শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আগন্তুক ২-৩ দিনত অসমত হ’ব প্ৰচণ্ড বৰষুণ, বিশেষ সতৰ্কবাণী IMDৰ…সবিশেষ জানক

ভাৰতৰ বতৰ বিজ্ঞান বিভাগে বুধবাৰে কয় যে, আগন্তুক ২-৩ দিনত ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অঞ্চলত প্ৰচণ্ড পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে । ইয়াৰ লগতে আগন্তুক ২৪ ঘণ্টাত সমগ্ৰ অসমত অশুভ বতৰৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান বিভাগে ।

আগন্তুক ২-৩ দিনত অসমত হ’ব প্ৰচণ্ড বৰষুণ, বিশেষ সতৰ্কবাণী IMDৰ…সবিশেষ জানক
অসমৰ বতৰImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 28 May 2025 22:05 PM

আগন্তুক ২-৩ দিনলৈ ৰাজ্যত ধাৰাষাৰ বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰিছে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে । ভাৰতৰ বতৰ বিজ্ঞান বিভাগে বুধবাৰে কয় যে, আগন্তুক ২-৩ দিনত ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অঞ্চলত প্ৰচণ্ড পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে । ইয়াৰ লগতে আগন্তুক ২৪ ঘণ্টাত সমগ্ৰ অসমত অশুভ বতৰৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান বিভাগে ।

আইএমডিয়ে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত কোৱা হৈছে যে, বতৰৰ আৰ্হি অনুসৰি বুধবাৰে পুৱা ৮:৩০ বজাত ওড়িশা উপকূলৰ উত্তৰ-পশ্চিম বংগোপসাগৰৰ ওপৰত এক সুকীয়া নিম্ন চাপৰ অঞ্চল গঠন হৈছে আৰু ইয়াৰ লগত জড়িত ঘূৰ্ণীবতাহ সমুদ্ৰপৃষ্ঠৰ পৰা ৭.৬ কিলোমিটাৰ উচ্চতাত দক্ষিণ দিশলৈ গতি কৰিছে ।

অহা ২৪ ঘণ্টাৰ ভিতৰত ই উত্তৰ দিশলৈ গতি কৰি উত্তৰ বংগোপসাগৰৰ ওপৰত তীব্ৰতৰ হৈ বিপদজনক হৈ পৰা সম্ভাৱনা আছে । যাৰ ফলত ৰাজ্যখনৰ পশ্চিম আৰু দক্ষিণ জিলাৰ ওপৰত বজ্ৰপাত আৰু লগতে প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি, ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, পশ্চিম কাৰ্বি আংলং, কোকৰাঝাৰ, চিৰাং, বজালী, বাক্সা, তামুলপুৰ, নলবাৰী, কামৰূপ (মেট্ৰ), কামৰূপ, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, হোজাই, শোণিতপুৰ আৰু ডিমা হাছাও ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে ।

ধাৰাষাৰ বৰষুণৰ ফলত গুৱাহাটী মহানগৰীত পানী জমা হোৱাৰ লগতে স্থানীয় পাহাৰত ভূমিস্খলনৰ আশংকা বৃদ্ধি কৰিব পাৰে। বিবৃতিটোত লগতে কোৱা হৈছে যে, মহানগৰ কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰু জৰুৰীকালীন সঁহাৰিৰ বাবে সাজু হৈ আছে ।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সমগ্ৰ ৰাজ্যৰ জনসাধাৰণ আৰু বিশেষকৈ গুৱাহাটী চহৰৰ বাসিন্দাসকলক প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰি সজাগ হৈ থাকিবলৈ আহ্বান জনাইছে। দৈনিক যাতায়ত কৰা আৰু দীৰ্ঘ দূৰত্বৰ যাত্ৰীসকলক বতৰৰ পৰিস্থিতি অনুসৰি যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ অনুৰোধ জনোৱা হৈছে । অপ্ৰয়োজনীয় কামত ভ্ৰমণ কৰাৰ পৰা বিৰত থাকিবলৈও কোৱা হৈছে ।