অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ পিছত অধিক ‘সুদৰ্শন চক্ৰ’ ক্ৰয় কৰিছে নেকি ভাৰতে? ৰাছিয়াৰ ৰাষ্ট্ৰদূতে ক’লে এইদৰে…
Operation Sindoor: পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে কয় যে, "২২ এপ্ৰিলত সংঘটিত হোৱা আক্ৰমণটো অতি জঘন্য অপৰাধ। সমগ্ৰ বিশ্বতে ইয়াক গৰিহণা দিয়া হৈছে। ৰাষ্ট্ৰপতি পুটিনেও এই আক্ৰমণৰ খবৰ পোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক বিশেষ বাৰ্তা প্ৰদান কৰি তেওঁৰ সহানুভূতি প্ৰকাশ কৰিছে।"

ভাৰতৰ পক্ষতে আছে ৰাছিয়া। ৰাছিয়াৰ ৰাষ্ট্ৰদূতৰ কণ্ঠত শুনা গ’ল অপাৰেশ্যন সেন্দূৰৰ সফলতাৰ জয়গান । এই সন্দৰ্ভত ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষতাক লৈ বিশ্বজুৰি কাৰোবান মনত সন্দেহ আছে বুলি মই নাভাবো” । ৰাছিয়াৰ ৰাষ্ট্ৰদূতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দক্ষতাক লৈ কাৰো সন্দেহ নাই। তেওঁৰ শক্তিশালী নেতৃত্বই দেশখনক বিশ্বব্যাপী দক্ষতাৰ দিশত আগুৱাই লৈ গৈছে।”
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ আলিপভে কয় যে, “২২ এপ্ৰিলত সংঘটিত হোৱা আক্ৰমণটো অতি জঘন্য অপৰাধ। সমগ্ৰ বিশ্বতে ইয়াক গৰিহণা দিয়া হৈছে। ৰাষ্ট্ৰপতি পুটিনেও এই আক্ৰমণৰ খবৰ পোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক বিশেষ বাৰ্তা প্ৰদান কৰি তেওঁৰ সহানুভূতি প্ৰকাশ কৰিছে।” লগতে তেওঁ কয়, “দোষীক চিনাক্ত কৰি উচিত শাস্তি দিব লাগে। ভাৰতে তেনেকুৱাই কৰিছে। আমি সদায় কৈ আহিছো যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে আন কোনো ব্যৱস্থা থাকিব নোৱাৰে।”
অপাৰেশ্যন সেন্দূৰৰ বিষয়ে সোধাত তেওঁ কয়, “ভাৰতে স্পষ্টভাৱে নিজৰ লক্ষ্য উল্লেখ কৰিছিল আৰু সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিছিল। সন্ত্ৰাসবাদীক লক্ষ্য নিৰ্ধাৰণ আৰু নিৰ্মূল কৰা। আমি জনাত এছ-400 চিষ্টেম ব্যৱহাৰ কৰা হৈছিল। ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰও ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ কাৰ্যক্ষমতা অতি উত্তম আছিল। এই অস্ত্ৰসমূহ অধিক ক্ৰয় কৰাৰ বাবে আলোচনা চলি আছে।”
তেওঁ আৰু কয়, “ভাৰতত ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ নিৰ্মাণ কৰা হৈছে। এয়া ৰাছিয়াৰ সৈতে ভাৰতীয় প্ৰতিৰক্ষাৰ যৌথ উদ্যোগ। আমি এই অস্ত্ৰসমূহৰ ডিজাইন আৰু নিৰ্মাণ কৰিছো, ইয়াৰ ফলাফল আশাব্যঞ্জক। আমি এনে অস্ত্ৰ আৰু অধিক নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছো। কেইবাটাও প্ৰকল্প পাইপলাইনত আছে, বহুতো ইতিমধ্যে কাৰ্যকৰী কৰা হৈছে।”