জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট দাখিলৰ পৰা অৰুণালচলৰ পথ দুৰ্ঘটনাৰ উদ্ধাৰ অভিযানলৈ দিনটোৰ শীৰ্ষ খবৰ
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট দাখিল কৰিলে এছ আই টিয়ে। চাৰিজনক হত্যাৰ গোচৰত অভিযুক্ত। ইফালে অৰুণাচলত অব্যাহত আছে দুৰ্ঘটনাত পতিত শ্ৰমিকৰ উদ্ধাৰ অভিযান। চাওক দিনটোৰ শীৰ্ষ খবৰসমূহ-
আজি দিনটোৰ শীৰ্ষ ৯ টা খবৰত চকু ফুৰাওক পলকতে-
১. দাখিল কৰা হ’ল জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ চাৰ্জশ্বীট। এই গোচৰৰ তদন্তৰ বাবে চৰকাৰী গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে আজি আদালতত দাখিল কৰে ৩৫০০ পৃষ্ঠাজোৰা চাৰ্জশ্বীট। ১৮/২০২৫ নং গোচৰটোৰ তদন্তৰ চাৰ্জশ্বীটত আছে প্ৰায় ৭,০০০ পৃষ্ঠা, য’ত সংলগ্ন প্ৰায় ৩,৫০০ পৃষ্ঠাৰ নথি-পত্ৰ।
২. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীটত হত্যাৰ অভিযোগত অভিযুক্ত কৰা হৈছে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। ভাৰতীয় ন্যায় সংহিতাৰ ১০৩ ধাৰা ত হত্যাকাৰী হিচাপে অভিযুক্ত কৰা হৈছে চাৰিওগৰাকীক। সান্দীপন গাৰ্গৰ বিৰুদ্ধে অনিচ্ছাকৃতভাৱে হত্যাৰ অভিযোগৰ বিপৰীতে দুই PSO ৰ বিৰুদ্ধে অপৰাধমূলক আস্থা ভংগৰ অভিযোগ তোলা হৈছে।
৩. জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বীট দাখিলৰ পাছত এতিয়া ন্যায়িক গতি ল’ব বিষয়টোৱে। গোচৰটো যিহেতু হত্যাকাণ্ডৰ গোচৰ, গতিকে ইয়াৰ বিচাৰ প্ৰক্ৰিয়া মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত নহয়। এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সত্ৰ ন্যায়াধীশ আদালতত চলিব। এই গোচৰত প্ৰায় ৩০০ লোকৰ সাক্ষ্য লোৱা হৈছে।
৪. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট দাখিল হোৱাৰ লগে লগেই ৰাজ্যত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া। হত্যাৰ গোচৰত অভিযুক্ত চাৰিওজনকে ফাঁচী দিয়াৰ দাবী জুবিন গাৰ্গৰ অনুৰাগীৰ। শিল্পীগৰাকীক উচিত ন্যায় দিবলৈ অশ্ৰুসিক্ত নয়নেৰে অনুৰোধ জনালে অনুৰাগীসকলে।
৫. পাকিস্তানৰ সৈতে সম্পৰ্কৰ অভিযোগত তেজপুৰত গ্ৰেপ্তাৰ এগৰাকী মহিলাক। জ্যোতিকা কলিতা নামৰ মহিলাগৰাকী বিয়া হৈছিল এজন পাকিস্তানী লোকৰ সৈতে। বিদেশী মুদ্ৰাৰ লেনদেনৰ এক গোচৰত ডুবাইৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহিলাগৰাকীক। আদালতে বৰ্তমান মহিলাগৰাকীক প্ৰেৰণ কৰিছে ন্যায়িক জিম্মালৈ।
৬. জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চাৰ্জশ্বীট দাখিল সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে এইবাৰ গৌৰৱ গগৈৰ পাল। ইফালে জানুৱাৰী মাহ ১ তাৰিখে ছাত্ৰসকলৰ বাবে বাবু আঁচনি মুকলি কৰাৰো আশ্বাস দিলে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।
৭. অৰুণাচলত শোকাৱহ দুৰ্ঘটনাত পতিত হোৱা অসমৰ তিনিচুকীয়া জিলাৰ শ্ৰমিকৰ দলটোৰ উদ্ধাৰ অভিযান আজিও অব্যাহত আছে। ঘটনাস্থলীত আজি উপস্থিত হয় মন্ত্ৰী বিমল বড়া। ইফালে অসম চৰকাৰে মৃত শ্ৰমিকৰ পৰিয়াললৈ পাঁচ লাখকৈ টকাৰ এককালীন সাহায্য আগবঢ়াব বুলি কোকৰাঝাৰত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ২১ জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাইছে এই দুৰ্ঘটনাত।
৮. দেশৰ প্ৰাক্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী শিৱৰাজ পাটিলৰ দেহাৱসান। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা নেতাগৰাকীয়ে ৯১ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও উচ্চ পদবীত অধিষ্ঠিত হোৱা পাটিলে লাটুৰ লোকসভা সমষ্টিৰ পৰা সাতবাৰ কংগ্ৰেছৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল।
৯. যোৱা নিশা এক প্ৰবল ভূমিকম্পই জোকাৰি যায় জাপানক। আওমৰিৰ হাচিনোহেত এই কম্পন অনুভৱ কৰা হয়। ৰিখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৬.৭ আৰু গভীৰতা ১০.৮ কিলোমিটাৰ। এই ভূমিকম্পৰ পাছতেই বিভিন্ন অঞ্চলত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। ভূমিকম্পৰ লগে লগে ছুনামীৰ সতৰ্কবাণী জাৰি কৰিছে বিভাগীয় কৰ্তৃপক্ষই। সাৱধানে থাকিবলৈ আহ্বান জনোৱা হৈছে সকলোকে।