শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী গভীৰভাবে ভাৰত বিৰোধী কামত জড়িত হৈ আছেঃ মুখ্যমন্ত্ৰী

গৌৰৱ গগৈক পাকিস্তানৰ এজেন্ট আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লগতে কয় যে, গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে গভীৰ সম্পৰ্ক আছে।

গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী গভীৰভাবে ভাৰত বিৰোধী কামত জড়িত হৈ আছেঃ মুখ্যমন্ত্ৰী
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সাংসদ গৌৰৱ গগৈImage Credit source: X
barasha-sarma
Barasha Sarma | Published: 28 May 2025 19:07 PM

সাংসদ গৌৰৱ গগৈয়ে পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰাৰ পাছতে  প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক লৈ শৰ্মাই কয় যে ১০ ছেপ্টেম্বৰৰ পাছত তেওঁৰ  ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে গভীৰ সম্পৰ্ক আছে। আনকি গৌৰৱ গগৈৰ পত্নীয়ে IB ৰ ওপৰতো নজৰ ৰখা বুলি অভিযোগ উত্থাপন কৰে শৰ্মাই।

সংবাদমেল সম্বোধন কৰি শৰ্মাই কয় যে, “যি মানুহৰ লাজ নাথাকে সেই মানুহে তেওঁৰ পত্নী, সন্তান বিদেশী বুলি কয়। গৌৰৱ গগৈয়ে আজি ১০ শতাংশ সঁচা কথা কৈছে, মই ১০ ছেপ্টেম্বৰত সকলো তথ্য প্ৰকাশ কৰিম। তেতিয়া ৰাহুল গান্ধীয়ে অনুতপ্ত হ’ব লাগিব যে কিয় তেওঁক সভাপতিৰ দায়িত্ব অৰ্পন কৰিলে। তেওঁ নিজৰ ল’ৰা-ছোৱালীক ভাৰতীয় হোৱাৰ যোগ্য বুলি নাভাবে, গতিকে আমাৰ ল’ৰা-ছোৱালীৰ কথা ক’ত চিন্তা কৰিব।  ইয়াতকৈ নিৰ্লজ্জ মানুহ ৰাজনীতিত নাই” ।

শৰ্মাই আৰু কয় যে, “তেওঁ আৰু তেওঁৰ পত্নী গভীৰভাবে ভাৰত বিৰোধী কামত জড়িত হৈ আছে। এই সকলোবোৰ মই প্ৰমাণ কৰিম। তেওঁ পাকিস্তানলৈ যোৱাৰ ক্ষেত্ৰত পত্নীৰ কোনো সম্পৰ্ক নাছিল। সেই সময়ত পত্নী ভাৰততে আছিল। আনকি তেওঁ নেপাললৈও গৈছিল। নেপালৰ পৰা তেওঁ আৰু ক’লৈ গৈছিল কোনে জানে”।

গৌৰৱ গগৈৰ সন্তানৰ নাগৰিকত্ব সন্দৰ্ভত শৰ্মাই কয় যে, “তেওঁৰ ল’ৰা ৭ বছৰ ভাৰতীয় নাগৰিক হৈ থকাৰ পাছত ব্ৰিটিছ পাছপোৰ্ট লৈছিল। গৌৰৱে সন্তানৰ ভাৰতীয় পাছপোৰ্ট নিজেই চহী কৰি চাৰেণ্ডাৰ কৰাই পুত্ৰক ব্ৰিটিছ পাছপোৰ্ট দিছিল। তেওঁৰ পুত্ৰই ভাৰতত জন্ম গ্ৰহণ কৰিছিল, ভাৰতীয় আছিল। কিন্তু ভাৰতক অসন্মান জনাই তেওঁ পুত্ৰক ব্ৰিটিছ নাগৰিকত্ব দিছিল”।

শৰ্মাই কয় যে, “১০ তাৰিখৰ পাছত গৌৰৱ গগৈয়ে ৰাস্তাত ওলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হ’ব। তেওঁৰ পত্নীয়ে আই বিৰ ওপৰত নজৰ ৰাখিছিল। মই আকৌ কম যে তেওঁৰ প্ৰশিক্ষণ ল’বৰ বাবে পাকিস্তানলৈ গৈছিল, ইয়াক পত্নীৰ কোনো সম্পৰ্ক নাই”।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, “অসমত হিমন্ত বিশ্বই যি কৈছে ১০০ শতাংশই সঁচা হৈছে। মোৰ হাতত প্ৰমাণ আছে যে তেওঁৰ পত্নীয়ে ভাৰত চৰকাৰৰ প্ৰয়োজনীয় তথ্য সংগ্ৰহ কৰিছিল। তেওঁলোকৰ পাকিস্তানী সেনা, অভ্যন্তৰীণ বিভাগৰ লগত গভীৰ সম্পৰ্ক আছে। তেওঁৰ পত্নীয়ে ক্লাইমেট চেঞ্জৰ পৰ্দাৰ আঁৰত এই কামবোৰ কৰি গৈছিল”।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে,  সেই সময়ত গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ ঘৰত আছিল। গতিকে দেউতাকে এছবিত খবৰ দিব লাগিছিল। পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ গভীৰ সম্পৰ্ক আছে। ১৪ দিন পাকিস্তানত থকাৰ সময়ত তেওঁ এটা টুইটো কৰা নাছিল। তেওঁ পাকিস্তানৰ এজেন্ট। ইমানেই নহয়, গৌৰৱ গগৈয়ে ভাৰতৰ নিৰাপত্তা বিষয়ত তথ্য়, অভ্যান্তৰীণ তথ্য আৰু পাৰমাণৱিক শক্তিৰ লগত জড়িত তথ্য উলিয়াবৰৰ চেষ্টা কৰিছিল বুলি কয় শৰ্মাই। ১০ ছেপ্টেম্বৰত সকলো উদঙাই দিয়াৰ কথা উল্লেখ কৰি শৰ্মাই কয় যে, যি পৰিয়ালৰ ৪জন সদস্যৰ ৩ জনেই বিদেশী, তেওঁ কেতিয়াও ভাৰতৰ উন্নয়নৰ কথা চিন্তা কৰিব নোৱাৰে।

 

অন্য খবৰ পঢ়কঃ হয়, মই আৰু পত্নী পাকিস্তানলৈ গৈছিলো, এয়া আছিল ব্যক্তিগত ভ্ৰমণঃ গৌৰৱ গগৈ