বিনা বেতনেৰে ২৪টা বছৰ শিক্ষাদান হেমেন্দ্র মিশ্রৰ, বিদায়ৰ পৰত সম্বৰ্ধনা জনালে সৰুক্ষেত্ৰী কেন্দ্ৰীয় আঞ্চলিক ছাত্ৰ সন্থাই
পূৱ সৰুক্ষেত্ৰী আদৰ্শ বালিকা বিদ্যালয়ত ২০১২ চনলৈ প্ৰায় ২৪ বছৰ বিনা বেতনেৰে সেৱা আগবঢ়োৱা এজন শিক্ষক। শিক্ষাৰ্থীসকলৰ মৰম-চেনেহে তেওঁক সেই বিদ্যালয়খনৰ সৈতে ৰাখিছিল বান্ধ খুৱায়।

শিক্ষকসকল সমাজৰ স্তম্ভ, যিয়ে জ্ঞানৰ পোহৰ বিলাই ছাত্ৰ-ছাত্ৰীসকলক এগৰাকী জ্ঞানী আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ় দিয়াত ব্ৰতী হয় । এজন ব্যক্তিৰ জীৱনৰ সফলতাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে এগৰাকী শিক্ষকৰ ভূমিকা থাকে। শিক্ষক মানে সৰ্বদা ধৈৰ্য আৰু সহ্য গুণধাৰী, শিক্ষক মানে কেতিয়াবা বিপ্লৱৰ গান আৰু শিক্ষক মানে অবিৰত সংগ্ৰাম ।
আজিও এনে বহু শিক্ষক যাৰ বাবে শিক্ষকতা এটা বৃত্তি নহয়, নিজৰ ধৰ্ম আৰু কৰ্তব্য বুলি ভাবে । তেনে এজন শিক্ষক হৈছে সৰুক্ষেত্রী মৌজাৰ বেঙাপাৰা গাঁৱৰ নিবাসী তথা সৰুক্ষেত্ৰী হাইস্কুল-বণিয়াকুছিৰ পৰা সদ্য অৱসৰপ্ৰাপ্ত হেমেন্দ্র মিশ্র । ১৯৮৯ চনৰ ২৩ মে’ত অপ্ৰাদেশীকৃত পূৱ সৰুক্ষেত্ৰী আদৰ্শ বালিকা বিদ্যালয়ত এজন শিক্ষক হিচাপে যোগদান কৰিছিল মিশ্ৰই । এই বিদ্যালয়খনৰ দ্বিতীয় জন শিক্ষক আছিল হেমেন্দ্ৰ মিশ্ৰ । কিন্তু কিছুদিন পিছত প্ৰথমগৰাকী শিক্ষক গুচি যোৱাত প্ৰথমজন শিক্ষক হৈ পৰে হেমেন্দ্র মিশ্র ।
পূৱ সৰুক্ষেত্ৰী আদৰ্শ বালিকা বিদ্যালয়ত ২০১২ চনলৈ প্ৰায় ২৪ বছৰ বিনা বেতনেৰে সেৱা আগবঢ়াইছিল তেওঁ । ৰাইজৰ দান বৰঙণিৰে চলি থকা বিদ্যালয়খনত কাম কৰি তেওঁ ভাবিছিল যে ভাল সুবিধা পালে তাৰ পৰা গুচি যাব। কিন্তু সেয়া নহ’ল, শিক্ষাৰ্থীসকলৰ মৰম চেনেহে তেওঁক সেই বিদ্যালয়খনৰ সৈতে বান্ধ খুৱালে । সেই বিদ্যালয়খনৰ সৈতে ইমানেই গভীৰ সম্পৰ্ক আছিল যে প্ৰতিজন শিক্ষকে সাধ্যানুসৰি বিদ্যালয়খন মেৰামতি কৰিছিল আৰু বহুজনে নিজৰ ঘৰৰ বাঁহেৰে বেৰসমূহ প্ৰস্তুত কৰিছিল । বিদ্যালয়ৰ যিকোনো সামগ্ৰী প্ৰয়োজন হ’লে শিক্ষকসকলে লগ হৈ কিনিছিল । শিক্ষকসকলৰ বহিবলৈও প্ৰথম অৱস্থাত কোনো ব্যৱস্থা নাছিল । ২০১৩ চনত এই অপ্ৰাদেশীকৃত বিদ্যালয়খন প্ৰাদেশীকৰণ হয় ।
