Morning News: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ…
ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ...
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- পুনৰ কৃত্ৰিম বানত বুৰ গ’ল গুৱাহাটী মহানগৰী। পুৱাৰে পৰা অহা ধাৰাষাৰ বৰষুণৰ ফলত চানমাৰি, নবীন গগৰ, হাতীগাওঁ আদি বিভিন্ন প্ৰান্তত কৃত্ৰিম বান।
- উৎকোচ লৈ গ্ৰেপ্তাৰ গৌৰীপুৰ আৰক্ষী থানাৰ যান-বাহন শাখাৰ আৰক্ষী। ১০ হেজাৰ টকা উৎকোচ লোৱাৰ বাবে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে মমতা বৰ্মনক।
- খিলঞ্জীয়া লোকক ARMS LICENSE প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি শৃংখল চলিহাৰ। কেৱল অনুজ্ঞাপত্ৰই নহয়, চৰকাৰে যোগান ধৰক মাৰণাস্ত্ৰও, চৰকাৰক আহ্বান শৃংখল চলিহাৰ।
- অসামৰিক লোকৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে ভাৰত-পাকিস্তান সীমান্তৱৰ্তী কেইবাখনো ৰাজ্যত মক ড্ৰিল অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰা হৈছিল । ২৯ মে’ বৃহস্পতিবাৰে এই ৰাজ্য কেইখনত মক ড্ৰিল হোৱাৰ কথা আছিল । কিন্তু শেহতীয়া খবৰ অনুসৰি, প্ৰশাসনিক কাৰণত কেইবাখনো ৰাজ্যত এই পৰিকল্পনা বাতিল কৰা হৈছে।
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগে বুধবাৰে কয় যে, আগন্তুক ২-৩ দিনত ৰাজ্যৰ পশ্চিম আৰু দক্ষিণ অঞ্চলত প্ৰচণ্ড পৰা অতি প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে । ইয়াৰ লগতে আগন্তুক ২৪ ঘণ্টাত সমগ্ৰ অসমত অশুভ বতৰৰ ভৱিষ্যদ্বাণী কৰিছে বতৰ বিজ্ঞান বিভাগে ।
- গৌৰৱ গগৈক পাকিস্তানৰ এজেন্ট আখ্যা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লগতে কয় যে, গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ পাকিস্তানৰ সৈতে গভীৰ সম্পৰ্ক আছে।
- যুদ্ধ বিৰতিৰ পাছত ভাৰত-পাকিস্তানৰ মাজত যুদ্ধৰ উত্তেজনা হ্ৰাস পাইছে যদিও সীমান্ত ৰাজ্য়সমূহৰ পৰা এতিয়াও বিপদ আঁতৰা নাই । সেয়েহে কাইলৈ সীমান্তৱৰ্তী চাৰি ৰাজ্যত হ’ব মক ড্ৰিল ।
- সৰ্বদলীয় প্ৰতিনিধি দলৰ সদস্য সাংসদ শশী থাৰুৰক কংগ্ৰেছ নেতা উদিত ৰাজে বিজেপিৰ ছুপাৰ মুখপাত্ৰ আখ্যা দিছে । কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে এইখন চৰকাৰত এনেকুৱা হৈছে যে বিজেপিয়ে সেনাবাহিনীৰ কৃতিত্ব লৈছে । কংগ্ৰেছ চৰকাৰত সেনাৰ এই কাৰ্যক ৰাজহুৱা কৰা হোৱা নাছিল ।
- ভাৰতত পুনৰ বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা। মহাৰাষ্ট্ৰ, কেৰালা, উত্তৰ প্ৰদেশ, বিহাৰৰ দৰে ৰাজ্যত বৃদ্ধি পাইছে সংক্ৰমণৰ সংখ্যা। নতুন ভেৰিয়েণ্ট LF.7, XFG, JN.1 আৰু NB.1.8.1 আদি দেখা গৈছে যদিও বেছিভাগ ক্ষেত্ৰতে লক্ষণসমূহ মৃদু। সকলোকে আতংকিত নহ’বলৈ আহ্বান ৰাজ্য চৰকাৰে
লগতে পঢ়ক- দৈনিক ৰাশিফল