December 12, 2025
TV9 ASSAM
পেটৰ আলচাৰে বদহজম, জ্বলা-পোৰা আৰু বিষ আদি সমস্যাৰ সৃষ্টি কৰে। দীৰ্ঘদিন ধৰি চিকিৎসা নকৰিলে ই গুৰুতৰ ৰূপ ল’ব পাৰে।
বেক্টেৰিয়াৰ সংক্ৰমণ, অত্যধিক মানসিক চাপ, ধূমপান আৰু মদ্যপান ইয়াৰ প্ৰধান কাৰণ। ই পিছত কেন্সাৰৰ ৰূপ লোৱাৰো সম্ভাৱনা থাকে।
বেয়া খাদ্যাভ্যাস, অত্যধিক তেলীয়া বা টেঙা খাদ্যই আলচাৰ সৃষ্টি কৰিব পাৰে। এই সমস্যা প্ৰতিৰোধৰ উপায় কি জানক।
পেটৰ আলচাৰ প্ৰতিৰোধৰ বাবে স্বাস্থ্যসন্মত আৰু সময়োপযোগী খাদ্য গ্ৰহণ কৰক। একে সময়তে তেলীয়া, টেঙা আৰু উচ্চ এচিডযুক্ত খাদ্য পৰিহাৰ কৰক।
বেছি সময় ভোকত নাথাকিব। সময়মতে খাদ্য গ্ৰহণ কৰক। বেছি সময় খালী পেটত থাকিলে আলচাৰ হোৱাৰ সম্ভাৱনা থাকে।
ধূমপান আৰু মদ্যপান পৰিহাৰ কৰক। ই আলচাৰ হোৱাৰ প্ৰধান কাৰণ। অত্যধিক কেতিয়াও ধূমপান আৰু মদ্যপান নকৰিব।
ইয়াৰ লগতে চিকিৎসকৰ পৰামৰ্শ অবিহনে ঔষধ গ্ৰহণ নকৰিব। মানসিক চাপ কম কৰিবলৈ যোগ বা ধ্যান কৰক। সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰাওক।
পঢ়িবলৈ ক্লিক কৰক