TV9 ASSAM
চকুৰ পৰা পানী ওলোৱা বিভিন্ন ৰোগৰ লক্ষণ হ'ব পাৰে। এই লক্ষণসমূহ বিশেষকৈ চকুৰ সংক্ৰমণ, এলাৰ্জী বা চকু শুকান হৈ পৰা আদি হ'ব পাৰে। এই বিষয়ে জনা দৰকাৰ।
চকুত কেতিয়াবা বেক্টেৰিয়া বা ভাইৰাছৰ সংক্ৰমণ হ'ব পাৰে। যাৰ ফলত চকু ফুলা বা পানী ওলাব পাৰে। বহু দিন এনে হৈ থাকিলে চকু বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
চকুত এলাৰ্জী হোৱাৰ ফলতো পানী ওলাব পাৰে। পৰাগজ জ্বৰৰ দৰে এলাৰ্জীৰ ফলত চকুৰ পৰা পানী ওলাব লাগে। চকুত এলাৰ্জী হ'লে খজুৱতি আৰু ৰঙা পৰিব পাৰে।
কেতিয়াবা চকু শুকান হৈ পৰে। তেতিয়া চকুৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰে। ইয়াৰ বাবে চকুত মাজে সময়তে অলপ আৰাম দিয়াৰ প্ৰয়োজন।
চকুৰ পতাৰ সমস্যা, কৰ্ণিয়াত কোনো বস্তু প্ৰৱেশ কৰা, চকুপানীৰ নলী বন্ধ হোৱাৰ ফলতো চকুৰ পৰা পানী ওলাব পাৰে। চকু সদায় সাৱধানে ৰাখিব লাগে। কোনো বস্তু খোচ যাতে নাখাই লক্ষ্য ৰাখিব লাগে।
ধূলিৰ ফলতো চকুৰ পৰা পানী ওলাব পাৰে। কেতিয়াবা কিছু সময় পাছত পানী ওলোৱা বন্ধ হয় কিন্তু কেতিয়াবা বহু দিন থাকে। গতিকে বাহিৰত ওলালে চশমা পিন্ধিব লাগে।
চকু আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। গতিকে যিকোনো সমস্যাই দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। যদি বাৰে বাৰে চকুৰ পৰা পানী ওলাই আছে তেন্তে চিকিৎসকক অৱগত কৰক।
পঢ়িবলৈ ক্লিক কৰক