শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

৩৬ বছৰ কাৰাগাৰত কটোৱা পাছত পুনৰ গ্ৰেপ্তাৰ, নোবেল বঁটা বিজয়ী নৰ্গিছ মহম্মদীৰ বিৰুদ্ধে কিয় কঠোৰ ইৰাণ চৰকাৰ?

মাছহাদত খোছৰ’ আলিকোৰ্ডিৰ স্মৃতিচাৰণ অনুষ্ঠানৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। সমৰ্থকসকলে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত মহম্মদীয়ে হিজাব নোহোৱাকৈ ৰাইজক সম্বোধন কৰি শ্ল’গান দিয়া দেখা গৈছে।

৩৬ বছৰ কাৰাগাৰত কটোৱা পাছত পুনৰ গ্ৰেপ্তাৰ, নোবেল বঁটা বিজয়ী নৰ্গিছ মহম্মদীৰ বিৰুদ্ধে কিয় কঠোৰ ইৰাণ চৰকাৰ?
manas-borah
Manas Borah | Published: 13 Dec 2025 09:03 AM

শুকুৰবাৰে ইৰাণত পুনৰ গ্ৰেপ্তাৰ কৰা হয় শান্তি নোবেল বঁটা বিজয়ী নৰ্গেছ মহম্মদীক। মহম্মদীয়ে এক স্মৃতিচাৰণ সভাত অংশগ্ৰহণ কৰি থকাৰ সময়তে ইৰাণৰ নিৰাপত্তা বাহিনীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁক পূৰ্বেও গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল যদি ৫৩ বছৰীয়া মহম্মদীক ২০২৪ চনৰ পৰা চিকিৎসাৰ বাবে অস্থায়ীভাৱে মুকলি কৰি দিয়া হৈছিল আৰু তেওঁক পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হোৱা নাছিল।

মহম্মদীয়ে ৩৬ বছৰ কাৰাদণ্ড ভুগিছিল। প্ৰকাশিত খবৰ অনুসৰি, শেহতীয়াকৈ তেওঁৰ কাৰ্যালয়ত মৃত অৱস্থাত উদ্ধাৰ হোৱা অধিবক্তা খোছৰ’ আলিকোৰ্ডিৰ স্মৃতিচাৰণ অনুষ্ঠানৰ সময়ত নিৰাপত্তা আৰু আৰক্ষী বাহিনীয়ে মহম্মদীক গ্ৰেপ্তাৰ কৰে। ইৰাণৰ দ্বিতীয় বৃহত্তম চহৰ মাছহাদত গ্ৰেপ্তাৰ কৰা হয় মহম্মদীক।

২০২৩ চনত মহম্মদীয়ে শান্তিৰ নোবেল বঁটা লাভ কৰিছিল। প্ৰকাশিত খবৰ অনুসৰি, তেওঁৰ ফাউণ্ডেচনে উল্লেখ কৰিছে যে, মাছহাদত খোছৰ’ আলিকোৰ্ডিৰ স্মৃতিচাৰণ অনুষ্ঠানৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। সমৰ্থকসকলে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত মহম্মদীয়ে হিজাব নোহোৱাকৈ ৰাইজক সম্বোধন কৰি শ্ল’গান দিয়া দেখা গৈছে।

মহম্মদীৰ ফাউণ্ডেচনে তেওঁক গ্ৰেপ্তাৰ কৰা সময় আৰু পৰিস্থিতিৰ তথ্য প্ৰদান কৰিছে। অৱশ্যে তেওঁক গ্ৰেপ্তাৰ সন্দৰ্ভত কোনো বিবৃতি প্ৰকাশ কৰা হোৱা নাই।

২০২৪ চনৰ ডিচেম্বৰৰ পৰা আৰম্ভ কৰি তিনি সপ্তাহৰ বাবে চিকিৎসাৰ ভিত্তিত মহম্মদীক অস্থায়ীভাৱে মুকলি কৰি দিয়া হৈছিল আৰু তাৰ পিছত কেইবামাহলৈ মুকলি কৰি দিয়া হৈছিল। যোৱা বছৰৰ শেষৰ ফালে হাৰ্ট এটেক, ডাঙৰ অস্ত্ৰোপচাৰ আৰু হাড়ৰ টিউমাৰ আঁতৰোৱা আদি চিকিৎসাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ কাৰাগাৰত বন্দী হোৱাটো সংকটজনক হ’ব পাৰে বুলি চিকিৎসকে সকীয়াই দিছিল।

দুৰ্বল স্বাস্থ্যৰ মাজতো মহম্মদীয়ে দেশখনত সক্ৰিয় হৈ আছে। তেওঁ প্ৰায়ে বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আহিছে। ৩৬ বছৰ কাৰাগাৰত কটাবলগীয়া হৈছে মহম্মদীয়ে। ৫ বাৰ দোষী সাব্যস্ত হোৱাৰ লগতে ১৩ বাৰ কাৰাগাৰত বন্দী হৈছে। ২০২১ চনত শেষবাৰৰ বাবে কাৰাবন্দী হৈছিল মহম্মদী।