Assam News: প্ৰধানমন্ত্ৰীৰ পাকিস্তানক সকীয়নিৰ পৰা অসমত বিৰোধীৰ মিত্ৰতালৈ দিনটোৰ শীৰ্ষ খবৰ
আজি গান্ধীনগৰত গুজৰাট চৰকাৰৰ নগৰ উন্নয়ন কাৰ্যসূচীত ভাষণ দি পুনৰ পাকিস্তানলৈ স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । তেওঁ কয় যে, সন্ত্ৰাসবাদ প্ৰক্সি যুদ্ধ নহয়, বৰঞ্চ পাকিস্তানে গ্ৰহণ কৰা ইচ্ছাকৃত যুদ্ধ কৌশল । চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।
আজি গান্ধীনগৰত গুজৰাট চৰকাৰৰ নগৰ উন্নয়ন কাৰ্যসূচীত ভাষণ দি পুনৰ পাকিস্তানলৈ স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । তেওঁ কয় যে, সন্ত্ৰাসবাদ প্ৰক্সি যুদ্ধ নহয়, বৰঞ্চ পাকিস্তানে গ্ৰহণ কৰা ইচ্ছাকৃত যুদ্ধ কৌশল । সেই অনুসৰি ভাৰতে ইয়াৰ প্ৰতি সঁহাৰি জনাব বুলি স্পষ্ট বাৰ্তা প্ৰধানমন্ত্ৰীৰ।
আজি স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৬১ সংখ্যক মৃত্যু বাৰ্ষিকী । এই উপলক্ষে শান্তিবনত প্ৰাক্তন প্ৰধানমন্ত্ৰীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে । ইফালে, সামাজিক মাধ্যমৰ জৰিয়তে পণ্ডিত জৱাহৰলাল নেহৰুক স্মৰণ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
বাল্যবিবাহৰ বিৰুদ্ধে অসমে লোৱা পদক্ষেপক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । অসমক অনুসৰণ কৰি নিজ নিজ ৰাজ্যত বাল্যবিবাহৰ বিৰুদ্ধে কাম কৰিবলৈ NDA শাসিত অন্য ৰাজ্যসমূক পৰামৰ্শ দিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে । নতুন দিল্লীত অনুষ্ঠিত এন ডি এৰ শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী সন্মিলনত অসমৰ এই পদক্ষেপৰ বিশদ আভাস দাঙি ধৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।