পুনৰ উত্তপ্ত অসম-নাগালেণ্ডৰ মেৰাপানী সীমান্ত, চৰাই চিকাৰলৈ আহি নগা দুৰ্বৃত্তই চলালে সন্ত্ৰাস
চুবুৰীয়া নাগালেণ্ডৰ ১১ জনীয়া অস্ত্ৰধাৰী চিকাৰীদলে চৰাই চিকাৰৰ উদ্দেশ্যে জয়পুৰ গাঁৱত প্ৰৱেশ কৰে। ইয়াৰ পিছতে অস্ত্ৰধাৰী নগা দলটোৱে সীমান্তৱৰ্তী অসমীয়া গাঁওখনৰ স্থানীয় লোকসকলক ভবুকি দি মাৰপিট কৰাৰ অভিযোগ উঠিছে। এই ঘটনাক লৈ মেৰাপানী অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
পুনৰ উত্তপ্ত হৈ পৰিছে অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানী অঞ্চল। নগা দুৰ্বৃত্তই পুনৰ অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এই ঘটনা সংঘটিত হৈছে মেৰাপানী সীমান্তৰ ডি চেক্টৰৰ ভেলৌগুৰি জয়পুৰ গাঁৱত। জানিব পৰা মতে দেওবাৰে বিয়লি চুবুৰীয়া নাগালেণ্ডৰ ১১ জনীয়া অস্ত্ৰধাৰী চিকাৰীদলে চৰাই চিকাৰৰ উদ্দেশ্যে জয়পুৰ গাঁৱত প্ৰৱেশ কৰে। ইয়াৰ পিছতে অস্ত্ৰধাৰী নগা দলটোৱে সীমান্তৱৰ্তী অসমীয়া গাঁওখনৰ স্থানীয় লোকসকলক ভবুকি দি মাৰপিট কৰাৰ অভিযোগ উঠিছে।
এই ঘটনাক লৈ মেৰাপানী অঞ্চলত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। বিবদমান চীডৰ্ফামৰ কাষতে থকা ৮৩ টা অসমীয়া পৰিয়ালে বসবাস কৰা গাঁওখনত নগা দুৰ্বৃত্তৰ দলটোক চৰাই মৰাত বাধা প্ৰদান কৰাৰ বাবেই গাঁওখনৰ কেইবাজনো ব্যক্তিক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে বন্দুক লৈ গুলীয়াই দিয়াৰ ভাবুকি দিয়ে।
স্থানীয় লোকৰ ভাষ্য মতে গাঁওখনত প্ৰৱেশ কৰা নগা দুৰ্বৃত্তৰ দলটোত ১১ জন লোক আছিল। নগা দুৰ্বৃত্তৰ আক্ৰমণত কিশোৰ কুমাৰ, ধীৰেশ্বৰ দৈমাৰী, লুলু গগৈ আৰু ৰুমি গুৱালা নামৰ চাৰিজনকৈ লোক আঘাতপ্ৰাপ্ত হয় বুলি জানিব পৰা গৈছে। নগা দুৰ্বৃত্তৰ দলটোৰ অৰ্তকিত এই আক্ৰমণৰ পাছতেই গাঁওবাসী ওলাই আহি আটক কৰে দুজন নগা যুৱকক।
আনহাতে দলটোত থকা ৯ জন নগা যুৱকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। স্থানীয় গাঁওবাসীয়ে দুৰ্বৃত্তৰ দলটোৰ মাজৰ পৰা বাংগা লুথা, চুচুম’ অডিঅ’ক আটক কৰিবলৈ সক্ষম হয়। ঘটনাক লৈ বৰ্তমানেও উত্তেজনাই বিৰাজ কৰিছে সীমান্ত অঞ্চলটোত। সম্প্ৰতি চি আৰ পি এফ, মেৰাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
ইফালে স্থানীয় লোকসকলে পলায়ন কৰা ৯ জনকৈ নগা দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত নকৰা পৰ্যন্ত আটক কৰা দুই নগা যুৱকক আৰক্ষীৰ জিম্মাত প্ৰদান কৰিবলৈ প্ৰস্তুত হোৱা নাই। এই ঘটনা সন্দৰ্ভত স্থানীয় লোকসকলে আন এক গুৰুতৰ অভিযোগো উত্থাপন কৰিছে।
অভিযোগ মতে স্থানীয় লোকে ঘটনাৰ বিষয়ে মেৰাপানী আৰক্ষীক প্ৰথমে ফোনযোগে অৱগত কৰিছিল যদিও মেৰাপানী আৰক্ষী থানাৰ এজন সহকাৰী উপ-পৰিদৰ্শকে এই ভূমি নগালেণ্ডৰ অন্তৰ্গত বুলিহে অৱগত কৰে আৰু বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ এনে ভূমিকাত জাঙুৰ খাই উঠিছে স্থানীয় জনসাধাৰণ।