TV9 ASSAM
২০২৪ৰ মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলৰ খিতাপ দখল কৰা ভাৰতীয় ৰেচেল গুপ্তাই নিজৰ মুকুট ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে।
পঞ্জাৱৰ জলন্ধৰৰ পৰা ৰেচেলে ২০২৪ চনৰ অক্টোবৰ মাহত মিছ গ্ৰেণ্ড ইণ্টাৰনেশ্যনেলৰ খিতাপ জয় কৰি ইতিহাসৰ সৃষ্টি কৰিছিল।
এই মুকুট লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হয় ৰেচেল গুপ্তা। অৱশ্যে ৭ মাহৰ ভিতৰত তেওঁ মুকুট ঘূৰাই দিয়াৰ সিদ্ধান্ত লৈছে।
ছচিয়েল মিডিয়াত ৰেচেলে লিখিছে, "মুকুট পিন্ধাটো মোৰ জীৱনৰ অন্যতম সুন্দৰ সপোন আছিল, কিন্তু মুকুট পিন্ধা পিছত প্ৰতিশ্ৰুতি ভংগ হ'ল, আচৰণ বেয়া হ'ল, এনে বিষাক্ত পৰিৱেশ মই মনে মনে সহ্য কৰি থাকিব নোৱাৰো"।
লগতে লিখিছে, "সত্য অতি সোনকালে ওলাই আহিব। এই কথাত আপোনালোক নিশ্চয় হতাশ হৈছে। আপোনালোক সকলোৰে ওচৰত ক্ষমা বিচাৰিছো, কিন্তু এইটো মোৰ বাবে সহজ সিদ্ধান্ত নাছিল"।
ইফালে ৰেচেলে পৰিৱেশৰ বাবে মুকুট ঘূৰাই দিয়াৰ সিদ্ধান্ত লোৱা বুলি ক’লেও আয়োজকসকলে কয় যে তেওঁক এই পদৰ পৰা আঁতৰাই দিয়া হৈছে।
আয়োজকসকলে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে জনাইছে যে ৰেচেলে নিজৰ দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছে, আৰু অনুমতি অবিহনে আন প্ৰকল্পৰ সৈতেও জড়িত হৈ পৰিছে। সেইবাবেই তেওঁক আঁতৰাই দিয়া হৈছে।
চাবলৈ ক্লিক কৰক