স্বামী-পুত্ৰক এৰি প্ৰেমিকৰ সৈতে লিভ-ইনত! মহিলাৰ সৈতে বিলালৰ ভয়ংকৰ কাণ্ড…
কিছুদিন পূৰ্বে এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল। দীৰ্ঘদিন ধৰি চলা আৰক্ষীৰ তদন্তৰ অন্তত এতিয়া মহিলাগৰাকীৰ পৰিচয় উদ্ধাৰ হৈছে। ইফালে গ্ৰেপ্তাৰ হৈছে তেওঁৰ প্ৰেমিক বিলাল নামৰ যুৱকজন।
যোৱা ৬ ডিচেম্বৰত হাৰিয়ানাৰ যমুনা নগৰৰ কলেসৰ ক্ষেত্ৰত এগৰাকী মহিলাৰ মুণ্ডহীন মৃতদেহ উদ্ধাৰ হৈছিল। মহিলাগৰাকীৰ গাত কোনো কাপোৰ নাছিল। যাৰ বাবে দীৰ্ঘদিন ধৰি আৰক্ষীয়ে মৃতদেহটো চিনাক্ত কৰিব পৰা নাছিল। পৰৱৰ্তী সময়ত ঘটনাটো তদন্ত কৰিবলৈ বিশেষ দল গঠন কৰা হয়। এছ আই টিৰ তদন্তৰ পাছত এতিয়া পোহৰলৈ আহিছে ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা। প্ৰাপ্ত খবৰ অনুসৰি, এই মহিলাগৰাকী উত্তৰ প্ৰদেশৰ চাহৰানপুৰৰ বাসিন্দা।
তদন্তত মহিলাগৰাকীৰ জীৱনৰ বহু ৰহস্য পোহৰলৈ আহিছে। তথ্য অনুসৰি, প্ৰায় ১৫ বছৰ পূৰ্বে মহিলাগৰাকীয়ে ঘৰৰ পৰা পলাই গৈ প্ৰেম বিবাহ কৰিছিল। মহিলাগৰাকীৰ জ’নি নামৰ লোকজনৰ পৰা এটা ১৩ বছৰীয়া পুত্ৰ সন্তানো আছে। কিন্তু মহিলাগৰাকীৰ স্বামীয়ে জনাই যে, প্ৰায় ২ বছৰৰ পৰা দুয়ো পৃথকে পৃথকে বাস কৰিছিল। মহিলাগৰাকীয়ে স্পষ্টকৈ কৈছিল যে তেওঁক বিচ্ছেদ লাগে। বহু দিন ধৰি কাজিয়া অশান্তিৰ পাছত দুয়ো বেলেগ হৈছিল।
লিভ-ইনত আছিল প্ৰেমিকৰ সৈতে
আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে যে, মহিলাগৰাকীয়ে যোৱা ২ বছৰ ধৰি চাহৰানপুৰৰ টেক্সি চালক বিলালৰ সৈতে লিভ-ইনৰ সম্পৰ্কত আছিল। ইয়াৰ মাজতে বিলাল নামৰ যুৱকজনৰ বিয়া ঠিক কৰে পৰিয়ালৰ লোকে। ইফালে মহিলাগৰাকীয়ে বিচাৰিছিল বিলালৰ সৈতে বিয়াত বহিব। আৰক্ষীৰ মতে, বিলালে বিচাৰিছিল পৰিয়ালে চাই দিয়া ছোৱালীৰ সৈতে বিয়াত বহিব। কিন্তু তেওঁৰ প্ৰেমিকাই তেওঁলোকৰ সম্পৰ্কৰ কথা পৰিয়াল আৰু ছোৱালীগৰাকীৰ ঘৰত কৈ দিব বুলি ভয় খাইছিল। এনে পৰিস্থিতিত তেওঁ লিভ-ইনত থকা প্ৰেমিকাক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচে।
তদন্তত পোহৰলৈ আহে, ৬ ডিচেম্বৰ, ২০২৫ ত বিলালে মহিলাগৰাকীক গাড়ীত বহাই লৈ যায়। দুয়োৰে মাজত প্ৰথমে কাজিয়া হয় আৰু তাৰ পৰিণতিতে বিলালে মহিলাগৰাকীক ডিঙি কাটি হত্যা কৰে। মৃতদেহ যাতে চিনাক্ত নহয় তাৰ বাবে মৃতদেটোৰ পৰা মুণ্ড পৃথক কৰি যমুনানগৰত পেলাই থৈ যায়।
আৰক্ষীৰ মতে, বিলালে প্ৰথমে হোটেললৈ নি মহিলাগৰাকীক হত্যা কৰিব বিচাৰিছিল। তেওঁ যিমান পাৰ সিমান সোনকালে মহিলাগৰাকীক হত্যা কৰাৰ চেষ্টা কৰিছিল যাতে ঘৰৰ পৰা চাই দিয়া যুৱতীগৰাকীক বিয়া পাতিব পাৰে। পাছত এই হত্যাকাণ্ড সংঘটিত কৰি তেওঁ ঘৰলৈ গৈছিল আৰু বিয়াৰ বজাৰ কৰা আৰম্ভ কৰিছিল।
কিন্তু বিয়াৰ এদিন পূৰ্বে আৰক্ষীয়ে বিলালক গ্ৰেপ্তাৰ কৰে। সেই সময়ত ঘৰত বিয়াৰ প্ৰস্তুতি চলি আছিল। ইতিমধ্যে বিলালে হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। এই সমগ্ৰ কাণ্ড সন্দৰ্ভত বৰ্তমান তদন্ত অব্যাহত আছে। গতিকে তদন্তৰ অন্তত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
অন্য খবৰ পঢ়কঃ পহলগাম কাণ্ডৰ দোষী কোন? NIA ৰ চাৰ্জশ্বীটত আছে কাৰ কাৰ নাম…