শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
আই পি এলৰ প্লে' অফত নাথাকে ৭ গৰাকী বিদেশী খেলুৱৈ

আই পি এলৰ প্লে’ অফত নাথাকে ৭ গৰাকী বিদেশী খেলুৱৈ

raj-saikia
Raj Saikia | Published: 28 May 2025 22:15 PM

প্ৰতিটো দলেই অৱশ্যে প্লে'অফৰ বাবে দলত সাল-সলনি কৰিছে । কিন্তু দীৰ্ঘদিন দলৰ সৈতে থাকি ধাৰাবাহিক প্ৰদৰ্শন কৰা খেলুৱৈৰ স্থান আনক দিয়াতো খুবেই কঠিন কাম । এই চাৰিটা দলৰ বাবে যেন পৰৱৰ্তী যুঁজ আৰু অধিক কঠিন হ'ব ।

লীগ পৰ্যায়ৰ অন্ত । এতিয়া নজৰ প্লে’-অফত । প্ৰায় শেষ প্ৰান্তত উপস্থিত আইপিএল ২০২৫ । কোন হ’ব আইপিএলৰ ১৮ সংখ্যক সংস্কৰণৰ চেম্পিয়ন, চলিছে জল্পনা-কল্পনা । খিতাপৰ দৌৰত আছে গুজৰাট টাইটানছ, পঞ্জাব কিংছ, ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছ । ইয়াৰ ভিতৰত মুম্বাই পাঁচবাৰৰ চেম্পিয়ন । গুজৰাটে অভিষেক বৰ্ষতে জয় কৰিছিল ট্ৰফী । কিন্তু পঞ্জাৱ আৰু আৰচিবিৰ এতিয়াও ট্ৰফী জয়ৰ সপোন আধৰুৱা হৈয়েই আছে ।

এইবাৰো তেওঁলোকৰ বাধা হ’ল প্লে’ অফত গুৰুত্বপূৰ্ণ বিদেশী খেলুৱৈৰ অনুপস্থিতি । চাৰিওটা দলৰে একেই অৱস্থা । অনুপস্থিত বিদেশী খেলুৱৈৰ পৰিৱৰ্তে যিসকল বিদেশী খেলুৱৈক স্থান দিয়া হৈছে, তেওঁলোকে কিমান প্ৰভাৱ পেলাব? প্লে’ অফত কোন কোন বিদেশী খেলুৱৈ উপলব্ধ নাথাকিব জানো আহক ।

প্ৰথম দল হিচাপে প্লে’ অফত স্থান সুনিশ্চিত কৰিছিল গুজৰাট টাইটানছে । তেওঁলোক বেটিঙৰ ক্ষেত্ৰত প্ৰথম তিনিগৰাকী খেলুৱৈৰ ওপৰত যথেষ্ট নিৰ্ভৰশীল । তৃতীয়স্থানত বেটিং কৰিবলৈ অহা ইংলেণ্ডৰ উইকেট কীপাৰ বেটছমেন জছ বাটলাৰে সুন্দৰ প্ৰদৰ্শন আগবঢ়াই আহিছে । কিন্তু প্লে’ অফত গুজৰাট টাইটান্সে তেওঁৰ সহযোগিতা নাপাব ।

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ কেইখনমান মেচ খেলিছে জেকব বেথলে । ইংলেণ্ডৰ এইগৰাকী উদীয়মান বেটাৰ প্লে’ অফত নাথাকে আৰ চি বিৰ শিবিৰত । দেশীয় দলৰ হৈ খেলিবৰ বাবে আই পি এল আধাতে সামৰিব লগা হৈছে জেকবে । আৰচিবিয়ে প্লে’ অফত হেৰুৱাব আন এগৰাকী বিদেশী খেলুৱৈক । দক্ষিণ আফ্ৰিকাৰ পেচাৰ লুংগি এনগিডিও বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে উভতি যাব ।

তিনিগৰাকী বিদেশী খেলুৱৈ নাথাকে মুম্বাই ইণ্ডিয়ানছত । লীগ পৰ্যায়ত খুবেই ভাল প্ৰদৰ্শন কৰিছিল তেওঁলোকে । এই তিনিগৰাকী খেলুৱৈ হ’ল উইল জেকছ, কৰবিন বশ আৰু ৰেয়ান ৰিকলটন । উইল জেকছ ইংলেণ্ডৰ, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দেশীয় দলৰ হৈ খেলিব তেওঁ । বাকী দুজন দক্ষিণ আফ্ৰিকাৰ । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল স্কোৱাডত আছে কৰবিন আৰু ৰেয়ান ।

পঞ্জাৱ কিংছৰো সমস্যা একেই । শ্ৰেয়াছ আয়েৰৰ নেতৃত্বত দুৰ্দান্ত প্ৰদৰ্শন কৰিছে পঞ্জাবে । প্ৰথম ট্ৰফী জয়ৰ সপোন । কিন্তু যাত্ৰা পথত ডাঙৰ সমস্যা । লীগ পৰ্যায়ত দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল মাৰ্কো জানছেনে । কিন্তু এইগৰাকী প্ৰোটিয়াৰ্ছ অলৰাউণ্ডাৰক প্লে’অফত দেখা নাপাব । বিশ্বে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল খেলিবৰ বাবে তেৱোঁ পঞ্জাবৰ সংগ এৰিব লগা হৈছে ।

প্ৰতিটো দলেই অৱশ্যে প্লে’অফৰ বাবে দলত সাল-সলনি কৰিছে । কিন্তু দীৰ্ঘদিন দলৰ সৈতে থাকি ধাৰাবাহিক প্ৰদৰ্শন কৰা খেলুৱৈৰ স্থান আনক দিয়াতো খুবেই কঠিন কাম । এই চাৰিটা দলৰ বাবে যেন পৰৱৰ্তী যুঁজ আৰু অধিক কঠিন হ’ব ।