চৰকাৰৰ নিয়ম অনুসৰি ২০২৩ চনত উক্ত বিদ্যালয়খন অন্য এখন বিদ্যালয় সৰুক্ষেত্ৰী হাইস্কুলৰ সৈতে একত্ৰীকৰণ হয় । একত্ৰীকৰণৰ কিছুদিন পিছত অৰ্থাৎ ২০২৪ চনৰ ৩১ অক্টোবৰত চাকৰি জীৱন সমাপ্ত হয় । কিন্তু হেমেন্দ্ৰ মিশ্ৰই বিদ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে অৱসৰ লয় যোৱা ২৪ মে’তহে ।
যেতিয়া আমি তেওঁক সুধিলোঁ যে বিনা বেতনেৰে কাম কৰি আপুনি পৰিয়াল কেনেকৈ পোহপাল দিছিল? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “আমি অসমীয়া মানুহ, কষ্ট কৰিব জানো। মোৰ ঘৰত কিছু খেতি-বাতি আছে সেইখিনিত কাম কৰিছিলোঁ। গৰুও নোহোৱা নহয়, কিন্তু গাখীৰত আগতে ইমান পইচা লোৱা নাছিল। যেনে তেনে দুবেলা দুমুঠি খাইছিলো। তেনেকৈয়ে ডাঙৰ ছোৱালীজনীক বিদ্যালয়তো নাম লগাই দিছিলোঁ। সেই সময় মো বন্ধু-বৰ্গসকলে মোক যথেষ্ঠ সহায় কৰিছিল । মই শৰীৰক জিৰণি নিদিয়াকৈ মাথোঁ কাম কৰিছিলোঁ। মাজে মাজে এটা দুটা টিউচন কৰিছিলোঁ, কিন্তু ঘৰৰ পৰিস্থিতি বেয়া বাবে বহু ল’ৰা-ছোৱালীয়ে পইচা দিব পৰা নাছিল। কিন্তু মই কাকো জোৰ কৰা নাছিলোঁ, বহু ল’ৰা-ছোৱালীক বিনামূলীয়াকৈ শিকাছিলোঁ । আজিও তেওঁলোকে মোৰ খবৰ লয়, সেয়াই মোৰ বাবে গৌৰৱ।”
তেওঁ লগতে কয়, “পিছলৈ মই LIC ৰ এজেন্ট হিচাপে কাম কৰিবলৈ ল’লো, কিন্তু সময় মিলাব পৰা নাছিলোঁ। মোৰ ডাঙৰ ছোৱালীজনীও ডাঙৰ হৈ আহিল, তায়ো দুই এটা সৰু ল’ৰা-ছোৱালীক পঢ়াই কিছু খৰচ উলিয়াই । তেনেকৈয়ে ২০১৩ চনত আমাৰ বিদ্যালয়খনো প্ৰাদেশীকৰণ হয় ।”
উল্লেখ্য যে, শিক্ষক হেমেন্দ্ৰ মিশ্ৰৰ অৱসৰৰ কথা গম পাই সৰুক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই তেওঁ আগবঢ়োৱা অৱদানৰ বাবে বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জনায় । সৰুক্ষেত্রী কেন্দ্রীয় আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মৃত্যুঞ্জয় বৰ্মন, বৰপেটা জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য শৈলেন তালুকদাৰ, গীতার্থ ডেকা, সৰুক্ষেত্রী কেন্দ্রীয় আঞ্চলিক ছাত্ৰ সন্থাৰ সদস্য পল্লৱ ডেকাই অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ বাসগৃহলৈ গৈ মানপত্ৰ, ফুলাম গামোচা, গছৰ পুলি আগবঢ়ায় ।
হেমেন্দ্ৰ মিশ্ৰ এগৰাকী শিক্ষকৰ লগতে এজন সমাজকৰ্মীও । অঞ্চলটোৰ প্ৰতিটো কামতে তেওঁ আগ-ভাগ লৈ আগবঢ়ায় সহায়ৰ হাত । বহু দুখীয়া ল’ৰা-ছোৱালীকো তেওঁ কোনো মূল্য নোলোৱাকৈ শিক্ষা প্ৰদান কৰি জীৱনৰ মাৰ্গ দৰ্শন কৰাইছিল।