শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আকাশ নহয়, এইবাৰ জলপথত চলিব ইজৰাইলৰ মানৱবিহীন ড্ৰ’ন জাহাজ…

ইজৰাইলে যুদ্ধক্ষেত্ৰত ব্যৱহাৰ কৰা প্ৰযুক্তিৰ বিষয়ে সকলোৱে জানে। পিছে এইবাৰে নিজৰ যুদ্ধক্ষেত্ৰত সংযোগ কৰিছে ড্ৰ'ন। এই ড্ৰ'ন বিশেষ, কিয়নো ই চলিব জলপথত।

আকাশ নহয়, এইবাৰ জলপথত চলিব ইজৰাইলৰ মানৱবিহীন ড্ৰ’ন জাহাজ…
ইজৰাইল ড্ৰ'নImage Credit source: Israel defence force
barasha-sarma
Barasha Sarma | Published: 29 May 2025 13:29 PM

ইজৰাইলৰ প্ৰযুক্তিৰ বিষয়ে বিশ্বই জানে। গাজাৰ লগত চলি থকা যুদ্ধত ইজৰাইলে যুদ্ধ ক্ষেত্ৰত বহু প্ৰযুক্তিৰ ব্যৱহাৰ কৰি আহিছে। এইবাৰ ইজৰাইলে সংযোগ কৰিছে ড্ৰ’ন। এই পদক্ষেপ অতি বিশেষ বুলিব পাৰি, কিয়নো এই ড্ৰ’ন চলিব জলপথত। এক কথাত ই মানৱবিহীৱ যুদ্ধজাহাজ। এই ড্ৰ’ন জাহাসমূহ চালক অবিহনে সকলো কাম কৰিব পাৰে, যেনে- ওচৰ-পাজৰত থকা জাহাজৰ ফটো তোলাা, সাগৰত চোৰাংচোৱাগিৰি কৰা আৰু প্ৰয়োজন অনুসৰি সেনালৈ সতৰ্কবাণী প্ৰেৰণ কৰা। ইজৰাইলৰ এই পদক্ষেপত স্পষ্ট হৈ পৰিছে যে নিজৰ সুৰক্ষাৰ বাবে যিকোনো কৰিবলৈ প্ৰস্তুত ।

ইজৰাইলৰ নৌসেনাই দেশখনৰ এক্সক্লুছিভ ইকনমিক জ’ন (ই ই জেড)ত এই মানৱবিহীন ‘ড্ৰ’ন’ জাহাজ মোতায়েন কৰিছে। ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী (আইডিএফ)ৰ মতে, এতিয়া এইবোৰ মূলতঃ চোৱাচিতাৰ উদ্দেশ্যে ব্যৱহাৰ কৰা হ’ব। এই ড্ৰ’ন জাহাজে ইতিমধ্যে ছবি প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে। ইজৰাইলৰ জলসীমাত কোনোবাই প্ৰৱেশ কৰিছে নে নাই সেই সন্দৰ্ভত ড্ৰ’ন জাহাজে তীক্ষ্ণ নজৰ দিব। ইয়াৰ লগতে নিজৰ জাহাজ আৰু অন্য দেশৰ জাহাজকো নিৰীক্ষণ কৰিব।

ইজৰাইলৰ সেনাই নিজৰ মেৰিটাইম কমাণ্ড চেণ্টাৰৰ পৰা এই ড্ৰ’ন নাওখনৰ পৰা প্ৰেৰণ কৰা তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰিব। প্ৰয়োজন অনুসৰি জলপথত অতিৰিক্ত সৈন্য মোতায়েন কৰিব। নতুন ড্ৰ’ন জাহাজে সজাগ প্ৰহৰীৰ দৰে একচেটিয়া অৰ্থনৈতিক অঞ্চলত পহৰা দিব পাৰিব। এতিয়ালৈকে ইজৰাইলৰ আকাশমাৰ্গত মানৱবিহীন বিমান ব্যৱহাৰ কৰা হৈছিল যদিও এতিয়া জলপথতো ইয়াৰ ব্যৱস্থা কৰিছে। ই ইজৰাইলৰ গুৰুত্বপূৰ্ণ নৌসেনাৰ ঘাটিটোকো পহৰা দিব।

ইতিমধ্যে ইজৰাইলৰ ভূখণ্ডৰ জলসীমাক লৈ চুবুৰীয়া দেশৰ সৈতে বিবাদ চলি আছে। ইজৰাইলৰ ভূখণ্ডৰ জলসীমাক লৈ গাজা, লেবানন আৰু চাইপ্ৰাছৰ সৈতে চলি আছে এই বিবাদ। শেহতীয়াকৈ ইয়াৰ জলভাগৰ এটা বৃহৎ অংশ ই ই জেড (EEZ) হিচাপে ঘোষণা কৰাৰ পিছৰে পৰিস্থিতিৰ আৰু অধিক অৱনতি ঘটে। ইয়াৰ মাজতে ইজৰাইলে জলপথত মানৱবিহীন ড্ৰ’ন নিয়োগ কৰাৰ ব্যৱস্থা কৰিছে।

মুঠতে ইজৰাইলে যিকোনো পদ্ধতিৰে শত্ৰুৰ বিৰুদ্ধে যুঁজিবলৈ সাজু।  ইজৰাইলৰ প্ৰতিৰক্ষা বাহিনী যুদ্ধক্ষেত্ৰত শত্ৰুৰ কৌশল নিৰীক্ষণ আৰু আক্ৰমণ দুয়োটাতে পাকৈত। ইজৰাইলৰ প্ৰতিখন ‘হাৰ্মিছ ৯০০’ মজলীয়া আকাৰৰ ড্ৰ’নেও মাটিৰ পৰা ৩০ হাজাৰ ফুট উচ্চতাত এদিনৰ পৰা দুদিনলৈকে উৰণ কৰিব পাৰে। প্ৰতিটো আই এ হেৰনে ২৫০ কিলোগ্ৰাম পৰ্যন্ত বিস্ফোৰক কঢ়িয়াই নিব পাৰে। ইজৰাইলৰ হাতত আছে অভেদ্য আইৰন ড’ম এয়াৰ ডিফেন্স চিষ্টেম।  ইয়াৰ মাজতে এতিয়া ইজৰাইলৰ যুদ্ধক্ষেত্ৰত নতুনকৈ নিয়োগ হৈছে মানৱবিহীন ড্ৰ’ন।

 

অন্য খবৰ পঢ়কঃ ক্ষমতাৰ লালসা! সেনাৰ অভ্যুত্থান হ’লে কোন দেশলৈ পলায়ন কৰিব মহম্মদ ইউনুছে?