‘পাকিস্তান-প্ৰেমী’ সংগঠনৰ সৈতে সেনা প্ৰধানৰ গোপন বৈঠক, কি চলিছে বাংলাদেশত?
বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানে জামাত-ই-ইছলামীৰ সৈতে এক বৈঠকত মিলিত হয়। শনিবাৰে নিশা সেনা প্ৰধানৰ বাসগৃহত অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত অংশগ্ৰহণ কৰে জামাতৰ মুৰব্বী আৰু আমিৰ চৈয়দ আব্দুল্লাহ মহম্মদ তাহেৰে ।
বাংলাদেশত পুনৰ ইউনুছ চৰকাৰ আৰু সেনাৰ মাজত পুনৰ আৰম্ভ হৈছে সংঘাত। বহিঃপ্ৰকাশ ঘটিছে ম্যানমাৰৰ ৰাখাইনক লৈ সেনাবাহিনীৰ মনত থকাৰ ক্ষোভৰ। পদ্মা নদীৰ পাৰত ঘটিছে এই ক্ষোভৰ উদগীৰণ। ইয়াৰ মাজতে দেশখনৰ সেনাধ্যক্ষই লৈছে আন এক ডাঙৰ পদক্ষেপ। বাংলাদেশৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানে জামাত-ই-ইছলামীৰ সৈতে এক বৈঠকত মিলিত হয়। শনিবাৰে নিশা সেনা প্ৰধানৰ বাসগৃহত অনুষ্ঠিত হয় এই বৈঠক। বৈঠকত অংশগ্ৰহণ কৰে জামাতৰ মুৰব্বী আৰু আমিৰ চৈয়দ আব্দুল্লাহ মহম্মদ তাহেৰে ।
কিন্তু হঠাতে কিয় দেশখনৰ ‘পাকিস্তান-প্ৰেমী’ সংগঠনটোৰ সৈতে বৈঠকত বহিবলগীয়া হ’ল সেনা প্ৰধানজনে? যদিও ৱাকাৰ-উজ-জামানে এই বিষয়ত মুখ খোলা নাছিল, তথাপিও সোমবাৰে জামাতৰ মুৰব্বীগৰাকীয়ে কয় যে, ‘এই বৈঠকখন আচলতে সৌজন্যমূলক আহ্বান।’ সেনাধ্যক্ষৰ সৈতে কি আলোচনা হ’ল বুলি সোধাত জামাতৰ মুৰব্বীগৰাকীয়ে কয়, ‘বাংলাদেশৰ সামগ্ৰিক পৰিস্থিতিৰ বিষয়ে বৈঠকত আলোচনা কৰা হৈছে। অৱশ্যে অতি গুৰুত্বপূৰ্ণ বিষয়বোৰৰ ওপৰত আলোচনা নহ’ল।’