শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আদালতত পৰৱৰ্তী পদক্ষেপ কি হ’ব ? চাৰ্জশ্বীটৰ কপি লাভ কৰিব পাৰেনে ?

আদালতত দাখিল কৰা হ’ল চাৰ্জশ্বীট। ইয়াৰ লগে লগে এই প্ৰশ্নো সকলোৰে মনত উত্থাপন হৈছে যে, চাৰ্জশ্বীট দাখিল কৰাৰ পাছত আদালতত পৰৱৰ্তী পদক্ষেপ কি হ’ব ?

আদালতত পৰৱৰ্তী পদক্ষেপ কি হ’ব ? চাৰ্জশ্বীটৰ কপি লাভ কৰিব পাৰেনে ?
manas-borah
Manas Borah | Updated On: 12 Dec 2025 16:44 PM

অসমীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰা বিশেষ তদন্তকাৰী দলে শুকুৰবাৰে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত এই গোচৰৰ অভিযোগনামা দাখিল কৰে। কোৱা হৈছে যে, প্ৰমাণ, সাক্ষ্যৰ সৈতে ৩৫০০ পৃষ্ঠাৰ ওপৰৰ অভিযোগনামাখন চাৰিটা ট্ৰাংকত আদালতলৈ অনা হৈছিল। ৬ খন বাহনৰ কনভয়ত আদালতত উপস্থিত হয় ৯ জনীয়া এছ আই টি দলটো। ইয়াৰ লগে লগে এই প্ৰশ্নো সকলোৰে মনত উত্থাপন হৈছে যে, চাৰ্জশ্বীট দাখিল কৰাৰ পাছত আদালতত পৰৱৰ্তী পদক্ষেপ কি হ’ব ?

পৰৱৰ্তী পদক্ষেপ কি হ’ব ?

ইণ্ডিয়া টুডে নৰ্থ ইষ্টৰ এক প্ৰতিবেদন অনুসৰি, এগৰাকী অধিবক্তাই ব্যাখ্যা কৰে যে, “এবাৰ তদন্তকাৰী দলে চাৰ্জশ্বীট মুখ্য ন্যায়িক দণ্ডাধীশ (চি জে এম)ৰ সন্মুখত ৰাখিলে, ন্যায়াধীশে…অভিযোগনামাত থকা তথ্যসমূহ পুনৰীক্ষণ কৰিব।” তেওঁ লগতে কয় যে, এই পৰ্যায়ৰ পিছত নথিখন সত্ৰ ন্যায়াধীশ আদালতলৈ প্ৰেৰণ কৰা হয়, য’ত চাৰ্জশ্বীট পঞ্জীয়ন কৰি ইয়াক কেছ নম্বৰ নিৰ্ধাৰণ কৰে।”

তেওঁৰ মতে, বিচাৰ ক্ষমতাৰ প্ৰয়োজনীয়তাৰ ওপৰত নিৰ্ভৰ কৰি সত্ৰ আদালতে হয় বিচাৰ প্ৰক্ৰিয়া আগবঢ়াই নিব পাৰে নহয় বিষয়টো আন এখন যোগ্য আদালতলৈ হস্তান্তৰ কৰিব পাৰে। তেওঁ উল্লেখ কৰে যে,“অভিযোগনামাখন নিৰ্দিষ্ট পৰিস্থিতিতহে জনসাধাৰণৰ বাবে সুলভ হৈ পৰে। যদি জনসাধাৰণৰ কোনো সদস্যই আবেদন দাখিল কৰে, তেতিয়া চাৰ্জশ্বীটৰ কপি লাভ কৰিব পাৰে। এই ক্ষেত্ৰত নীতি-নিয়ম আছে।”

ইফালে, আন এগৰাকী অধিবক্তাই কয় যে, আজি চাৰ্জশ্বীট দাখিল কৰিছে। চাৰ্জশ্বীটখন জমা দিয়াৰ পাছত মুখ্য ন্যায়িক দণ্ডাধীশে চাব। চি জে এমে সকলোখিনি পুনৰীক্ষণ কৰি তাক চীল কৰিব। গোচৰটো যিহেতু হত্যাকাণ্ডৰ গোচৰ, গতিকে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত নহয়। এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সত্ৰ ন্যায়াধীশ আদালতত চলিব। গতিকে এই গোচৰটো তালৈ প্ৰেৰণ কৰিব লাগিব। গোচৰটো সত্ৰ আদালতলৈ প্ৰেৰণ কৰাৰ বাবে সময়ৰ প্ৰয়োজন হ’ব পাৰে। যিহেতু চাৰ্জশ্বীটখন ৩৫০০ পৃষ্ঠাৰ বুলি কোৱা হৈছে। গতিকে চাৰ্জশ্বীটখন পুনৰীক্ষণ কৰাৰ বাবে সময়ৰ প্ৰয়োজন হ’ব পাৰে।

সাঁতুৰি থকা অৱস্থাত ৰহস্যজনক পৰিস্থিতিত মৃত্যু !

যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত ৰহস্যজনক পৰিস্থিতিত মৃত্যু হয় শিল্পী জুবিন গাৰ্গৰ। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ তেওঁ সেই দেশলৈ গৈছিল। শিল্পীগৰাকীৰ মৃত্যুৰ তদন্তৰ বাবে অসম চৰকাৰে বিশেষ ডিজিপি এম পি গুপ্তাৰ নেতৃত্বত এছ আই টি গঠন কৰিছিল। এই গোচৰৰ সৈতে জড়িত এতিয়ালৈকে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। এই গোচৰত প্ৰায় ৩০০ লোকৰ সাক্ষ্য লোৱা হৈছে।