শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
কোনে প্ৰস্তুত কৰিছিল অপাৰেশ্যন সেন্দূৰৰ ল'গ'? জানক ইয়াৰ আঁৰৰ কাহিনী...

কোনে প্ৰস্তুত কৰিছিল অপাৰেশ্যন সেন্দূৰৰ ল’গ’? জানক ইয়াৰ আঁৰৰ কাহিনী…

barasha-sarma
Barasha Sarma | Published: 28 May 2025 22:13 PM

অপাৰেশ্যন সেন্দূৰৰ সমান্তৰালকৈ ইয়াৰ Logoৰ ডিজাইনেও বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। গতিকে প্ৰশ্ন হয়, এই ল'গ' কোনো প্ৰস্তুত কৰিছিল?

ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলাইছিল অপাৰেশ্যন সেন্দূৰ, যাৰ চৰ্চা সমগ্ৰ বিশ্বই কৰিছে। এই অপাৰেশ্যন সেন্দূৰৰ সমান্তৰালকৈ ইয়াৰ Logoৰ ডিজাইনেও বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। গতিকে প্ৰশ্ন হয়, এই ল’গ’ কোনো প্ৰস্তুত কৰিছিল? ইয়াৰ আঁৰৰ অৰ্থ কি?

প্ৰায় সকলোৰে মন জয় কৰা ল’গ’টোৰ ক’লা বেকগ্ৰাউন্টত ডাঙৰ ডাঙৰ বগা ইংৰাজী আখৰেৰে লিখা আছিল অপাৰেশ্যে সেন্দূৰ। ইয়াৰে এটা O ৰ ভিতৰত দেখুওৱা হৈছে সেন্দূৰৰ ৰং। যি বিবাহিতা মহিলাৰ প্ৰতীক,যিয়ে কেৱল পৰম্পৰাই নহয়, শক্তি আৰু আবেগেৰে প্ৰতিনিধিত্ব কৰে। ইয়াৰোপৰি ৰঙা ৰং আছিল বলিদান, ন্যায় আৰু শক্তিৰ প্ৰতীক।