December 15, 2025
TV9 ASSAM
আপোনাৰ শোৱা কোঠাটোৰ ওপৰত স্বাস্থ্য আৰু টোপনি বহু পৰিমাণে নিৰ্ভৰ কৰে। কোঠাটো যদি সঠিক নহয় তেতিয়া ইয়াৰ প্ৰভাৱ আপোনাৰ স্বাস্থ্যত পৰিব পাৰে।
কিন্তু আপুনি জানেনে যে, শোৱা কোঠাটো কেনেকুৱা হ’ব লাগে? বাস্তুৰ শাস্ত্ৰত কি কোৱা হৈছে জানোঁ আহক।
শোৱা কোঠাৰ ৱালত পাতল আৰু কোঠাটো পোহৰাই তোলা ৰং কৰিব লাগে। ইয়াৰ ফলত কেৱল টোপনিৰ উন্নতি হোৱাই নহয়, মনটোও শান্ত হয়।
বিচনাখন শোৱা কোঠাৰ দুৱাৰৰ ওচৰত ৰাখিব নালাগে। বিচনাখন কোঠাটোৰ মাজত, দুৱাৰৰ পৰা আঁতৰত ৰাখিব পাৰিলে ভাল।
শোৱা কোঠাটো সদায় পৰিষ্কাৰ আৰু পৰিপাটিকৈ ৰাখিব লাগে। কোঠাটো যদি লেতেৰা হয়, তেতিয়া টোপনি ভাল নহ’ব, মানসিক অস্থিৰতাও বাঢ়িব পাৰে।
শোৱা কোঠাত যাতে পোহৰ আৰু বতাহ সঠিকভাৱে চলাচল কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। ৰাতিপুৱা কোঠাৰ খিৰিকী খোলা ৰাখিব পাৰিলে ভাল।
বিচনাৰ কাষত কোনো ধৰণৰ ইলেক্ট্ৰনিক যন্ত্ৰ ৰাখিব নালাগে। শোৱাৰ সময়ত বিচনাৰ পৰা ইলেক্ট্ৰনিক যন্ত্ৰ আঁতৰাই ৰাখিব।
পঢ়িবলৈ ক্লিক কৰক