শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৪০-৫০ বছৰলৈকে যৌৱনকাল ধৰি ৰাখিব বিচাৰে নেকি ? সেৱন কৰক এই ৫ বিধ পানীয়…

আপোনাৰ ৪০-৫০ বছৰ হ’লেও আপোনাক দেখাত তেনেকুৱা নালাগিব। কোনেও নকয় যে, আপোনাৰ ইমান বয়স হৈছে। আপোনাৰ যৌৱন আৰু সৌন্দৰ্য ধৰি ৰাখিবৰ বাবে খাদ্যৰ তালিকাত এই ৫ বিধ পানীয় ৰাখিব পাৰে।

৪০-৫০ বছৰলৈকে যৌৱনকাল ধৰি ৰাখিব বিচাৰে নেকি ? সেৱন কৰক এই ৫ বিধ পানীয়…
manas-borah
Manas Borah | Published: 15 Dec 2025 19:48 PM

বয়স বৃদ্ধিৰ লগে লগে ইয়াৰ প্ৰভাৱ শৰীৰত দেখা যায়। ইয়াৰ প্ৰথম লক্ষণ দেখা যায় ছাল আৰু চুলিত। কিন্তু খাদ্যাভ্যাসৰ জৰিয়তে শৰীৰটো সতেজ কৰি ৰাখিব পাৰে। সঠিক খাদ্য, পানীয়, ব্যায়ামৰ দ্বাৰা আপুনি আপোনাৰ যৌৱনকাল ধৰি ৰাখিব পাৰে। আপোনাৰ ৪০-৫০ বছৰ হ’লেও আপোনাক দেখাত তেনেকুৱা নালাগিব। কোনেও নকয় যে, আপোনাৰ ইমান বয়স হৈছে। আপোনাৰ যৌৱন আৰু সৌন্দৰ্য ধৰি ৰাখিবৰ বাবে খাদ্যৰ তালিকাত এই ৫ বিধ পানীয় ৰাখিব পাৰে। এই পানীয় দৈনিক সেৱন কৰিলে অধিক সুফল পাব।

গ্ৰীণ টি: ইয়াত নিয়মীয়া চাহতকৈ কেইবাগুণ বেছি এন্টিঅক্সিডেন্ট থাকে। গ্ৰীণ টিত পলিফিনল, ইজিচিজি থাকে, যিয়ে শৰীৰৰ বাবে ক্ষতিকাৰক ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে, প্ৰদাহ কমায়, শৰীৰক সুস্থ কৰি ৰাখে, আৰু যৌৱন কাল বজাই ৰাখে। ইয়াত থকা EGCG নামৰ এন্টি-ইনফ্লেমেটৰী উপাদানটোৱে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰিব পাৰে। এই পানীয় তেজত চুগাৰৰ মাত্ৰা বজাই ৰখা আৰু বিপাকীয় ক্ৰিয়া বৃদ্ধিৰ বাবেও উপকাৰী।

জোল: কুকুৰা মাংসৰ জোল শৰীৰৰ বাবে অতি উপকাৰী। হাড়ত থকা পুষ্টিকৰ উপাদানবোৰ ইয়াত মিহলি হৈ থাকে। কুকুৰাৰ মাংস পানীত সিজাই জোল তৈয়াৰ কৰি বা চুৰুহা বনাই খাব পাৰে। শীতকালত কুকুৰাৰ মাংস জোল খালে শৰীৰটো গৰম কৰি ৰখাৰ লগতে সতেজ হৈ থাকিব। ইয়াত কেলচিয়াম, জিংক, মেগনেছিয়াম, ফছফৰাছ থাকে। ইয়াত থকা এমিনো এচিডে কলাজেন উৎপাদন বজাই ৰখাত সহায় কৰে। যিটো ছালৰ বাবে এতি উপকাৰী।

নাৰিকল পানী: সস্বাস্থ্যৰ বাবে নাৰিকলৰ পানী খাব পাৰে। ই শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰাই নহয়, শৰীৰৰ পানীৰ প্ৰয়োজনীয়তাও পূৰণ কৰে। ইলেক্ট্ৰলাইটে ছালৰ আৰ্দ্ৰতা বজাই ৰখাত সহায় কৰে, ফলত ছালখন সতেজ আৰু কোমল হৈ থাকে।

বিটৰ ৰস: বিটৰ ৰসৰ ছালৰ বাবে অতি উপকাৰী। ই প্ৰচুৰ পৰিমাণে ভিটামিন চি, আইৰণ, আৰু নাইট্ৰেট সমৃদ্ধ। এই উপাদানবোৰে তেজৰ সঞ্চালন উন্নত কৰাৰ লগতে শৰীৰটোক বিষমুক্ত কৰাত অৰিহণা যোগায়। উন্নত ৰক্ত সঞ্চালনৰ অৰ্থ হ’ল ছালৰ কোষবোৰলৈ অধিক অক্সিজেন প্ৰেৰণ কৰা। ই ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে।

হালধি গাখীৰ: হালধি গাখীৰ কেৱল চৰ্দিৰ প্ৰতিকাৰ নহয়, ই ঘৰতে বনাব পৰা আটাইতকৈ শক্তিশালী প্ৰদাহ নিবাৰণকাৰী পানীয়ৰ ভিতৰত অন্যতম। হালধিত থকা সক্ৰিয় যৌগ কাৰকুমিনে দীৰ্ঘদিনীয়া প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে, যিটো কোষীয় পৰ্যায়ত বয়স বৃদ্ধিৰ অন্যতম ডাঙৰ চালক।

উল্লেখ্য যে, সুস্বাস্থ্য বজাই ৰাখিবলৈ দৈনিক শৰীৰ চৰ্চা কৰাটো অতি প্ৰয়োজন। শৰীৰটো সতেজ আৰু শক্তিশালী কৰি ৰাখিবলৈ খাদ্যাভ্যাসৰ লগতে শৰীৰ চৰ্চাৰ ওপৰত গুৰুত্ব দিব লাগে। দৈনিক ৰাতিপুৱা সোনকালে উঠিব লাগে আৰু ৩০ মিনিটৰ পৰা ১ ঘণ্টা ব্যায়াম বা যোগাসনৰ লগতে প্ৰাণায়ম কৰিব পাৰে। এই অভ্যাসে বিভিন্ন ৰোগৰ পৰাও শৰীৰটোক ৰক্ষা কৰিব।