শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত দোষী সাব্যস্ত হ'লে সৰ্বোচ্চ শাস্তি কি হ'ব ?

জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত দোষী সাব্যস্ত হ’লে সৰ্বোচ্চ শাস্তি কি হ’ব ?

manas-borah
Manas Borah | Published: 12 Dec 2025 17:32 PM

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত চাৰিজনৰ বিৰুদ্ধে বিএনএছএছ ধাৰা ১০৩ লগোৱা হৈছে। জুবিনৰ হত্যাৰ গোচৰত অভিযুক্ত দোষী সাব্যস্ত হ'লে শাস্তি কি হ'ব ? কি ক'লে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে ?

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলে মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত অভিযোগনামা দাখিল কৰে। আজি দাখিল কৰা অভিযোগনামা সন্দৰ্ভত জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, “দাখিল কৰা ৩৫০০ পৃষ্ঠাৰ অভিযোগনামা অনুসৰি গ্ৰেপ্তাৰ হোৱা সাতজন ব্যক্তিৰ ভিতৰত চাৰিজনৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ নং ধাৰাত হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে। যিটো ধাৰাত সৰ্বোচ্চ মৃত্যুদণ্ড বা যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি আছে। এই ধাৰাত গোচৰ ৰুজু কৰাসকলৰ ভিতৰত আছে-শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী আৰু অমৃত প্ৰভা মহন্ত।

আনফালে, নিলম্বিত এপিএছ বিষয়া সন্দীপন গাৰ্গৰ বিৰুদ্ধে বিএনএছৰ ১০৫ নং ধাৰাত অভিযোগ উত্থাপন কৰা হৈছে, য’ত “Culpable Homicide Not Amounting to Murder” বুলি কোৱা হৈছে। ইয়াৰ অধিবক্তাগৰাকীয়ে আৰু কি ক’লে ?