এই গোচৰত নিয়াই নাম অন্তৰ্ভুক্ত কৰিছে পাকিস্তানী সন্ত্ৰাসবাদী হেণ্ডেলাৰৰ। ইয়াৰ ভিতৰত আছে লস্কৰ-ই-তৈবাৰ মূল সন্ত্ৰাসবাদী হেণ্ডেলাৰ ছৈফুল্লা কাছুৰী, হাফিজ ছৈয়দ আৰু তালহা ছৈয়দৰ নাম।

৮. সোমবাৰে কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজু। কংগ্ৰেছৰ এক ৰেলীৰ সময়ত নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কটু শ্ল’গান প্ৰদানৰ অভিযোগ দলটোৰ বিৰুদ্ধে। ইয়াৰ বাবে সংসদত তথা দেশবাসীক ক্ষমা বিচাৰিবলৈ কংগ্ৰেছক দাবী জনাই ৰিজিজুৱে।

৯. কাইলৈ অনুষ্ঠিত হ’ব আই পি এলৰ মেগা নিলাম। এইবাৰো ১০ দলে এই নিলামত অংশ ল’ব। ৭৭ টা স্থানৰ বাবে নিলাম হ’ব খেলুৱৈ। আবুধাবিত বিয়লি ২.৩০ বজাৰ পৰা হ’ব নিলামৰ কাৰ্যসূচী। আগন্তুক সংস্কৰণৰ বাবে ১০ টা দলে ১৭৩ জন খেলুৱৈক ৰিটেইন কৰিছিল, ইয়াৰে ৪৫ জন বিদেশী খেলুৱৈ।

 

অন্য খবৰ পঢ়কঃ স্বামী-পুত্ৰক এৰি প্ৰেমিকৰ সৈতে লিভ-ইনত! মহিলাৰ সৈতে বিলালৰ ভয়ংকৰ কাণ্ড…