শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ট্ৰাম্পৰ প্ৰতি মোহ ভংগ হ’ল নেকি? আমেৰিকা প্ৰশাসনৰ দায়িত্বৰ পৰা অব্যাহতিৰ সিদ্ধান্ত এলন মাস্কৰ..

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বিশেষ উপদেষ্টা পদৰ পৰা পদত্যাগ কৰিছে এলন মাস্কে। তেওঁ ফেডাৰেল আমোলাতন্ত্ৰৰ সংস্কাৰৰ বাবে কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি ট্ৰাম্পৰ ডাঙৰ খৰচৰ বিলখনক সমালোচনা কৰিছিল। মাস্কে তেওঁৰ DOGE মিছন (Government Efficiency Project)ৰ কথা উল্লেখ কৰি কয় যে ই চৰকাৰ চলোৱাৰ এক উন্নত উপায় হ’ব।

ট্ৰাম্পৰ প্ৰতি মোহ ভংগ হ’ল নেকি? আমেৰিকা প্ৰশাসনৰ দায়িত্বৰ পৰা অব্যাহতিৰ সিদ্ধান্ত এলন মাস্কৰ..
এলন মাস্ক, ড’নাল্ড ট্ৰাম্প
trishna-kalita
Trishna Kalita | Updated On: 29 May 2025 16:36 PM

ড’নাল্ড ট্ৰাম্পৰ অতি ঘনিষ্ঠ হিচাপে গণ্য কৰা এলন মাস্কে ট্ৰাম্প প্ৰশাসনক এৰাৰ কথা ঘোষণা কৰিছে। ফেডাৰেল আমোলাতন্ত্ৰ হ্ৰাস আৰু সংস্কাৰৰ প্ৰচেষ্টাৰ নেতৃত্ব দিয়াৰ পিছত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শীৰ্ষ উপদেষ্টা হিচাপে নিজৰ চৰকাৰী ভূমিকা ত্যাগ কৰিছে এলন মাস্কে ।

এক্সত এক পোষ্ট  শ্বেয়াৰ কৰি কয় মাস্কে কয়, “এজন বিশেষ চৰকাৰী কৰ্মচাৰী হিচাপে মোৰ নিৰ্ধাৰিত সময় শেষ হোৱাৰ লগে লগে অপচয়মূলক ব্যয় হ্ৰাস কৰাৰ সুযোগ পোৱাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক ধন্যবাদ জনাইছো। DOGE মিছন সময়ৰ লগে লগে  অধিক শক্তিশালী হৈ উঠিব কাৰণ ই চৰকাৰ চলোৱাৰ এক পদ্ধতি হৈ পৰিব। এই ঘোষণাৰ পূৰ্বে তেওঁ ট্ৰাম্পৰ “Big Beautifull’  বিলৰ সমালোচনা কৰিছিল।”

উল্লেখ্য যে, মাস্কক আমেৰিকা চৰকাৰত বিশেষ চৰকাৰী কৰ্মচাৰী হিচাপে নিযুক্তি দিয়া হৈছিল – যাৰ অধীনত তেওঁ প্ৰতি বছৰে ১৩০ দিন চৰকাৰৰ কাম-কাজৰ ওপৰত নিজৰ পৰামৰ্শ দিছিল। ২০ জানুৱাৰীত ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ লগে লগে মে’ মাহৰ শেষৰ ফালে এই সীমা সম্পূৰ্ণ হৈছে।হোৱাইট হাউছৰ এজন বিষয়াই সংবাদ প্ৰতিষ্ঠান চেমাফ’ৰক জনোৱা মতে, বিশেষ চৰকাৰী কৰ্মচাৰী হিচাপে মাস্কৰ ‘অফবৰ্ডিং’ বুধবাৰে নিশাৰ পৰা আৰম্ভ হ’ব।

ইয়াৰ পূৰ্বে মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ‘Big Beautifull’ বিধেয়কক সমালোচনা কৰিছিল। য’ত মাল্টি- ট্ৰিলিয়ন ডলাৰৰ কৰ ৰেহাই আৰু প্ৰতিৰক্ষা ব্যয় বৃদ্ধিৰ কথা উল্লেখ আছে। মাস্কে কৈছিল যে তেওঁ এই বিধেয়কক লৈ হতাশ হৈছে, য’ত কৰ কৰ্তন আৰু অনুপ্ৰৱেশ বলবৎকৰণ বৃদ্ধিৰ মিশ্ৰণ অন্তৰ্ভুক্ত কৰা হৈছে। cbsৰ সৈতে হোৱা কথা-বতৰাত মাস্কে ইয়াক ‘বিশাল খৰচৰ বিল’ বুলি অভিহিত কৰে যিয়ে ফেডাৰেল ঘাটি বৃদ্ধি কৰিব আৰু  DOGE  নামেৰে জনাজাত তেওঁৰ চৰকাৰী দক্ষতা বিভাগৰ কাম-কাজত ক্ষতি কৰিব।