শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
আত্মনিৰ্ভৰ ভাৰত: ভাৰতে ঘৰতেই নিৰ্মাণ কৰিব পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান

আত্মনিৰ্ভৰ ভাৰত: ভাৰতে ঘৰতেই নিৰ্মাণ কৰিব পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান

raj-saikia
Raj Saikia | Published: 28 May 2025 22:15 PM

এৰোনটিকেল ডেভেলপমেণ্ট এজেন্সীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে যুদ্ধ বিমানৰ ডিজাইন আৰু ডেভেলপ কৰে । তেওঁলোকৰ সপোনৰ প্ৰকল্প হৈছে AMCA । চৰকাৰী আৰু ব্যক্তিগত কোম্পানীয়ে এতিয়া সেই প্ৰকল্পত অংশগ্ৰহণৰ সমান সুযোগ লাভ কৰিছে ।

প্ৰতিৰক্ষা সঁজুলি উৎপাদনত অধিক স্বাৱলম্বী হৈ পৰিছে ভাৰত । বৰ্তমান মাত্ৰ তিনিখন দেশৰ মালিকানাধীন উন্নত যুদ্ধ বিমান উৎপাদনৰ ক্ষেত্ৰত ভাৰত এখোজ আগবাঢ়িছে । এইবাৰ ভাৰতৰ হাতলৈ আহিব পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান আৰু ইয়াক ঘৰুৱাভাৱে নিৰ্মাণ কৰা হ’ব । ঔদ্যোগিক অংশীদাৰিত্বৰ জৰিয়তে নিৰ্মাণ কৰা হ’ব এডভান্সড মিডিয়াম কম্বেট এয়াৰক্ৰাফ্ট । মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে AMCA প্ৰগ্ৰেম এক্সিকিউচন মডেলত অনুমোদন জনায় । দেশৰ চৰকাৰী আৰু ব্যক্তিগত কোম্পানীসমূহে যৌথভাৱে বা ব্যক্তিগতভাৱে অংশগ্ৰহণ কৰিব পাৰে এই কাৰ্যসূচীত ।

এৰোনটিকেল ডেভেলপমেণ্ট এজেন্সীয়ে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বাবে যুদ্ধ বিমানৰ ডিজাইন আৰু ডেভেলপ কৰে । তেওঁলোকৰ সপোনৰ প্ৰকল্প হৈছে AMCA । চৰকাৰী আৰু ব্যক্তিগত কোম্পানীয়ে এতিয়া সেই প্ৰকল্পত অংশগ্ৰহণৰ সমান সুযোগ লাভ কৰিছে । প্ৰতিৰক্ষা মন্ত্ৰীয়ে মঙলবাৰে এক্সিকিউচন মডেলত অনুমোদন জনায় । চৰকাৰী আৰু ব্যক্তিগত কোম্পানীসমূহে ব্যক্তিগতভাৱে বা যৌথভাৱে এক্সিকিউশ্যন মডেলৰ বাবে নিবিদা দিয়াৰ সুযোগ লাভ কৰিছে । অৱশ্যে সেই কোম্পানীটো ভাৰতীয় কোম্পানী হ’ব লাগিব আৰু ভাৰতীয় আইন মানি চলিব লাগিব ।

এতিয়ালৈকে মাত্ৰ তিনিখন দেশতহে এই পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান আছে । সেই তিনিখন দেশ হ’ল আমেৰিকা, ৰাছিয়া আৰু চীন । AMCA এ ষ্টীল্থ প্ৰযুক্তি ব্যৱহাৰ কৰে । ফলত এই যুদ্ধ বিমানখন শত্ৰুৰ ৰাডাৰে ধৰা পেলাব নোৱাৰে । সাধাৰণ যুদ্ধ বিমানতকৈ ই ওখ আৰু অধিক বেগেৰে উৰিব পাৰে ।

জানিব পৰা মতে, ভাৰতে ২০৩০ চনৰ পিছত এই পঞ্চম প্ৰজন্মৰ যুদ্ধ বিমান নিৰ্মাণ আৰম্ভ কৰিব । এই যুদ্ধ বিমানসমূহে নিৰ্দিষ্ট লক্ষ্যত আঘাত কৰিবলৈ সক্ষম হ’ব । মহাকাশ খণ্ডত আত্মনিৰ্ভৰশীলতাৰ পথত এয়া এক ডাঙৰ মাইলৰ খুঁটি হ’ব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে । বিশেষজ্ঞসকলে কয় যে এই যুদ্ধ বিমান ভাৰতীয় সেনাৰ হাতলৈ অহাৰ পাছত শত্ৰু দেশৰ বিৰুদ্ধে যুঁজত ভাৰত এখোজ আগুৱাই যাব ।